ETV Bharat / bharat

ট্ৰাম্প আৰু মোডীৰ 22 কি.মি. ৰ'ড শ্ব'

author img

By

Published : Feb 24, 2020, 3:06 PM IST

আহমেদাবাদ বিমান বন্দৰ পৰা 'ইন্দিৰা গান্ধী দলং' পথেৰে মটেৰা ক্ৰিকেট ষ্টেডিয়ামলৈ ট্ৰাম্প আৰু মোডীৰ 22 কি.মি.জোৰা ইণ্ডিয়া ৰ'ড শ্ব' ৷

Trump, Modi embark on 22-km-long roadshow in Ahmedabad
ট্ৰাম্প আৰু মোডীৰ 22 কি.মি. ৰ'ড শ্ব'

নেশ্যনেল ডেস্ক,24 ফেব্ৰুৱাৰী: আমেৰিকা ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহমেদাবাদ আন্তজাৰ্তিক বিমান বন্দৰৰ পৰা 22 কি.মি. ৰ'ড শ্ব'৷ আজি আমেৰিকা ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰত ভ্ৰমণৰ দুদিনীয়া কাৰ্যসূচীৰে দিনৰ 11.37 বজাত আহমেদাবাদত বিমান বন্দৰত পদাপৰ্ণ কৰে ৷

আহমেদাবাদ বিমান বন্দৰ পৰা 22 কি.মি.ৰ ৰ'ড শ্ব'ৰ পাছত দুইজন নেতাই বিয়লি আহমেদাবাদৰ নৱনিৰ্মিত পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম 'মটেৰা ক্ৰিকেট ষ্টেডিয়াম আয়োজিত নমষ্টে ট্ৰাম্প অনুষ্ঠানত উপস্থিত হ'ব ৷

আজি ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু তেখেতৰ পত্নী মেলেনিয়া আহি পোৱাৰ এঘণ্টা পূৰ্বেই আহমেদবাদ বিমান বন্দৰত উপস্থিত হৈছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ বিমানৰ পৰা নমাৰ কিছু পাছতেই ট্ৰাম্প আৰু মোডীয়ে আৰম্ভ কৰে তেওঁলোকৰ ৰ'ড শ্ব'৷

জনসাধাৰণৰ লগতে আহমেদাবাদ পৌৰনিগমে ৰ'ড শ্ব'টো আকৰ্ষণীয় আৰু স্মৰণীয় কৰিবৰ বাবে সকলো প্ৰকাৰে প্ৰচেষ্টা চলোৱা পৰিলক্ষিত হয় ৷ ৰ'ড শ্ব'ৰ সময়ত ৰাস্তাৰ কাষৰ বহু স্থানত নিমাৰ্ণ কৰা অস্থায়ী মঞ্চত বহু ৰাজ্যৰ শিল্পীয়ে নিজ নিজ ৰাজ্যৰ পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰে ৷ আহমেদাবাদৰ বিমান বন্দৰৰ পৰা মটেৰা ষ্টেডিয়ালৈ যোৱা ইন্দিৰা গান্ধী দলং পথত প্ৰায় এনে 50 টা অস্থায়ী মঞ্চ নিমাৰ্ণ কৰা হৈছিল ৷

চৰকাৰী কৰ্তৃপক্ষৰ মতে, প্ৰায় আহমেদাবাদ পৌৰ নিগমৰ দ্বাৰা 'ইণ্ডিয়া ৰ'ড শ্ব' নামাংকন কৰা এই পথত এক লাখতকৈ অধিক লোক উপস্থিত থকাৰ সম্ভাৱনা কৰা হৈছিল ৷

ৰ'ড শ্ব' কাৰ্যসূচীৰ মাজতে ট্ৰাম্পক প্ৰধান মন্ত্ৰী মোডীয়ে মহাত্মা গান্ধীয়ে সংগ্ৰামৰ 13 বছৰ অতিবাহিত কৰা সৱৰমতী আশ্ৰমখনৰ পৰিদৰ্শন কৰাই৷ ট্ৰাম্পৰ সৈতে তেওঁৰ পত্নী মেলেনিয়াও সৱৰমতী আশ্ৰমখন পৰিদৰ্শন কৰে ৷

ৰ'ড শ্ব'ৰ শেষত এক লাখৰ অধিক দৰ্শকক সম্বোধনৰ উদ্দেশ্য মটেৰা ক্ৰিকেট ষ্টেডিয়াম অনুষ্টিত 'নমষ্টে ট্ৰাম্প' অনুষ্ঠানত উপস্থিত হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী৷

লগতে পঢ়ক:ট্ৰাম্পৰ তাজমহল ভ্ৰমণ : গুগল টেগিংগৰ দ্বাৰা ৰাষ্ট্ৰপতিৰ ট্ৰাম্পৰ সুৰক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.