ETV Bharat / bharat

আই আই টি খড়গপুৰত বৰ্তমানেও আবদ্ধ দূৰণিবটীয়া ৪০০ শিক্ষাৰ্থী

author img

By

Published : Jun 25, 2020, 6:45 PM IST

west-bengal-400-iit-kharagpur-students-remain-on-campus
west-bengal-400-iit-kharagpur-students-remain-on-campus

আই আই টি খড়গপুৰৰ এজন বিষয়াই জনোৱা অনুসৰি, কোভিড-১৯ সন্ত্ৰাসৰ বাবে ঘৰলৈ যোৱা ছাত্ৰ সকলৰ ভিতৰত ৪০০ ছাত্ৰ শিক্ষানুষ্ঠানখনতে আবদ্ধ হৈ আছে । তেওঁ জনোৱা অনুসৰি, আবদ্ধ ছাত্ৰ সকলৰ ভিতৰত অধিকাংশ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰী । বৰ্তমান ছাত্ৰ কেইজনক কৰ্তৃপক্ষই দুটা আবাস গৃহত থাকিবলৈ অনুমতি প্ৰদান কৰিছে ।

নিউজ ডেস্ক, ২৫ জুন : আই আই টি খড়গপুৰৰ এজন বিষয়াই জনোৱা অনুসৰি, কোভিড-১৯ সন্ত্ৰাসৰ বাবে ঘৰলৈ যোৱা ছাত্ৰ সকলৰ ভিতৰত ৪০০ ছাত্ৰ শিক্ষানুষ্ঠানখনতে আবদ্ধ হৈ আছে । তেওঁ জনোৱা অনুসৰি, আবদ্ধ ছাত্ৰ সকলৰ ভিতৰত অধিকাংশ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰী । বৰ্তমান ছাত্ৰ কেইজনক কৰ্তৃপক্ষই দুটা আবাস গৃহত থাকিবলৈ অনুমতি প্ৰদান কৰিছে ।

শিক্ষানুষ্ঠানখনৰ ৰেজিষ্টাৰ বীৰেন সিংই জনোৱা অনুসৰি, ২৪০০ জন ছাত্ৰৰ ভিতৰত ইতিমধ্যে ২০০০ জন ছাত্ৰ নিজ গৃহলৈ উভতিছে । বাকী যি ৪০০ ছাত্ৰ উভতিব পৰা নাই তেওঁলোক বহু দূৰ দূৰণিৰ ছাত্ৰ । গতিকে তেওঁলোক যোৱাৰ কোনো ব্যৱস্থা কৰিব পৰা নাই বাবেই তেওঁলোকক শিক্ষানুষ্ঠানখনতে থকাৰ অনুমতি প্ৰদান কৰা হৈছে । তেওঁ আকৌ কয় যে, ছাত্ৰ কেইজনক বৰ্তমান দুটা আবাসগৃহত সামাজিক দূৰত্ব মানি থাকিবলৈ দিয়া হৈছে ।

west-bengal-400-iit-kharagpur-students-remain-on-campus
আই আই টি খড়গপুৰত বৰ্তমানেও আবদ্ধ দূৰণিবটীয়া ৪০০ শিক্ষাৰ্থী

লগতে বিষয়া গৰাকীয়ে পুনৰ জনোৱা অনুসৰি, ছাত্ৰ কেইজনক ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰি থকা হৈছে । যদিহে কিবা কাৰণত যাতায়তৰ ব্যৱস্থা কৰিব পৰা নাযায় তেন্তে ছাত্ৰ কেইগৰাকীক শিক্ষানুষ্ঠানখনতে থাকিবলৈ ব্যৱস্থা কৰিব দিব লাগিব বুলি উল্লেখ কৰে ।

উল্লেখ্য যে, মাৰ্চত আৰম্ভ হোৱা লক্ ডাউনৰ বাবে ৫৪০০০ ছাত্ৰৰ ভিতৰত ৩০০০ ছাত্ৰই ইতিমধ্যে ঘৰলৈ ৰাওনা হৈছে । আৰু ২৪০০ জন শিক্ষানুষ্ঠানখনতে আছিল । তাৰ ভিতৰত ২০০০ ছাত্ৰ ঘৰলৈ যাবলৈ সক্ষম হৈছে যদিও বৰ্তমানেও আবদ্ধ ৪০০ শিক্ষাৰ্থী ।

লগতে পঢ়ক : লকডাউনৰ সুযোগতে মালিগাঁৱত চোৰৰ লুটপাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.