ETV Bharat / bharat

অযোধ্যাত বলৱৎ কৰা হৈছে 144 ধাৰা

author img

By

Published : Oct 24, 2020, 10:27 PM IST

17 ডিচেম্বৰলৈকে অযোধ্যাত বলৱৎ কৰা হৈছে 144 ধাৰা ৷ জিলা দণ্ডাধীশ অনুজ কুমাৰ ঝাৰ মতে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে অংশ ল’ব দ্বীপোৎসৱত আৰু উৎসৱৰ মাজতে কেইবাটাও গুৰুত্বপূৰ্ণ পৰীক্ষা অনুষ্ঠিত হ’ব ৷ এই কাৰ্যসূচীসমূহ যাতে নিয়াৰিকৈ অনুষ্ঠিত কৰিব পৰা যায়, তাৰ বাবেই সান্ধ্য আইন জাৰী কৰা হৈছে বুলি জনালে জিলা দণ্ডাধীশ গৰাকীয়ে ৷

ayodhya news
অযোধ্যাত সান্ধ্যআইন জাৰী

নেশ্যনেল ডেস্ক, 24 অক্টোবৰ : উৎসৱৰ সময়ত শান্তি শৃংখলা অটুট ৰখাৰ বাবে অযোধ্যাত বলৱৎ কৰা হৈছে 144 ধাৰা ৷ 17 ডিচেম্বৰলৈকে বাহাল থাকিব এই নিৰ্দেশ ৷ জিলা দণ্ডাধীশ অনুজ কুমাৰ ঝাৰ মতে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে দ্বীপোৎসৱত অংশ ল’ব আৰু উৎসৱৰ মাজতে কেইবাটাও গুৰুত্বপূৰ্ণ পৰীক্ষা অনুষ্ঠিত হ’ব ৷

অহা 13 নৱেম্বৰত ৰামকথা পাৰ্ক, ৰামকী পেইডী, নয়াঘাট, চাৰয়ু আৰতি আদি কেইবাটাও স্থানত মূল অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ ৰামকথা পাৰ্কত অনুষ্ঠিত হ’ব লগা অনুষ্ঠানত হেলিকপ্টাৰেৰে পুষ্পবৰ্ষণৰ এক অনুষ্ঠানৰো আয়োজন কৰা হ’ব ৷ ইয়াৰোপৰি ভজন সন্ধ্যা, আৰতি আদি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ এই অনুষ্ঠান সমূহ যাতে নিয়াৰিকৈ অনুষ্ঠিত কৰিব পৰা যায়, তাৰ বাবেই সান্ধ্য আইন জাৰী কৰা হৈছে বুলি জনালে জিলা দণ্ডাধীশ গৰাকীয়ে ৷

লগতে পঢ়ক : বলি বিধানৰ পৰা এইবাৰ বিৰত থাকিল ভেৱাৰঘাটৰ পূজাথলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.