ETV Bharat / bharat

অহংকাৰী বিজেপি চৰকাৰৰ বিৰুদ্ধে ন্যায়ৰ জয়ৰ প্ৰতীক; বিলকিছ বানু প্ৰসংগত ৰাহুল গান্ধী

author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 5:31 PM IST

বিলকিছ বানু প্ৰসংগত ৰাহুল গান্ধী
বিলকিছ বানু প্ৰসংগত ৰাহুল গান্ধী

Rahul Gandhi Reacts on Bilkis Banu Verdict : কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সোমবাৰে বিলকিছ বানু গোচৰৰ ১১ জন দোষীক দুসপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ কোৱা উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক আদৰণি জনাইছে । আনহাতে, শীৰ্ষ ন্যায়ালয়ে ৰায় প্ৰদানৰ পিছত কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বীগৰাকীয়ে গুজৰাটৰ বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ কৰে ।

নিউজ ডেস্ক, ৮ জানুৱাৰী : বিলকিছ বানু গোচৰত দুসপ্তাহৰ ভিতৰত ১১ জন দোষীক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়া উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰশংসা কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । এই সন্দৰ্ভত সোমবাৰে তেওঁ কয় যে বিলকিছ বানুৰ অক্লান্ত সংগ্ৰাম অহংকাৰী বিজেপি চৰকাৰৰ বিৰুদ্ধে ন্যায়ৰ জয়ৰ প্ৰতীক ।

  • चुनावी फायदे के लिए ‘न्याय की हत्या’ की प्रवृत्ति लोकतांत्रिक व्यवस्था के लिए खतरनाक है।

    आज सुप्रीम कोर्ट के फैसले ने एक बार फिर देश को बता दिया कि ‘अपराधियों का संरक्षक’ कौन है।

    बिलकिस बानो का अथक संघर्ष, अहंकारी भाजपा सरकार के विरुद्ध न्याय की जीत का प्रतीक है।

    — Rahul Gandhi (@RahulGandhi) January 8, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

"নিৰ্বাচনী লাভৰ বাবে 'ন্যায়ক হত্যা'ৰ প্ৰৱণতা গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে বিপজ্জনক । আজি উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তই দেশক পুনৰ এবাৰ দেখুৱাই দিছে যে কোন 'অপৰাধীৰ পৃষ্ঠপোষক' । বিলকিছ বানুৰ অক্লান্ত সংগ্ৰাম অহংকাৰী বিজেপি চৰকাৰৰ বিৰুদ্ধে ন্যায়ৰ বিজয়ৰ প্ৰতীক ।" কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী ৰাহুল গান্ধীয়ে এক্স পোষ্টত এনেদৰে কয় ।

উল্লেখ্য যে "আইনৰ শাসন বলৱৎ কৰিবলগা স্থানত আবেগ আৰু সহানুভূতিৰ কোনো ভূমিকা নাই" বুলি উল্লেখ কৰি শীৰ্ষ আদালতে সোমবাৰে বিলকিছ বানু গোচৰৰ ১১ জন দোষীক দুসপ্তাহৰ ভিতৰত গুজৰাটৰ কাৰাগাৰ কৰ্তৃপক্ষৰ সন্মুখত আত্মসমৰ্পণ কৰিবলৈ কয় । বিলকিছ বানু গোচৰত দোষীসকলক প্ৰদান কৰা ৰেহাই বাতিল কৰাৰ পিছত ন্যায়াধীশ বিভি নাগাৰাথনা আৰু উজ্জল ভূঞাক লৈ গঠিত এখন বিচাৰপীঠে সকলো অভিযুক্তক কাৰাগাৰলৈ ঘূৰাই পঠিয়াব লাগে বুলি ৰায় প্ৰদান কৰে ।

আনহাতে, ৰাহুল গান্ধীৰ ভগ্নী তথা জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কয় যে ইয়াৰ দ্বাৰা ন্যায় ৰক্ষা পৰিছে । "অৱশেষত ন্যায় ৰক্ষা হৈছে । উচ্চতম ন্যায়ালয়ে গুজৰাট সংঘৰ্ষৰ সময়ত দলবদ্ধ ধৰ্ষণৰ বলি হোৱা বিলকিছ বানুৰ অভিযুক্তৰ মুক্তি বাতিল কৰিছে । এই আদেশৰ দ্বাৰা ভাৰতীয় জনতা পাৰ্টীৰ নাৰী বিদ্বেষী নীতিৰ ওপৰত থকা আঁৰ কাপোৰ আঁতৰ কৰা হৈছে । এই আদেশৰ পিছত ন্যায় ব্যৱস্থাৰ ওপৰত জনসাধাৰণৰ আস্থা অধিক শক্তিশালী হ'ব । সাহসেৰে যুঁজ অব্যাহত ৰখাৰ বাবে বিলকিছ বানুক অভিনন্দন ।" প্ৰিয়ংকাই এক্সত লিখে ।

ইফালে কংগ্ৰেছ নেতা পৱন খেৰায়ো শীৰ্ষ আদালতৰ আদেশক আদৰণি জনায় । "গুজৰাট চৰকাৰৰ দ্বাৰা বিলকিছ বানু গোচৰৰ ১১ জন ধৰ্ষণকাৰীক মুক্তি দিয়া সিদ্ধান্ত বাতিল কৰাৰ উচ্চতম ন্যায়ালয়ৰ ৰায়টোৱে নাৰীৰ প্ৰতি বিজেপিৰ নিষ্ঠুৰ অৱজ্ঞা উন্মোচন কৰিছে ! যিসকলে এই অপৰাধীসকলক অবৈধভাৱে মুক্তি দিয়াত সহায় কৰিছিল আৰু লগতে যিসকলে দোষীক মালা পিন্ধাইছিল আৰু তেওঁলোকক মিঠাই খুৱাইছিল, তেওঁলোকৰ মুখত এইটো এটা প্ৰচণ্ড চৰ । ইয়াৰ দ্বাৰা ন্যায় ৰক্ষা পৰিছে । ভাৰতে ন্যায় ব্যৱস্থাক ভুক্তভোগী বা অপৰাধ কৰা অপৰাধীৰ ধৰ্ম বা জাতিৰ হৈ ওকালতি কৰিবলৈ নিদিয়ে ।" খেৰাই তেওঁৰ এক্স হেণ্ডেলত লিখিছে ।

লগতে পঢ়ক :উচ্চতম ন্যায়ালয়ত বিলকিছ বানুৰ বৃহৎ জয়; দোষীক ৰেহাইৰ আদেশ বাতিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.