ETV Bharat / bharat

বিহাৰ আনলক: 23 জুনৰ পৰা এশ শতাংশ কৰ্মচাৰী উপস্থিত থাকিব কাৰ্যালয়ত

author img

By

Published : Jun 22, 2021, 1:42 PM IST

Bihar eases COVID lockdown curbs
বিহাৰ আনলক

ক'ভিড-19ৰ সংক্ৰমণ কিছু হ্ৰাস পোৱাৰ লগে লগে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে সোমবাৰে লকডাউন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আংশিক শিথিলতা ঘোষণা কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে এক পৰ্যালোচনা বৈঠকৰ জৰিয়তে এই সিদ্ধান্ত লয় আৰু টুইটযোগে সন্ধিয়ালৈ এই কথা সদৰি কৰে ৷

নেশ্যনেল,22 জুন : অসম আৰু দিল্লীৰ পাচত সান্ধ্য আইন তথা আংশিক লকডাউনত কিছু শিথিলতা আনিছে বিহাৰ চৰকাৰে ৷ ক'ভিড-19ৰ সংক্ৰমণ কিছু হ্ৰাস পোৱাৰ লগে লগে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে সোমবাৰে লকডাউন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আংশিক শিথিলতা ঘোষণা কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে এক পৰ্যালোচনা বৈঠকৰ জৰিয়তে এই সিদ্ধান্ত লয় আৰু টুইটযোগে সন্ধিয়ালৈ এই কথা সদৰি কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰা মতে, ৰাজ্যখনত 22 জুনৰ পৰা সন্ধিয়া 7 বজালৈকে সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে আন আন সামগ্ৰীৰ দোকান সমূহো খোলা ৰাখিব পাৰিব ৷

ইয়াৰ লগতে 23 জুনৰ পৰা 6 জুলাইলৈ ৰাজ্যখনৰ প্ৰতিটো চৰকাৰী তথা বেচৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীসকল উপস্থিত থাকিব লাগিব আৰু ৰাজহুৱা উদ্যান সমূহো ৰাতিপুৱা 6 বজাৰ পৰা নিশা 12 বজালৈকে খোলা থাকিব ৷ অৱশ্যে, ৰাজ্যখনত নিশা 9 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈকে অব্যাহত থাকিব সান্ধ্য আইন ৷ তাৰ সমান্তৰালভাৱে প্ৰতিগৰাকী লোকে মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰখাতো বাধ্যতামূলক ৷ পুনৰ যাতে ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি নহয় তাৰ প্ৰতি গৰাকী লোকে সচেতন হ'ব লাগিব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷

উল্লেখ্য যে, ৰাজ্যখনত ক'ভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ পাচত 5মে'ৰ পৰা সম্পূৰ্ণ লকডাউন জাৰি কৰা হৈছিল। দেশৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত ৰাজ্যসমূহৰ ভিতৰত বিহাৰো এখন অন্যতম ৰাজ্য ৷ শেহতীয়াভাৱে দৈনিক আক্ৰান্ততৰ সংখ্যা হ্ৰাস হোৱাত ৰাজ্য চৰকাৰে সান্ধ্যআইন আৰু লকডাউন শিথিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ স্বাস্থ্য তথ্য অনুসৰি, বিহাৰত বৰ্তমান 3,189 গৰাকী ক'ভিড আক্ৰান্ত চিকিৎসাধীন হৈ আছে ৷

একেদৰে, ক'ভিড-19ৰ নিষেধাজ্ঞাৰ ক্ষেত্ৰত আৰু অধিক শিথিলতা প্ৰদান কৰি অৱশেষত বাৰ আৰু ৰাজহুৱা উদ্যান খোলাৰ অনুমতি দিছে দিল্লী চৰকাৰে ৷ সেই অনুসৰি, সোমবাৰৰ পৰা ৰাষ্ট্ৰৰ ৰাজধানী দিল্লীত বাৰসমূহৰ লগতে ৰাজহুৱা উদ্যান, বাগিচা আৰু গ'ল্ফ ক্লাৱসমূহ খোলা ৰাখিছে ৷ অৱশ্যে এইক্ষেত্ৰত কিছুমান বিশেষ চৰ্তও বান্ধি দিছে চৰকাৰখনে ৷ দিল্লীৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জাৰি কৰা এক নিৰ্দেশনা অনুসৰি, 28 জুনৰ পুৱা 5 বজালৈ 50 শতাংশ আসন ক্ষমতাৰে ৰেষ্টুৰেন্ট আৰু বাৰসমূহক ক্ৰমান্বয়ে এক সপ্তাহৰ বাবে পুৱা 8 বজাৰ পৰা নিশা 10 বজালৈ আৰু পাচৰটো সপ্তাহত 12 বজাৰ পৰা নিশা 10 বজালৈ খোলা ৰখাৰ অনুমতি প্ৰদান কৰিছিল ৷

লগতে পঢ়ক: দিল্লী আনলক: সোমবাৰৰ পৰা খোলা থাকিব পাৰ্ক আৰু বাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.