ETV Bharat / bharat

skin-to-skin contact : বম্বে উচ্চ ন্যায়ালয়ৰ ৰায়ক 'অপমানজনক' আখ্যা বেণুগোপালৰ

author img

By

Published : Aug 25, 2021, 2:30 PM IST

Updated : Aug 25, 2021, 3:18 PM IST

শেহতীয়াকৈ বম্বে উচ্চ ন্যায়ালয়ে ৰায় দিছিল যে, শৰীৰত স্পৰ্শ হ'লেহে পকচো আইন(POCSO ACT)ৰ অধীনত যৌন নিৰ্যাতন হোৱা বুলি বিবেচিত কৰা হ'ব । বম্বে উচ্চ ন্যায়ালয়ৰ এই ৰায়ক লৈ সমগ্ৰ দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । মঙলবাৰে এটৰ্নি জেনেৰেল কে কে বেণুগোপালে বম্বে উচ্চ ন্যায়ালয়ৰ এই ৰায়ক অপমানজনক আখ্যা দিয়ে ।

Bombay HC order on 'skin-to-skin contact' for POSCO offences
শিশুৰ যৌন নিৰ্যাতন সন্দৰ্ভত বম্বে উচ্চ ন্যায়ালয়ৰ ৰায়ক 'অপমানজনক' আখ্যা বেণুগোপালৰ

নেশ্যনেল ডেস্ক, ২৫ আগষ্ট: শিশুৰ যৌন নিৰ্যাতন সন্দৰ্ভত বম্বে উচ্চ ন্যায়ালয়(Bombay High Court)ৰ ৰায়ক 'অপমানজনক' আখ্যা দিলে এটৰ্ণী জেনেৰেল কে কে বেণুগোপালে(K K Venugopal) । বম্বে উচ্চ ন্যায়ালয়ে ৰায় দিছিল যে, কাপোৰৰ ওপৰৰ পৰা স্পৰ্শ কৰিলে সেয়া নিৰ্যাতন বুলি মানি লোৱা নহয় । অভিযুক্তই শৰীৰত স্পৰ্শ হ'লেহে পকচো আইন(POCSO ACT)ৰ অধীনত যৌন নিৰ্যাতন হিচাপে গণ্য কৰা হ'ব ।

বম্বে উচ্চ ন্যায়ালয়ৰ এই ৰায়ক লৈ সমগ্ৰ দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । মঙলবাৰে এটৰ্নি জেনেৰেল কে কে বেণুগোপালে এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ক কয় যে, প্ৰতি বছৰে পকচো আইনৰ অধীনত ৪৩,০০০ গোচৰ ৰুজু কৰা হয় আৰু বম্বে উচ্চ ন্যায়ালয়ৰ এনে সিদ্ধান্তই ইয়াৰ ব্যাপক প্ৰভাৱ পেলাব । ন্যায়াধীশ ইউ ইউ ললিত আৰু অজয় ৰস্তোগীৰ বিচাৰপীঠৰ সন্মুখত এটৰ্ণী জেনেৰেলে কয় যে, বম্বে উচ্চ ন্যায়ালয়ে এই ক্ষেত্ৰত সন্তুষ্টিজনক ৰায়দান কৰা নাই ।

বম্বে উচ্চ ন্যায়ালয়ে কৈছিল যে, যদি কোনো প্ৰত্যক্ষ শাৰীৰিক সম্পৰ্ক নাথাকে, যৌন নিৰ্যাতন চলোৱাৰ অভিপ্ৰায়েৰে শৰীৰত স্পৰ্শ নকৰে তেন্তে, যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইনৰ অধীনত এয়া অপৰাধ হিচাপে গণ্য কৰা নহ'ব ।" কে কে বেণুগোপালে যুক্তি দৰ্শাইছিল যে, এনে সিদ্ধান্তই অপৰাধজনিত ঘটনা বৃদ্ধি কৰিব ।

লগতে পঢ়ক: ধৰ্ষণৰ অভিযুক্ত হ’ল "ৰাষ্ট্ৰৰ সম্পদ"; পালে জামিন

তেওঁ উদাহৰণ দাঙি ধৰি কয় যে, যদি শৰীৰত প্ৰত্যক্ষভাৱে স্পৰ্শ কৰিলেহে নিৰ্যাতন বুলি গণ্য কৰা হয়, তেন্তে অস্ত্ৰোপচাৰৰ সময়ত ব্যৱহাৰ কৰা হাত মোজা পিন্ধি কোনো ব্যক্তিয়ে এগৰাকী কিশোৰীক হাৰাশাস্তি কৰিব পাৰে আৰু তেতিয়া সেয়া যৌন নিৰ্যাতন বুলি গণ্য কৰা নহ'ব ।

মহাৰাষ্ট্ৰ চৰকাৰ আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগে(National Women Commission)ও বম্বে উচ্চ ন্যায়ালয়ৰ ৰায়ক লৈ অসন্তুষ্টি ব্যক্তি কৰি এই ৰায় সন্দৰ্ভত পুনৰ বিবেচনা কৰাৰ বাবে আহ্বান জনাইছে । আয়োগে অধিবক্তা নীতিন চালুজাৰ জৰিয়তে উচ্চ ন্যায়ালয়ৰ আদেশৰ বিৰুদ্ধে পৃথক আবেদন দাখিল কৰিছে । আয়োগে কৈছে যে, যদি শাৰীৰিক সম্পৰ্কৰ এনে বিকৃত ব্যাখ্যাৰ দাঙি ধৰা হয়, তেন্তে সমাজত যৌন নিৰ্যাতনৰ বলি হোৱা মহিলাসকলৰ অধিকাৰৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব ।

লগতে মহিলাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লক্ষ্যৰে প্ৰণয়ন কৰা বিভিন্ন আইনৰ অধীনত আইনী সুৰক্ষা লাভৰ পৰা ভুক্তভোগী মহিলা বঞ্চিত হ'ব । আয়োগে লগতে উল্লেখ কৰিছে যে, পকচো আইন ৭ নং ধাৰা অনুসৰি, নিৰ্যাতনৰ অভিপ্ৰায়েৰে অপৰাধীৰ দ্বাৰা হোৱা স্পৰ্শকো যৌন নিৰ্যাতন বুলি গণ্য কৰা হয় । শৰীৰত স্পৰ্শ কৰাতোহে যৌন নিৰ্যাতন বুলি গণ্য কৰাতো যুক্তিসংগত নহয় বুলি আয়োগে কয় । উচ্চতম ন্য়ায়ালয়ে এই আবেদনৰ চমু শুনানিৰ পিছত স্থগিতাদেশ জাৰি কৰে ।

লগতে পঢ়ক:আফগানিস্তানৰ পৰা ভাৰতলৈ অহা ১৬ গৰাকীৰ দেহত Covid 19

Last Updated : Aug 25, 2021, 3:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.