ETV Bharat / bharat

উত্তৰ প্ৰদেশত 10 লৈ বৃদ্ধি Covid-19 ৰ সংক্ৰমণৰ ঘটনা

author img

By

Published : Mar 12, 2020, 5:37 PM IST

uttar pradesh ten cases of covid 19 confirm
উত্তৰ প্ৰদেশত 10 লৈ বৃদ্ধি Covid-19 ৰ সংক্ৰমণৰ ঘটনা

সমগ্ৰ বিশ্বতে Covid-19 ৰ মহামাৰীয়ে সন্ত্ৰাস সৃষ্টি কৰাৰ সমান্তৰালকৈ ভাৰততো দিনক দিনে বৃদ্ধি পাইছে Covid-19 ৰ সংক্ৰমণৰ ঘটনা ৷ বৰ্তমানে উত্তৰ প্ৰদেশত ধৰা পৰিছে Covid-19 ৰ 10 টাকৈ ঘটনা ৷ ইপিনে 77 জন ৰোগীৰ নমুনাৰ ফলাফল আহিবলৈ বাকী থকাৰ বিপৰীতে 12 লাখ লোকক আন্তঃৰাষ্ট্ৰীয় সীমান্তত পৰীক্ষা (Scanned) চলোৱা হৈছে ৷

নিউজ ডেস্ক, 12 মাৰ্চ: ভাৰতত দিনক দিনে বৃদ্ধি পাইছে Covid-19 ৰ আক্ৰান্তৰ সংখ্যা ৷ শেহতীয়াকৈ উত্তৰ প্ৰদেশত 10 টা লৈ বৃদ্ধি পাইছে Covid-19 ৰ সংক্ৰমণৰ ঘটনা ৷ বৃহস্পতিবাৰে এই কথা সদৰি কৰিছে উত্তৰপ্ৰদেশ চৰকাৰে ৷

10 টা সংক্ৰমণৰ ঘটনা পোহৰলৈ অহাৰ বিপৰীতে এতিয়া লৈকে 77 গৰাকী ৰোগীৰ তেজৰ নমুনাৰ ফলাফল আহিবলৈ বাকী থকা লগতে আন্তঃৰাষ্ট্ৰীয় সীমান্তত বৰ্তমানলৈকে 12 লাখ লোকক পৰীক্ষা-নিৰিক্ষা চলোৱা হৈছে বুলি জানিবলৈ দিয়ে ৷ আনহাতে বিমান বন্দৰত 15,000 লোকক নিৰিক্ষণ চলোৱা হৈছে ৷ ভাৰতত বৰ্তমানলৈকে 73 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷

uttar pradesh-ten-cases-of-covid-19-confirmed
ভাৰতত দিনক দিনে বৃদ্ধি পাইছে Covid-19 ৰ সংক্ৰমণৰ ঘটনা

এই মাৰাত্মক কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে যথোপযুক্ত পদক্ষেপ হাতত লৈছে ৷ বিশ্ব স্বাস্থ্য সংস্থাই কৰ'ণা ভাইৰাছক মহামাৰী আখ্যা দিয়াৰ পাচতেই ভাৰত চৰকাৰে বহু কেইখন দেশৰ ভিছা 15 এপ্ৰিল লৈকে বাতিল কৰিছে ৷ বৰ্তমানলৈকে এই ভাইৰাছত 1,10,000 লোক সংক্ৰমিত হোৱাৰ বিপৰীতে প্ৰায় 4000 লোকৰ মৃত্যু ঘটিছে ৷ চীনত উদ্ভৱ হোৱা এই ভাইৰাছ বৰ্তমানলৈকে বিশ্বৰ 90 খন দেশলৈ বিয়পি পৰিছে ৷


লগতে চাওক-বিজেপিৰ নতুন গেমপ্লেনঃ অজিত ভূঞাক হৰুৱাবলৈ তৃতীয় আসনৰ প্ৰাৰ্থী হব অতনু ভূঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.