ETV Bharat / bharat

যুদ্ধবিমানৰ অভাৱঃ ৰাছিয়াৰ পৰা অতিৰিক্ত 21 খন MiG-29 বিমান ক্ৰয় কৰিব ভাৰতে

author img

By

Published : Apr 4, 2019, 6:09 PM IST

MiG-29

প্ৰতিৰক্ষাৰ দিশৰ পৰা ভাৰত বিশ্বৰ সেইখন দেশ যাৰ ওচৰত বিশ্বৰ চতুৰ্থ বৃহৎ স্থলসেনা, বায়ু সেনা আৰু সপ্তম বৃহৎ নৌ-সেনা শক্তিৰে মহীয়ান ৷ কিন্তু দেশখনৰ সুৰক্ষা তথা প্ৰতিৰক্ষা বিভাগৰ সামগ্ৰিক পৰিসংখ্যা এতিয়াও বহু পিচপৰি আছে আন দেশৰ তুলনাত ৷

নিউজ ডেস্ক, 4 এপ্ৰিলঃ পাকিস্তানী সন্ত্ৰাসবাদীৰ ওপৰত এয়াৰ ষ্ট্ৰাইক কৰিবলৈ সক্ষম হোৱা ভাৰতীয় বায়ু সেনাৰবাবে এতিয়াও প্ৰয়োজন আছে আৰু অধিক স্কোৱাড্ৰণৰ ৷ সেনাৰ একোটা ৰেজিমেন্ট নাইবা অৰ্ধসামৰিক বাহিনীৰ এটা বেটেলিয়নৰ দৰেই সমকক্ষ বায়ু সেনাৰ এটা স্কোৱাড্ৰণ ৷শেহতীয়াকৈ ভাৰতীয় বায়ু সেনাত 30 টা স্কোৱাড্ৰণ আছে যদিও চলিত বৰ্ষৰ শেষলৈ সেইসমূহৰ কেইবাটাও স্কোৱাড্ৰণে বাহিনীটোৰ পৰা অৱসৰ ল'ব৷যিটো সময়ত ভাৰতীয় বায়ু সেনাত 42 টা স্কোৱাড্ৰণৰ প্ৰয়োজন তেনেস্থলত এতিয়া যুঁজাৰু বিমানৰ সংখ্যাত পিছপৰি ৰৈছে ভাৰতীয় বায়ু সেনা ৷ সাধাৰণতে একোটা স্কোৱাড্ৰণত 16-18খন যুঁজাৰু বিমান থাকে যদিও বায়ু সেনাই ইয়াৰ জেগুৱাৰ,মিগ আৰু মিৰাজ যুঁজাৰু বিমানৰ প্ৰায় 6 টাৰো অধিক স্কোৱাড্ৰণে অৱসৰ গ্ৰহণ কৰিব৷ আনহাতে চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহত বায়ু সেনাই লাভ কৰিব বহুচৰ্চিত ৰাফেল যুদ্ধ বিমান ৷

etvbharatassam
MiG-29

বায়ু সেনাৰ প্ৰয়োজন পূৰণ কৰিবলৈ বায়ু সেনাই 21 খন ৰাছিয়াত নিৰ্মিত MiG -29 যুঁজাৰু বিমান ক্ৰয় কৰিবলৈ আগবাঢ়িছে ৷ বায়ু সেনাৰ পশ্চিম কামাণ্ডৰ অধীনত তিনিটাMiG -29 স্কোৱাড্ৰণে দেশৰ আকাশী সীমান্তৰ সুৰক্ষা দি আহিছে ৷ বায়ু সেনাৰ উপৰিও নৌ-সেনাৰ আই এন এছ বিক্ৰমাদিত্যত আছে এটা MiG -29 কামাণ্ড ৷ উল্লেখ্য যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ভাৰতীয় বায়ু সেনাৰ এটি উচ্চপদস্থ দলে MiG -29 বিমানৰ পৰীক্ষণ কৰিবলৈ ৰাছিয়ালৈ গৈছিল ৷ ইতিমধ্যে উক্ত পৰীক্ষণ সম্পন্ন হৈছে আৰু বায়ু সেনাই শীঘ্ৰেই 21 খন MiG -29 বিমান অহা বছৰৰ ভিতৰতে লাভ কৰিব ৷

etvbharatassam
MiG-29

উল্লেখ্য যে, 1990 চনৰ পৰা 2000 চনৰ ভিতৰত আত্মপ্ৰকাশ কৰা MiG -29 বিমানখন হৈছে 4.5 প্ৰজন্মৰ এখন উন্নত আৰু শক্তিশালী যুঁজাৰু বিমান ৷ বিমানখনৰ উন্নত সংস্কৰণত ৰাডাৰ ছিষ্টেম, এভিয়নিকছ নিয়ন্ত্ৰণ, দোৰছেল আৰু ৱিং টেংক, এয়াৰ-টু-এয়াৰ ৰিফুৱেলিঙকে ধৰি কেইবাটাও প্ৰযুক্তি সংযুক্ত হৈ আছে ৷ অতিৰিক্ত ইন্ধনৰ সৈতে বিমানখনে 5 ঘন্টাৰ সময়ত অধিক উৰণ সম্পন্ন কৰিব পাৰে ৷ 4.5 প্ৰজন্মৰ যুঁজাৰু বিমানখনৰ বজাৰ মূল্য 285-300 কোটি বুলি প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ এক শীৰ্ষ সূত্ৰই ৷

Short of Fighter Jets, IAF eyes 21 MiG-29 Jets and Air-Defence Aircraft

যুদ্ধবিমানৰ অভাৱঃ ৰাছিয়াৰ পৰা অতিৰিক্ত 21 খন  MiG-29 বিমান ক্ৰয় কৰিব ভাৰতে 

প্ৰতিৰক্ষা দিশৰ পৰা ভাৰত বিশ্বৰ সেইখন দেশ যাৰ ওচৰত বিশ্বৰ চতুৰ্থ বৃহৎ স্থলসেনা, বায়ু সেনা আৰু সপ্তম বৃহৎ নৌ-সেনা শক্তিৰে মহীয়ান ৷ কিন্তু দেশখনৰ সুৰক্ষা তথা প্ৰতিৰক্ষা বিভাগৰ সামগ্ৰিক পৰিসংখ্যা এতিয়াও বহু পিচপৰি আছে যাৰ ফলত ভাৰতে বহুটো সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ 

নিউজ ডেস্ক, 4 এপ্ৰিলঃ পাকিস্তানী সন্ত্ৰাসবাদীৰ ওপৰত এয়াৰ ষ্ট্ৰাইক কৰিবলৈ সক্ষম হোৱা ভাৰতীয় বায়ু সেনাৰ  বাবে এতিয়াও প্ৰয়োজন আছে আৰু অধিক স্কোৱাড্ৰণৰ ৷ সেনাৰ একোটা ৰেজিমেন্ট নাইবা অৰ্ধসামৰিক বাহিনীৰ এটা বেটালিয়নৰ দৰেই সমকক্ষ বায়ু সেনাৰ এটা স্কোৱাড্ৰণ ৷ 

শেহতীয়াকৈ ভাৰতীয় বায়ু সেনাত 30 টা ক্সোৱাড্ৰণ আছে যদিও চলিত বৰ্ষৰ শেষলৈ সেইসমূহৰ কেইবাটাও ক্সোৱাড্ৰণে বাহিনীটোৰ পৰা অৱসৰ ল'ব  ৷  যিটো সময়ত ভাৰতীয় বায়ু সেনাত 42 টা স্কোৱাড্ৰণৰ প্ৰয়োজন তেনেস্থলত এতিয়া যুঁজাৰু বিমানৰ সংখ্যাত পিছপৰি ৰৈছে ভাৰতীয় বায়ু সেনা ৷ সাধাৰণতে একোটা স্কোৱাড্ৰণত 16-18খন যুঁজাৰু বিমান থাকে যদিও বায়ু সেনাই ইয়াৰ জেগুৱাৰ, মিগ আৰু মিৰাজ যুঁজাৰু বিমানৰ প্ৰায় 6টাৰো অধিক স্কোৱাড্ৰণে অৱসৰ গ্ৰহণ কৰিব  ৷ আনহাতে চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহত বায়ু সেনাই লাভ কৰিব বহুচৰ্চিত ৰাফেল যুদ্ধ বিমান ৷ 

বায়ু সেনাৰ প্ৰয়োজন পুৰণ কৰিবলৈ বায়ু সেনাই 21 খন ৰাছিয়াত নিৰ্মিত MiG -29 যুঁজাৰু বিমান ক্ৰয় কৰিবলৈ আগবাঢ়িছে ৷ বায়ু সেনাৰ পশ্চিম কামাণ্ডৰ অধীনত তিনিটা  MiG -29 স্কোৱাড্ৰণে দেশৰ আকাশী সীমান্তৰ সুৰক্ষা দি আহিছে ৷ বায়ু সেনাৰ উপৰিও নৌ-সেনাৰ আই এন এছ বিক্ৰমাদিত্যত আছে এটা MiG -29 কামাণ্ড ৷ উল্লেখ্য যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ভাৰতীয় বায়ু সেনাৰ এটি উচ্চপদস্থ দলে MiG -29 বিমানৰ পৰীক্ষণ কৰিবলৈ ৰাছিয়ালৈ গৈছিল ৷  ইতিমধ্যে উক্ত পৰীক্ষণ সম্পন্ন হৈছে আৰু বায়ু সেনাই শীঘ্ৰেই 21 খন MiG -29 বিমান অহা বছৰৰ ভিতৰতে লাভ কৰিব ৷ 

উল্লেখ্য যে, 1990 চনৰ পৰা 2000 চনৰ ভিতৰত আত্মপ্ৰকাশ কৰা MiG -29 বিমানখন হৈছে 4.5 প্ৰজন্মৰ এখন উন্নত আৰু শক্তিশালী যুঁজাৰু বিমান ৷ বিমানখনৰ উন্নত সংস্কৰণত ৰাডাৰ ছিষ্টেম, এভিয়নিকছ নিয়ন্ত্ৰণ, দোৰছেল আৰু ৱিং টেংক, এয়াৰ-টু-এয়াৰ ৰিফুৱেলিঙকে ধৰি কেইবাটাও প্ৰযুক্তি সংযুক্ত হৈ আছে ৷ অতিৰিক্ত ইন্ধনৰ সৈতে বিমানখনে 5 ঘন্টা সময়ত অধিক উৰণ সম্পন্ন কৰিব পাৰে ৷ 4.5 প্ৰজন্মৰ যুঁজাৰু বিমানখনৰ বজাৰ মূল্য 285-300 কোটি বুলি প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ এক শীৰ্ষ সূত্ৰই ৷ 
20091119162002Mig 29 (2).JPG
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.