ETV Bharat / bharat

9/11: আমেৰিকাত সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু লাডেনৰ হত্যা

author img

By

Published : Sep 11, 2019, 1:52 PM IST

আমেৰিকাত সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু লাডেনৰ হত্যা

11 চেপ্তেম্বৰ ৷ সমগ্ৰ বিশ্ব কঁপাই যোৱা এটা দিন ৷ 18 বছৰ পূৰ্বে আজিৰ দিনটোতে বিশ্ব শক্তি আমেৰিকাৰ ওপৰত চলিছিল ভয়ংকৰ আক্ৰমণ ৷ সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণত নিহত হৈছিল 2,977 জনকৈ লোক ৷ সেইসময়ত আমেৰিকাৰ কান্দোন শুনি উচুপি উঠিছিল বিশ্ববাসী ৷ ঘটনাৰ পাচতে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন অল কায়দাৰ মুৰব্বী ওছামা বিন লাডেনে ৷ 19 জন ব্যক্তিৰ লগতে চাৰিখন উৰাজাহাজ হাইজেক কৰি সংঘটিত কৰিছিল এই আক্ৰমণৰ ঘটনা ৷ আমেৰিকাৰ নিউয়ৰ্ক চহৰ, ৱাছিংটনৰ দৰে স্থানত চলিছিল এই সন্ত্ৰাস


11 চেপ্তেম্বৰ, 2001

মঙলবাৰ, সময় পুৱা 8 বাজি 46 মিনিট: আমেৰিকাৰ সদাব্যস্ত চহৰ নিউয়ৰ্ক ৷ World Trade Centre বা বিশ্ব বাণিজ্য কেন্দ্ৰত ব্যাপক ব্যস্ততা ৷ কৰ্মস্থলীত উপস্থিত সহস্ৰাধিক লোক ৷ তেতিয়াই প্ৰচণ্ড বেগেৰে আমেৰিকান এয়াৰলাইনছৰ 11 নং ফ্লাইটে খুন্দা মাৰে বাণিজ্য কেন্দ্ৰৰ নৰ্থ টাৱাৰত ৷ উৰাজাহাজখন আছিল বুষ্টনৰ পৰা ল’জ এঞ্জেলছ অভিমুখী

আমেৰিকাত সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু লাডেনৰ হত্যা

সময় পুৱা 9 বাজি 3 মিনিট: বুষ্টনৰ পৰা ল’জ এঞ্জেলছ অভিমুখী ইউনাইটেড এয়াৰলাইনছৰ ফ্লাইট নং 175 য়ে খুন্দিয়াই বাণিজ্য কেন্দ্ৰৰ চাউথ টাৱাৰত

পুৱা 9 বাজি 37 মিনিট : নিউয়ৰ্কত ইতিমধ্যে শুনা গৈছে হাজাৰ হাজাৰ লোকৰ আৰ্তনাদ ৷ তাৰ প্ৰায় আধা ঘন্টা পাচতে সন্ত্ৰাসবাদীৰ বৰ্বৰতাৰ চিকাৰ হ’ল ৱাছিংটনৰ পেন্টাগ’ন বিল্ডিং ৷ পেন্টাগ’নত খুন্দিয়াই ভাৰজিনিয়াৰ পৰা ল’জ এঞ্জেলছ অভিমুখী আমেৰিকাৰ এয়াৰ লাইনছৰ ফ্লাইট নং 77 য়ে

সময় পুৱা 9 বাজি 59 মিনিট : সম্পূৰ্ণৰূপে ধ্বংস বিশ্ব বাণিজ্য কেন্দ্ৰৰ চাউথ টাৱাৰ

সময় পুৱা 10 বাজি 3 মিনিট : পেনচিলভেনিয়াৰ শ্বাকভিলাৰ ওচৰত ভূপতিত নিউইয়ৰ্কৰ পৰা চান ফ্ৰান্সিস্ক’ অভিমুখী ইউনাইটেড এয়াৰ লাইনছৰ ফ্লাইট নং 93

সময় পুৱা 10 বাজি 28 মিনিট : বিশ্ব বাণিজ্য কেন্দ্ৰৰ নৰ্থ টাৱাৰ ধ্বংস ৷ প্ৰথমটো আক্ৰমণ আৰু দুয়োটা টাৱাৰ ধ্বংসৰ সময়ৰ ব্যৱধান 102 মিনিট

  • এই ঘটনাত বিশ্ব বাণিজ্য কেন্দ্ৰত 2,753 জনৰ অকাল মৃত্যু
  • হত্যাৰ বলি হোৱা লোকসকলৰ ভিতৰত আছিল দুই বছৰীয়া শিশুৰ পৰা 85 বছৰীয়া বৃদ্ধ
  • ইয়াৰে 75 - 80 শতাংশই আছিল পুৰুষ
  • পেন্টাগ’নত মৃত্যু হৈছিল 184 গৰাকী ব্যক্তিৰ
  • পেনচিলভেনিয়াৰ বিমান দুৰ্ঘটনাত মৃত্যু 40 জন যাত্ৰীৰ
  • জুলাই 2019 লৈ 2,753 গৰাকী মৃতকৰ ভিতৰত 1,644 গৰাকী চিনাক্ত


ঘটনাৰ 3 মাহ পাচত

ডিচেম্বৰ 13, 2001

আমেৰিকা চৰকাৰে মুকলি কৰে এটা টেপ ৰেকৰ্ডিং ৷ য’ত ওছামা বিন লাডেনে স্বীকাৰ কৰিছিল আক্ৰমণৰ দায়িত্ব


নিহত আৰু আহতৰ পৰিয়ালে ক্ষতিপূৰণৰ বাবে আবেদন কৰাৰ শেষ দিন 22 ডিচেম্বৰ 2003 ধাৰ্য ৷ পৰৱৰ্তী পৰ্যায়ত 2011 চনত পুনৰ মুকলি কৰা হয় আবেদনৰ প্ৰক্ৰিয়া ৷

অৰ্থনৈতিক ক্ষতি

  • আক্ৰমণৰ পৰিকল্পনা আৰু সম্পন্ন কৰালৈ প্ৰায় 5 লাখ মাৰ্কিন ডলাৰ ব্যয়
  • বিশ্ব বাণিজ্য কেন্দ্ৰৰ টাৱাৰ ধ্বংসত প্ৰথম 4 সপ্তাহত প্ৰায় 123 বিলিয়ন মাৰ্কিন ডলাৰৰ লোকচান
  • কেন্দ্ৰৰ ক্ষতি, অট্টালিকাৰ চৌপাশ, আন্তঃগাঠনি আৰু পৰিবহণ ক্ষেত্ৰত 60 বিলিয়ন মাৰ্কিন ডলাৰৰ লোকচান
  • 14 চেপ্তেম্বৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে চৰকাৰৰ জৰুৰীকালীনভাবে 40 বিলিয়ন মাৰ্কিন ডলাৰৰ পেকেজ
  • বীমাখণ্ডত 9.3 বিলিয়ন মাৰ্কিন ডলাৰৰ ব্যয়


ওছামা বিন লাডেনৰ বিৰুদ্ধে অভিযান

2009 চন
পাকিস্তানৰ এব্টাবাদৰ গোপন স্থানত লুকাই থকা লাডেন আৰু ভাতৃৰ সম্ভেদ লাভ মাৰ্কিন চোৰাংচোৱাৰ

আগষ্ট, 2010
লাডেন লুকাই থকা ঘৰটো চিনাক্তকৰণ কৰে আমেৰিকা চোৰাংচোৱাই

চেপ্তেম্বৰ, 2010
গৃহটোত লাডেন থকা বুলি উল্লেখ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামালৈ সম্ভেদ

মাৰ্চ 14, 2011
ৰাষ্ট্ৰপতি ওবামাৰ দ্বাৰা মূল পাঁচটা ৰাষ্ট্ৰীয় নিৰাপত্তা এজেন্সীৰ বৈঠকৰ আয়োজন ৷

মাৰ্চ 29, 2011
দ্বিতীয়খন ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ বৈঠক

এপ্ৰিল 12 , 2011
তৃতীয়খন বৈঠক

এপ্ৰিল 19, 2011
চতুৰ্থ বৈঠক,

এপ্ৰিল 29, 2011

পাকিস্তানত গৈ লাডেনক হত্যা কৰিবলৈ ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ নিৰ্দেশ প্ৰদান

মে’ 2, 2011

পাকিস্তানৰ এব্টাবাদত 25 জনীয়া আমেৰিকান নৌ সেনাৰ বিশেষ বাহিনীৰ অভিযানত লাডেনক হত্যা

মে’ 2, 2011

আৰবীয়ান সাগৰত সমাধিস্থ ওছামা বিন লাডেন

মে’ 2, 2011

আক্ৰমণত লাডেনৰ মৃত্যু হোৱা বুলি ডি এন এ ৰিপৰ্টত প্ৰকাশ

Intro:Body:

dd


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.