ETV Bharat / bharat

ক্ৰিকেটাৰ সুৰেশ ৰাইনাৰ আত্মীয়ৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি

author img

By

Published : Sep 16, 2020, 5:44 PM IST

Three held for murder of Suresh Raina's relatives: Punjab CM
ক্ৰিকেটাৰ সুৰেশ ৰাইনাৰ আত্মীয়ৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি

আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে ৰাইনাৰ আত্মীয়ৰ হত্যাৰ অভিযোগত অভিযুক্ত তিনি ৷ পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে প্ৰদান কৰে এই তথ্য ৷

নেশ্যনেল ডেস্ক, 16 ছেপ্তেম্বৰ : পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে বুধবাৰে মন্তব্য কৰে যে, ক্ৰিকেটাৰ সুৰেশ ৰাইনাৰ আত্মীয়ক আক্ৰমণ তথা হত্যাৰ গোচৰত তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ৷ এটা আন্তঃৰাজ্যিক অপৰাধী দলৰ সদস্য এই তিনি অভিযুক্ত ৷

পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সি
পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিং

ডিজিপি দিপাংকৰ গুপ্তাই কয় যে, পাঠানকোট জিলাৰ থাৰিয়ালত 19 আগষ্টত সংঘটিত হোৱা হত্যাকাণ্ডৰ অন্য 11 জন অভিযুক্তৰ সন্ধান চলাই থকা হৈছে ৷

তথ্য অনুসৰি, দূৰ্বৃত্তৰ আক্ৰমণৰ ফলত ৰাইনাৰ খুড়াক অশোক কুমাৰৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে পুত্ৰ কৌশল কুমাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আনহাতে, বৰ্তমান সংকটজনক অৱস্থাত আছে অশোক কুমাৰৰ পত্নী আশা ৰানী ৷ পৰিয়ালৰ অন্য দুজন লোকো এই ঘটনাত আঘাতপ্ৰাপ্ত হৈছিল যদিও ইতিমধ্যে তেওঁলোকক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে ৷

ঘটনাৰ পাচতে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে অমৃতসৰৰ বৰ্ডাৰ ৰেঞ্জৰ আইজিপিৰ অধীনত বিশেষ তদন্তকাৰী দলক ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছিল ৷

ডিজিপি দিপাংকৰ গুপ্তাই জানিবলৈ দিয়া অনুসৰি, আটকাধীন দুজন লোক হৈছে চৱন মোহব্বত আৰু শ্বাহৰুখ খান ৷ দুয়োগৰাকী অভিযুক্ত ৰাজস্থানৰ বাসিন্দা ৷ আনহাতে, মোহব্বত আৰু খানৰ পৰা দুটাকৈ সোণৰ আঙুঠি, এটা সোণৰ চেইন, 1,530 নগদ টকা আৰু দুডাল কাঠৰ লাঠি উদ্ধাৰ কৰিছে ৷

লগতে পঢ়ক : ইউ এছ অ’পেন : কেৰিয়াৰৰ তৃতীয়টো গ্ৰেণ্ডশ্লাম জয় নাওমী অ’ছাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.