ETV Bharat / bharat

Congress Election Manifesto Burnt : কৰ্ণাটকত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰৰ প্ৰতিলিপি দাহ বিজেপি নেতাৰ

author img

By

Published : May 4, 2023, 4:44 PM IST

বৃহস্পতিবাৰে বিজেপি নেতা কে এছ ঈশ্বৰাপ্পাই কংগ্ৰেছৰ কৰ্ণাটক নিৰ্বাচনৰ ইস্তাহাৰৰ এটা প্ৰতিলিপিত অগ্নিসংযোগ কৰে (KS Eshwarappa set fire Congress election manifesto) । আনহাতে, এই কাৰ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে, ইস্তাহাৰ জ্বলোৱাটো ভাল কথা নহয় ।

Congress Election Manifesto Burnt
Congress Election Manifesto Burnt

নিউজ ডেস্ক, ৪ মে' : নিৰ্বাচনী উত্তাপে দহিছে দক্ষিণ ভাৰতৰ ৰাজ্য কৰ্ণাটক (Karnataka election 2023) । বিশেষকৈ বিজেপি-কংগ্ৰেছৰ আক্ৰমণ-প্ৰত্যাক্ৰণে উত্তপ্ত কৰি তুলিছে ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ । দুয়োটা দলেই ৰাজ্যত শাসন ক্ষমতা দখলৰ বাবে ইটোৱে সিটোৰ ওপৰত আনিছে অভিযোগ-প্ৰতি অভিযোগ । তাৰ মাজতে কংগ্ৰেছে প্ৰকাশ কৰা কৰ্ণাটক নিৰ্বাচনৰ ইস্তাহাৰক লৈ বিজেপিয়ে ক্ষুৰধাৰ সমালোচনা কৰিছে দেশৰ সবাতোকৈ পুৰণি দলটোক (BJP slams congress in Karnataka) ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছৰ ইস্তাহাৰত বজৰং দলক ৰাজ্যখনত নিষিদ্ধ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাক লৈ আক্ৰমণেৰে থকাসৰকা কৰিছে কংগ্ৰেছক । এইবাৰ এই আক্ৰমণত আন এক মাত্ৰা সংযোগ কৰিলে ৰাজ্যখনৰ বিজেপি নেতা কে এছ ঈশ্বৰাপ্পাই (KS Eshwarappa set fire Congress election manifesto) । প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা কে এছ ঈশ্বৰাপ্পাই ৰাজ্যখনৰ বিজেপি কাৰ্যালয়ত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰৰ এটা প্ৰতিলিপিত জুই লগাই দি বজৰং দলক নিষিদ্ধ কৰাৰ কংগ্ৰেছ দলৰ নীতিক গৰিহণা দিয়ে ।

বৃহস্পতিবাৰে বিজেপিৰ জিলা কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে, কংগ্ৰেছে দেশবিৰোধী ইস্তাহাৰেৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছে । দেশত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই থকা পিএফআইপন্থী কংগ্ৰেছে এতিয়া জাতীয়তাবাদী বজৰং দলক নিষিদ্ধ কৰাৰ কথা কৈছে বুলি অসন্তুষ্টি প্ৰকাশ কৰি কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰৰ এটা প্ৰতিলিপি জ্বলাই দিয়ে ঈশ্বৰাপ্পাই (BJP leader burnt congress election manifesto) ।

পিছত এই সন্দৰ্ভত বক্তব্য ৰাখি ঈশ্বৰাপ্পাই কংগ্ৰেছৰ ইস্তাহাৰক কেৱল মহম্মদ আলী জিন্নাৰ ইস্তাহাৰ হিচাপে সংজ্ঞায়িত কৰাই নহয়, এনে দেশবিৰোধী ইস্তাহাৰ তৎক্ষণাৎ প্ৰত্যাহাৰ কৰিবলৈও দাবী জনায় । তেওঁ কয়, কংগ্ৰেছ দলতো কিছুমান জাতীয়তাবাদী আছে । অৱশ্যে শেহতীয়াকৈ কংগ্ৰেছ দলটো প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া আৰু কেপিচিচিৰ সভাপতি ডি কে শিৱকুমাৰৰ (KPCC president DK Shivakumar) দৰে বৰ্ণবাদীৰ হাতত পৰিছে । তেওঁ কয় যে, দলটোৰ নিৰ্বাচনী ইস্তাহাৰ 'হিন্দু বনাম মুছলমানৰ নিৰ্বাচন'ৰ দৰে হৈছে ।

আনহাতে, ঈশ্বৰাপ্পাই কংগ্ৰেছক প্ৰত্যাহ্বান জনাই কয় যে, এই ক্ষেত্ৰত যদি কংগ্ৰেছ দলৰ আনুগত্য স্পষ্ট হয় তেন্তে তেওঁলোকক ঘোষণা কৰিবলৈ দিয়ক যে, তেওঁলোকে হিন্দুসকলৰ ভোট নিবিচাৰে । আমি বিশ্বাসঘাতক মুছলমানসকলৰ ভোট নিবিচাৰোঁ । তেওঁ লগতে দাবী কৰে যে, বিজেপিক দেশপ্ৰেমী মুছলমানসকলৰ ভোটৰ প্ৰয়োজন ।

ইফালে ইস্তাহাৰ জ্বলোৱা সন্দৰ্ভত ৰাজ্যখনৰ কালাবুৰাগীত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে বজৰং দলৰ ওপৰত ইস্তাহাৰত নিষেধাজ্ঞা আৰোপ সন্দৰ্ভত উত্তৰ দিয়ে । আনহাতে, ইস্তাহাৰ খচৰা সমিতিৰ সভাপতি পৰমেশ্বৰ, কেপিচিচিৰ সভাপতি ডি কে শিৱকুমাৰ, সুৰজেৱালায়ো ইয়াৰ উত্তৰ দিয়ে ।

আনহাতে, কংগ্ৰেছ হিন্দুবিৰোধী বুলি কৰা বিজেপিৰ অভিযোগৰ প্ৰত্যুত্তৰ দি খাৰ্গেয়ে কয় যে এইটো তেওঁৰ সমস্যা । তেওঁৰ বিশ্বাস বেলেগ, আমাৰ বিশ্বাস বেলেগ । মই এজন হিন্দু আৰু আপুনিও এজন হিন্দু । কিন্তু আপোনাৰ স্বাধীনতাৰ লগত মোৰ নিমিলে ।

লগতে পঢ়ক :Kharge over Manipur violence : বিজেপিৰ ঘৃণা আৰু বিভাজনৰ ৰাজনীতি দায়ী; মণিপুৰৰ হিংসা সন্দৰ্ভত খাৰ্গে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.