ETV Bharat / bharat

পশ্চিমবংগত বৰ্তমানেও অব্যাহত আছে ৰাজনৈতিক হিংসাঃ অমিত শ্বাহ

author img

By

Published : Jun 9, 2020, 4:08 PM IST

Updated : Jun 9, 2020, 8:30 PM IST

পশ্চিমবংগত জন সম্ভৱ সমদলত অংশগ্ৰহণ কৰি দেশত গণতন্ত্ৰ শক্তিশালী হোৱা সত্ত্বেও পশ্চিমবংগত বৰ্তমানেও ৰাজনৈতিক হিংসা অব্যাহত আছে বুলি উল্লেখ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে ।

amit shah
west bengal only state where political violence still exists - amit shah

নিউজ ডেস্ক, ৯ জুনঃ দেশৰ ভিতৰত পশ্চিমবংগ এখন এনেকুৱা ৰাজ্য য'ত বৰ্তমানেও ৰাজনৈতিক হিংসা অব্যাহত আছে। মংগলবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক কটাক্ষ কৰি এই কথা উল্লেখ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে।

পশ্চিমবংগত জন সম্ভৱ সমদলত অংশগ্ৰহণ কৰি দেশত গণতন্ত্ৰ শক্তিশালী হোৱা সত্ত্বেও পশ্চিমবংগত ৰাজনৈতিক হিংসা অব্যাহত আছে বুলি গৃহমন্ত্ৰী অমিত শ্বাহে উল্লেখ কৰে। ৰাজ্যখনত চলি থকা ৰাজ্যনৈতিক হিংসাৰ বাবে বিজেপিয়ে ১০০ জনৰো অধিক নেতা-কৰ্মীৰ হেৰুৱাবলগীয়া হোৱা সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে বিজেপি নেতাগৰাকীয়ে। 'সোণাৰ বাংলা'ৰ সপোন দেখি ৰাজ্যখনৰ উন্নতিৰ হকে মাত মতাৰ বাবে ৰাজনৈতিক হিংসাৰ বলি হৈ প্ৰাণ হেৰুওৱা লোকসকলক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে অমিত শ্বাহে। লগতে,কোভিড-১৯ আৰু ঘূৰ্ণীবতাহ আম্ফানত মৃত্যু হোৱা লোকসকললৈ গভীৰ শোক প্ৰকাশ কৰে নেতাগৰাকীয়ে।

তদুপৰি এই জন সম্ভৱ সমদলত অংশ লৈ জম্মু কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আৰু ৩৫A বাতিল,অযোধ্যাত ৰাম মন্দিৰ নিৰ্মান, পুলৱামা আক্ৰমণ আদি সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে। লগতে,ৰাহুল গান্ধীয়ে শেষতীয়াকৈ কৃষকসকলৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ধন সন্ধৰ্ভত কৰা মন্তব্যৰো সমালোচনা কৰে।

লগতে চাওকঃ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ফণিধৰ বৰাৰ বাসগৃহত বিধায়িকা আঙুৰলতা ডেকা

Last Updated : Jun 9, 2020, 8:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.