ETV Bharat / bharat

লক্ ডাউনৰ নিয়মাৱলীক গুৰুত্ব সহকাৰে ল‘বলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

author img

By

Published : Mar 23, 2020, 3:03 PM IST

লক্ ডাউনৰ নিয়মাৱলীক গুৰুত্বসহকাৰে ল‘বলৈ জনতাক আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ ৰাজ্য চৰকাৰসমূহক লক্ ডাউনৰ সকলো নিয়মৰ সঠিক পালন সুনিশ্চিত কৰাৰ লগতে নাগৰিকসকলক এই বিষয়ক গুৰুত্বসহকাৰে ল‘বলৈ আহ্বান জনাবলৈ নিৰ্দেশ মোদীৰ ৷

State govts should ensure rules of lockdown are followed
State govts should ensure rules of lockdown are followed

নিউজ ডেস্ক, 23 মাৰ্চ : মাৰাত্মক কৰ‘ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ নিমিত্তে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোদীয়ে আহ্বান জনোৱা 'জনতা কাৰ্ফিউ' শীৰ্ষক কাৰ্যসূচী সফল হোৱাৰ এদিন পাচত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্য চৰকাৰসমূহক লক্ ডাউনৰ সকলো নিয়মৰ সঠিক পালন সুনিশ্চিত কৰাৰ লগতে নাগৰিকসকলক এই বিষয়ক গম্ভীৰতাৰে ল‘বলৈ আহ্বান জনাবলৈ নিৰ্দেশ দিয়ে ৷

  • लॉकडाउन को अभी भी कई लोग गंभीरता से नहीं ले रहे हैं। कृपया करके अपने आप को बचाएं, अपने परिवार को बचाएं, निर्देशों का गंभीरता से पालन करें। राज्य सरकारों से मेरा अनुरोध है कि वो नियमों और कानूनों का पालन करवाएं।

    — Narendra Modi (@narendramodi) March 23, 2020 " class="align-text-top noRightClick twitterSection" data=" ">
ৰাজ্য চৰকাৰসমূহক অনুৰোধ জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, "বহু লোকে এতিয়াও লক্ ডাউনৰ প্ৰসংগক গুৰুত্ব সহকাৰে লোৱা নাই ৷ অনুগ্ৰহ কৰি এই নিৰ্দেশ পালন কৰি নিজক বচাওক, নিজৰ পৰিয়ালক বচাওক, নিৰ্দেশনাবোৰক গুৰুত্বসহকাৰে পালন কৰক ৷ মই ৰাজ্য চৰকাৰসমূহক অনুৰোধ জনাইছো যাতে তেওঁলোকে এই নিয়ম আৰু আইন পালন কৰিছে নে নাই তাক নিশ্চিত কৰে" ৷ উল্লেখযোগ্য যে,ইতিপূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দেওবাৰে কৰ‘ণা ভাইৰাছৰ সংক্ৰমণ ৰুধিবলৈ 23 মাৰ্চৰ পৰা 31 মাৰ্চলৈ দিল্লী সম্পূৰ্ণভাৱে লক্ ডাউন ঘোষণা কৰে ৷

লগতে পঢ়ক : নাটনি হোৱা নাই আমুলৰ দুগ্ধজাত সামগ্ৰী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.