ETV Bharat / bharat

Indian shot dead in Mexico: মেক্সিকো চহৰত ডকাইতৰ আক্ৰমণত নিহত ভাৰতীয় নাগৰিক

author img

By

Published : Aug 22, 2023, 2:19 PM IST

Indian shot dead in Mexico
মেক্সিকো চহৰত ডকাইতৰ আক্ৰমণত নিহত ভাৰতীয় নাগৰিক

মেক্সিকো চহৰৰ আলগাৰিন অঞ্চলত বাইকত অহা ডকাইতৰ দলে ভাৰতীয় নাগৰিকক লুটি লৈ যায় । ডকাইতৰ গুলীত নিহত হয় এজন ভাৰতীয় । আন এজন লোক আহত হয় ।

ইণ্টাৰনেশ্যনেল ডেস্ক,২২ আগষ্ট : মেক্সিকো চহৰত চাঞ্চল্যকৰ গুলীচালনা । অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে এজন ভাৰতীয় নাগৰিকক । আনহাতে দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণত আহত আন এজন লোক । জানিব পৰা মতে দুৰ্বৃত্তৰ দলটোৱে তেওঁলোকক লুণ্ঠন কৰি লৈ যায় । ৰাজধানী চহৰৰ আলগাৰিন চুবুৰীয়া অঞ্চলত ১৯ আগষ্টত সংঘটিত হয় এই ঘটনাটো । মেক্সিকোৰ ভাৰতীয় দূতাবাসে এই কথা নিশ্চিত কৰাৰ লগতে মেক্সিকো প্ৰশাসনক অতি শীঘ্ৰে অপৰাধীসকলক গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনাইছে ।

দেওবাৰে এক্স-ত পোষ্ট কৰি দূতাবাসে কয় যে, এক অত্যন্ত দুখজনক আৰু হৃদয়বিদাৰক ঘটনাত মেক্সিকোত বাস কৰা এজন ভাৰতীয় নাগৰিকক কৰুণভাৱে গুলীয়াই হত্যা কৰা হৈছে । দূতাবাসে ভুক্তভোগী লোকজনৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি আছে আৰু সকলো সমৰ্থন আগবঢ়াইছে । দূতাবাসে জনোৱা মতে মেক্সিকান কৰ্তৃপক্ষক অতি শীঘ্ৰে অপৰাধীসকলক আটক কৰিবলৈ দাবী জনাইছে ।

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অচিনাক্ত ডকাইতৰ দলে মেক্সিকো চহৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপৰ ঠাইডোখৰৰ পৰা ভাৰতীয় নাগৰিকসকলৰ পৰা ১০,০০০ ডলাৰ লুটি লৈ যায় । আৰক্ষীয়ে জনোৱা মতে দুখন মটৰচাইকেলত ৪ জন লোক আহিছিল আৰু ভাৰতীয় নাগৰিককেইজনক আক্ৰমণ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে । আৰক্ষীয়ে জনোৱা মতে দুৰ্বৃত্তৰ দলটোৰ গুলীৰ আঘাতত মৃত্যু হৈছে এগৰাকী ভাৰতীয় নাগৰিকৰ । আনহাতে আহত আন এজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

আৰক্ষীয়ে জনোৱা মতে তেওঁলোক এই ঘটনাক লৈ উদ্বিগ্ন হৈ আছে । আৰক্ষীয়ে অপৰাধীসকলক আটক কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । আনহাতে, ভুক্তভোগীৰ সকলো সাহায্যৰ বাবেও তেওঁলোকে কাম অব্যাহত ৰাখিছে । ভুক্তভোগীৰ পৰিয়ালক ন্যায় প্ৰদান কৰিবলৈ সংস্থাসমূহে নিৰন্তৰ কাম অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, মেক্সিকোত ভাৰতীয় সম্প্ৰদায়ৰ লোক আছে প্ৰায় ৮,০০০ গৰাকী । তাৰ প্ৰায় এক পঞ্চমাংশ মেক্সিকো চহৰত বাস কৰে । বাকীসকল গুয়াদালাজাৰা, মণ্টেৰী, কুয়েৰনাভাকা, কুৱেৰেটাৰো, কানকুনত বাস কৰি আছে । ভাৰতীয় লোকসকলৰ বেছিখিনিয়ে তথ্য প্ৰযুক্তি কোম্পানীৰ বাবে কাম কৰে । ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানীৰ কাৰ্যবাহী, শিক্ষাবিদ আৰু কিছুমান ব্যৱসায়ীও আছে । ফাৰ্মাচিউটিকেল, বস্ত্ৰ আৰু পোছাকৰ ব্যৱসায়তো একাংশ লোক জড়িত আছে ।

লগতে পঢ়ক :Honey Trapping : হানী ট্ৰেপিঙৰ জালত পৰিল IPS বিষয়া, 50 লাখ টকা বিচাৰি ব্লেকমেইল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.