ETV Bharat / bharat

গুজৰাটত ভোগৰ ভোগালী

author img

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 2:29 PM IST

Bhogali bihu 2024 : গান্ধীৰ ৰাজ্যত উলহে মাহলে পালন কৰা হৈছে ভোগালী বিহু ৷ অসমীয়া ৰীতি-নীতি অনুসৰি গুজৰাটত কৰ্মসূত্ৰে বসবাস কৰা প্ৰৱাসী অসমীয়াই পালন কৰিলে ভোগালী বিহু ৷

Bhogali bihu 2024
গুজৰাটত ভোগৰ ভোগালী

গুজৰাটত ভোগৰ ভোগালী

কলিয়াবৰ, 15 জানুৱাৰী : ৰাজ্যজুৰি উলহে মালহে পালন কৰা হৈছে ভোগালী বিহু ৷ এইবাৰ অসমৰ লগতে গান্ধীৰ ৰাজ্যত ভোগালীৰ উম ৷ গুজৰাটতস্থিত অসমীয়াই পালন কৰিছে হেঁপাহৰ ভোগালী বিহু ৷ গুজৰাটত কৰ্মসূত্ৰে বসবাস কৰা অসমীয়াই এতিয়াও এৰি দিয়া নাই শিপা । ৰাজ্যৰ লগতে আজি আহমেদাবাদত মেজি প্ৰজ্বলন কৰি অসমবাসীৰ সুখ-সমৃদ্ধি কামনা কৰিছে প্ৰৱাসী অসমীয়াই ৷

অসমৰ পৰা আঁতৰত থাকি শিক্ষাগ্ৰহণ কৰা নৱপ্ৰজন্মৰ শিশু, যুৱক-যুৱতীক অসমীয়া সংস্কৃতিৰ সৈতে চিনাকী কৰি দিয়াৰ উদ্দেশ্যেৰে অসমীয়া উৎসৱ-পাৰ্বনসমূহ গুজৰাটবাসী অসমীয়াই পালন কৰি আহিছে । এইবেলি আহমেদাবাদ আছাম এছচিয়েচনৰ উদ্যোগত আহমেদাবাদৰ প্ৰাকৃতিক তেল গেছ নিগম (ONGC)ৰ কমিউনিটি হলত দেওবাৰে নিশা ভোজভাত খাই ভোগালীৰ উৰুকা পালন কৰে। লগতে অনুষ্ঠিত হয় এক মনোৰম সাংস্কৃতিক অনুষ্ঠানৰ । অসম সাংস্কৃতিক সঞ্চালকালয় আৰু গুজৰাট যুৱ আৰু সাংস্কৃতিক বিভাগৰ সহযোগত ভোগালী বিহু উদ্‌যাপনৰ লগতে সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ জৰিয়তে দুই ৰাজ্যৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়।

সাংস্কৃতিক অনুষ্ঠানত লোকনৃত্য-গীতৰ চৰ্চা, পৰিৱেশন কৰি আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ কৰা জীনা ৰাজকুমাৰীৰ গীত-নৃত্যৰ অনুষ্ঠান, শিৱসাগৰৰ নিমাইজান বিহুদলৰ বিহু হুচৰি, ভোৰতাল নৃত্য, আহমেদাবাদৰ অসম কাল্‌চাৰেল এছচিয়েচনৰ সদস্যসকলৰ দ্বাৰা বৃন্দগীত, আহমেদাবাদৰ প্ৰজনন নৃত্যালয়ৰ শিল্পীসকলৰ গৰ্ৱা নৃত্য আৰু মনিয়াৰো ৰাস পৰিৱেশন কৰে। এই অনুষ্ঠানত গুজৰাট আৰু অসমৰ গণ্য-মান্য ব্যক্তিসকলৰ উপৰিও বিশিষ্ট অতিথি ৰূপে নিশাৰ অনুষ্ঠানত উপস্থিত থাকে নেডাৰলেণ্ডচ্‌ৰ বাণিজ্য আৰু বিনিয়োগ সচিব অম্লান বৰুৱা উপস্থিত থাকে।

ইয়াৰ পিচতে আজি পুৱা প্ৰতীকী মেজি প্ৰজ্বলনেৰে অসমবাসীৰ সুখ-সমৃদ্ধি কামনাৰে গুজৰাটবাসী অসমীয়াৰ ভোগালী উৎসৱৰ সামৰণি পেলায় ৷

লগতে পঢ়ক: ভোগৰ ভোগজৰা লৈ আজি ভোগালীৰ উৰুকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.