ETV Bharat / bharat

ট্ৰাম্পৰ তাজমহল ভ্ৰমণ : গুগল টেগিংগৰ দ্বাৰা ৰাষ্ট্ৰপতিৰ ট্ৰাম্পৰ সুৰক্ষা

author img

By

Published : Feb 24, 2020, 1:02 PM IST

Updated : Feb 24, 2020, 1:18 PM IST

ভাৰত ভ্ৰমণ প্ৰথম দিনটোত আজি ৰাষ্ট্ৰপতি ট্ৰাম্পে ভ্ৰমণ কৰিব আগ্ৰাৰ তাজমহল ৷ ৰাষ্ট্ৰপতিগৰাকীৰ সুৰক্ষাৰ বাবে সাজু থাকিব 10 হাজাৰ আৰক্ষী বাহিনী, পেন্টাগনৰ পৰা পোনপটীয়া নিৰীক্ষণত থাকিব ৰাষ্ট্ৰপতিগৰাকী ৷

President Trump will be protecting by Google Tagging
ট্ৰাম্পৰ তাজমহল ভ্ৰমণ

নেশ্যনেল ডেস্ক,24 ফেব্ৰুৱাৰী : ইতিমধ্যে ভাৰতৰ ভূমিত পদাৰ্পণ কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দুদিনীয়া ভাৰত ভ্ৰমণ কাৰ্যসূচীত তেওঁৰ সৈতে আহিছে আমেৰিকাৰ ফাৰ্ষ্টলেডী পত্নী মেলেনিয়া ট্ৰাম্প আৰু তেওঁৰ জীয়ৰী ইভাকা ট্ৰাম্প আৰু জোঁৱায়েক জাৰেড কুশ্বনাৰ ৷

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সুৰক্ষাৰ বাবে হাইটেক টেকন'লজিৰ দ্বাৰা সাজু কৰা হৈছে আৰক্ষীক বাহিনীক ৷ লগতে আমেৰিকা সুৰক্ষা এজেন্সিৰ মতে প্ৰথমবাৰৰ বাবে আৰক্ষীয়ে ব্যৱহাৰ কৰিছে গুগল টেগিং, যাৰ দ্বাৰা আমেৰিকাৰ সুৰক্ষাৰ মুখ্য কাৰ্যালয় পেন্টাগনৰ পৰা পোনপটীয়াকৈ নিৰীক্ষণ ৰাখিব পাৰিব ৷ ইফালে আমেৰিকা ৰাষ্ট্ৰপতিৰ আজি তাজমহল পৰিদৰ্শন কাৰ্যসূচীৰ বাবে আগ্ৰাৰ বিমান বন্দৰ পৰা তাজমহললৈ 10 হাজাৰ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে ৷

আনহাতে ৰাষ্ট্ৰপতি সুৰক্ষাত ব্যৱহাৰ কৰা হৈছে অভেদ্য অস্ত্ৰ 'এন্টি ড্ৰোণ' ৷ এই 'এণ্টি ড্ৰোণ' সম্পূৰ্ণৰূপে ভাৰতত তৈয়াৰী আৰু যিকোনো প্ৰকাৰৰ 'ড্ৰোণ'ক ধ্বংস কৰাত সক্ষম ৷ লগতে তাজমহলৰ আশে-পাশে 10 হাজাৰ আৰক্ষী বাহিনীৰ লগতে অৰ্দ্ধসামৰিক বাহিনীও মোতায়েন কৰা হৈছে ৷

লগতে পঢ়ক:ড'নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ কাৰ্যসূচী বিশেষ

কেনে হ'ব সুৰক্ষাৰ বিশেষ পৰিকল্পনা ?

* আগ্ৰাৰ বিমান বন্দৰ পৰা তাজমহলৰ এই 14 কিলোমিটাৰ পথৰ কৰা হ'ব গুগল মেপিং

* উক্ত পথচোৱাত থকা 14 স্থানত চিচিটিভি দ্বাৰা নিৰীক্ষণ ৰখা হ'ব ৷

* লগোৱা হৈছে 360 ডিগ্ৰী ঘূৰ্ণন হাই ৰেগুলেশ্বন চিচিটিভি কেমেৰা ৷

* যমুনা নৈত পিএচি ৰ কামাণ্ডো নৌকাৰ দ্বাৰা নিৰীক্ষণ ৰখা হ'ব ৷

কি কি সুৰক্ষা বাহিনী মোতায়েন থাকিব ?

* 11 কোম্পানীৰ পেৰামিলিটেৰী বাহিনী

* 11 কোম্পানীৰ পিএছি বাহিনী

* 250 এনএছজি বাহিনী

* 10 জন আইপিএছ বিষয়া

* 22 জন আৰক্ষী অধীক্ষক

* 40 জন অতিৰিক্ত আৰক্ষী অধীক্ষক

* 55 জন আৰক্ষী পৰিদৰ্শক

* 400 আৰক্ষী কনিষ্টবল

* 40 জন মহিলা আৰক্ষী কনিষ্টবল

* 8 এণ্টি চেব'টেজ

* 5 এণ্টি মাইন্স দল

* 10 স্নাইপাৰ

* 10 খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী

লগতে পঢ়ক:আজি ঝংকাৰ শইকীয়াৰ গোচৰৰ চূড়ান্ত ৰায়দান

Last Updated : Feb 24, 2020, 1:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.