ETV Bharat / jagte-raho

লকডাউনৰ সুযোগতে মালিগাঁৱত চোৰৰ লুটপাত

author img

By

Published : Jun 25, 2020, 3:31 PM IST

শেহতীয়াকৈ গণসংক্ৰমণৰ বলি হোৱা মহানগৰীৰ বিভিন্ন প্ৰান্তত ঘোষণা কৰা হৈছে লকডাউন ৷ কিন্তু এই লকডাউনৰ মাজতেই মালিগাঁৱত সংঘটিত হৈছে অপৰাধজনিত ঘটনা ৷

লকডাউনৰ সুযোগতে মালিগাঁৱত চোৰৰ লুটপাত
লকডাউনৰ সুযোগতে মালিগাঁৱত চোৰৰ লুটপাত

গুৱাহাটী, 25 জুন : কৰ'ণা ভাইৰাছৰ ভয়াৱহ গণসংক্ৰমণৰ বলি হোৱা মহানগৰীৰ বিভিন্ন প্ৰান্তত জাৰী কৰা হৈছে লকডাউন ৷ মালিগাঁৱকে ধৰি বিভিন্ন প্ৰান্তত মহানগৰ প্ৰশাসনে জাৰী কৰা লকডাউনৰ ফলত বন্ধ হৈ পৰিছে সকলো কাম-কাজ ৷ কিন্তু এই লকডাউনৰ সুবিধা লৈছে একাংশ দুষ্টচক্ৰই ৷ শেহতীয়াকৈ মহানগৰীত চলি থকা লকডাউনৰ সুবিধা লৈ চোৰে চলালে চাফাই অভিযান ৷

লকডাউনৰ সুযোগতে মালিগাঁৱত চোৰৰ লুটপাত

মালিগাঁৱত দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰে চলালে চাফাই অভিযান । দুয়োখন প্ৰতিষ্ঠানৰ পৰা প্ৰায় এক লক্ষাধিক টকাৰ সা-সম্পত্তি চোৰে লুটি লৈ যায় । মিত্ৰ ইলেক্ট্ৰনিক ৱৰ্কছ আৰু পূজা ইলেক্ট্ৰিকেল বেটাৰী হাউছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান দুখনত সংঘটিত হয় এই চুৰিকাণ্ড । ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে প্ৰতিষ্ঠান দুখনৰ স্বত্বাধিকাৰীয়ে । ইতিমধ্যে ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে ৷

লগতে পঢ়কঃ শিৱসাগৰত যুৱতীয়ে জাপ দিলে দিখৌ নদীতঃ কাৰণ ফলাফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.