ETV Bharat / bharat

বিজেপিয়ে গণতন্ত্ৰক হত্যা কৰিছে: বিজেপিৰ বিৰুদ্ধে অগ্নিবাণ মমতাৰ

author img

By

Published : Jun 23, 2022, 10:40 PM IST

বিজেপিয়ে গণতন্ত্ৰক হত্যা কৰিছে
বিজেপিয়ে গণতন্ত্ৰক হত্যা কৰিছে

"মই অসমক দোষ দিয়া নাই । কিন্তু, এক ভয়ংকৰ বান হৈছে । সেই বানপানীৰ সৈতে মোকাবিলা কৰাৰ পৰিৱৰ্তে, তেওঁলোকে অসম চৰকাৰক কিয় বিব্ৰত কৰিছে ৷ এইটো মানুহৰ বাবে কাম কৰাৰ সময় । প্ৰয়োজন হ'লে তেওঁলোকক ইয়ালৈ প্ৰেৰণ কৰক ৷ মই তেওঁলোকক মনোৰঞ্জন দিম আৰু গণতন্ত্ৰৰ স্বাৰ্থত তেওঁলোকক সুৰক্ষা দিম" মমতা বেনাৰ্জী (Maharashtra political crisis) ৷

নিউজ ডেস্ক, 23 জুন : বৰ্তমান মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটে অধিক বেয়া ৰূপ লোৱাত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰেৰ কাষত থিয় দিছে (Mamata Banerjee stands with Uddhab Thackeray) ৷ বিজেপিক তীব্ৰ আক্ৰমণ কৰি মমতাই কয়, "গণতন্ত্ৰক দুৰ্বল কৰি তোলা হৈছে । মই এই ঘটনাটোত হতাশ । মহাৰাষ্ট্ৰ চৰকাৰে ন্যায় পোৱা উচিত । বিজেপিয়ে গণতন্ত্ৰ ধ্বংস কৰিব বিচাৰে’’ (Maharashtra political crisis) ৷

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সন্দৰ্ভত মমতা বেনাৰ্জীয়ে কয়, "এই মূহুৰ্তত বিজেপিৰ এক লাখতকৈও কম ভোট আছে । সেইকাৰণে তেওঁলোকে মহাৰাষ্ট্ৰ চৰকাৰক অনৈতিকভাৱে লাজ দিবলৈ চেষ্টা কৰি আছে । এয়া অসাংবিধানিক । মোৰ প্ৰশ্ন হৈছে, তেওঁলোকে ইমান টকা পাইছে । আপোনালোকে সেইটো কেনেদৰে কৰিব ? এইটো হাৱালাৰ টকা নেকি ? মই নাজানো তেওঁলোকক চিবিআই বা ইডিয়ে গ্ৰেপ্তাৰ কৰিছে নে নাই’’ ৷

তেওঁ আৰু কয়, ‘‘ইডিয়ে মোৰ দলৰ ২০০ জন সদস্যক জাননী দিছে । মই জানো তেওঁলোক দোষী নহয় । এইটো দুৰ্নীতি নহয় নেকি যে বিজেপিয়ে কোটি কোটি টকা বিতৰণ কৰি বিধায়ক ক্ৰয় কৰিছে ? সেই সকলোবোৰ পৰিষ্কাৰ নেকি ? যিসকলে টকাৰে বিধায়ক ক্ৰয় কৰি আছে তেওঁলোকক কোনে শাস্তি দিব" ?

মহাৰাষ্ট্ৰৰ ঘটনা (Maharashtra political updates) সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি মমতাই লগতে কয়, "মই অসমক দোষ দিয়া নাই । কিন্তু, এক ভয়ংকৰ বান হৈছে । সেই বানপানীৰ সৈতে মোকাবিলা কৰাৰ পৰিৱৰ্তে, তেওঁলোকে অসম চৰকাৰক কিয় বিব্ৰত কৰিছে ৷ এইটো মানুহৰ বাবে কাম কৰাৰ সময় । প্ৰয়োজন হ'লে তেওঁলোকক ইয়ালৈ প্ৰেৰণ কৰক ৷ মই তেওঁলোকক মনোৰঞ্জন দিম আৰু গণতন্ত্ৰৰ স্বাৰ্থত তেওঁলোকক সুৰক্ষা দিম" ৷

মমতাৰ ভাষাত, "এই মূহুৰ্তত মহাৰাষ্ট্ৰৰ পৰিস্থিতি অতি 'আচৰিত'৷ বিৰোধীৰ কণ্ঠস্বৰ কোনো প্ৰকাৰে ৰুদ্ধ কৰিব নোৱাৰি । বিৰোধী দলবোৰে বিজেপি শাসনৰ অধীনত অস্তিত্বৰ সংকটত ভুগি আছে ৷ বিৰোধীক তেওঁলোকে যি ধৰণে দমন কৰি আছে সেয়া নিন্দনীয় ৷ এইটো পাহৰিব নালাগে যে এদিন বিজেপিৰো বিচ্ছেদ হ'ব পাৰে । তেতিয়া তেওঁলোকৰ কি হ'ব ?’’ ৷

লগতে পঢ়ক : MAHA political updates : যিকোনো মূহুৰ্তত বিজেপিয়ে গঠন কৰিব পাৰে চৰকাৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.