ETV Bharat / bharat

Kochi Convention Center Blast : কোচিৰ আই ই ডি বিস্ফোৰণ ৰিম'ট নিয়ন্ত্ৰিত: কেৰালা আৰক্ষী

author img

By ANI

Published : Oct 31, 2023, 3:13 PM IST

কোচিৰ আইইডি বিস্ফোৰণ ৰিম'ট নিয়ন্ত্ৰিত; কেৰালা আৰক্ষী
Kochi Convention Center Blast

অভিযুক্তক ৩০ অক্টোবৰৰ সন্ধিয়া প্ৰায় ৬-৭ বজাত গ্ৰেপ্তাৰ কৰা হয় আৰু মঙলবাৰে আদালতত হাজিৰ কৰায় । আৰক্ষীয়ে সন্দেহজনক ডমিনিক মাৰ্টিনৰ বিৰুদ্ধে অধিক প্ৰমাণ সংগ্ৰহ কৰিবলৈ এৰ্নাকুলামৰ আথানিত থকা তেওঁৰ বাসগৃহলৈ লৈ যায় ।

নিউজ ডেস্ক, ৩১ অক্টোবৰ : কেৰালা আৰক্ষীয়ে পুনৰ নিশ্চিত কৰিছে যে কোচি সন্মিলন কেন্দ্ৰত বিস্ফোৰণ সন্দেহযুক্ত ডমিনিক মাৰ্টিনেই সংঘটিত কৰিছিল । ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে । মঙলবাৰে কেৰালা আৰক্ষীৰ বিষয়াসকলে জনোৱা অনুসৰি, এই বিস্ফোৰণটো এটা ৰিম'ট নিয়ন্ত্ৰিত ইম্প্ৰুভাইজড এক্সপ্লোছিভ ডিভাইচেৰে (আইইডি) সংঘটিত কৰা হৈছিল ।

আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্তৰ ওচৰত আই ই ডি বিস্ফোৰণৰ বাবে ক্ৰয় কৰা সামগ্ৰীৰ বিলো আছে । ডমিনিকে য'ত এই সামগ্ৰী ক্ৰয় কৰিছিল, তেওঁ সেই ঠাইৰ ভিডিঅ' বনাইছিল । আৰক্ষীয়ে জনোৱা অনুসৰি, "ডমিনিকৰ শাহুৱেকো উক্ত স্থানত উপস্থিত আছিল, য'ত তেওঁ বিস্ফোৰণটো সংঘটিত কৰিছিল । অভিযুক্তই তেওঁৰ শাহুৱেকক ঘটনাস্থলীলৈ যোৱাত বাধা দিবলৈ তেওঁৰ পত্নীক ফোন কৰিছিল । কিন্তু তেওঁৰ পত্নীয়ে ফোন উঠোৱা নাছিল ।"

কেৰালা আৰক্ষীয়ে সন্দেহ কৰিছে যে তেওঁৰ এটা ফ্লেটত আই ই ডি নিৰ্মাণ কৰিছিল । ফ্লেটটো তেওঁ এটা কোম্পানীত কাম কৰা ল'ৰাসকলক ভাড়াত দিছিল । তেওঁ দিনটোত কাম কৰাৰ অচিলা লৈ তালৈ গৈছিল আৰু আই ই ডি নিৰ্মাণ কৰিছিল । আই ই ডিটো এটা মোনাত ৰখা হৈছিল আৰু আতচবাজী আৰু পেট্ৰ'ল পাউচবোৰো তাৰ ভিতৰত ৰখা হৈছিল যাতে বিস্ফোৰণৰ পিছত তাত জুই লাগে ।

বিস্ফোৰণৰ পিছত অভিযুক্ত মাৰ্টিনে ত্ৰিশূৰত মিৰাকল ৰেছিডেন্সী নামৰ এখন হোটেল ভাড়ালৈ লৈছিল আৰু ভিডিঅ'টো তাত থকা কোঠাটোৰ পৰা ফেচবুকত আপলোড কৰিছিল । ভিডিঅ'টো আপলোড কৰাৰ ১৫ মিনিটৰ ভিতৰত তেওঁ হোটেলৰ পৰা ওলাই গৈছিল । হোটেলৰ কৰ্মচাৰীসকলে তেওঁক ইমান সোনকালে ওলাই যোৱাৰ কাৰণ সুধিছিল । তেতিয়াই অভিযুক্তই কৈছিল যে তেওঁৰ পৰিয়ালটো এটা দুৰ্ঘটনাত পতিত হৈছিল ।

উল্লেখ্য যে অভিযুক্তক ৩০ অক্টোবৰৰ সন্ধিয়া প্ৰায় ৬-৭ বজাত গ্ৰেপ্তাৰ কৰা হয় আৰু মঙলবাৰে আদালতত হাজিৰ কৰায় । আৰক্ষীয়ে সন্দেহজনক ডমিনিক মাৰ্টিনৰ বিৰুদ্ধে অধিক প্ৰমাণ সংগ্ৰহ কৰিবলৈ এৰ্নাকুলামৰ আথানিত থকা তেওঁৰ বাসগৃহলৈ লৈ যায় । "মাৰ্টিনক ইউএপিএ, বিস্ফোৰক আইন, ধাৰা ৩০২ আৰু ৩০৭-ৰ অধীনত অভিযুক্ত কৰা হৈছে । এই গ্ৰেপ্তাৰ সোমবাৰে সন্ধিয়া ৭ বজাত পঞ্জীয়ন কৰা হয় । তেওঁক মঙলবাৰে আদালতত হাজিৰ কৰোৱা হ'ব ।" কেৰালা আৰক্ষী বিষয়াসকলে কয় ।

লগতে পঢ়ক :Oppositions leader phone hack : 'আদানিৰ প্ৰসংগ আনিলেই চৰকাৰে চোৰাংচোৱাগিৰি আৰম্ভ কৰে'-ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.