ETV Bharat / bharat

ক'ভিড-১৯ঃ ৰাজহুৱা স্বাৰ্থজনিত আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

author img

By

Published : Oct 1, 2020, 6:47 PM IST

Supreme court reject PIL
'ভিড-১৯ঃ ৰাজহুৱা স্বাৰ্থজনিত আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

বিচাৰপতি এল এন ৰাওৰ নেতৃত্বাধীন বিচাৰপীঠক অধিবক্তা প্ৰশান্ত ভূষণে জনায় যে, ৪ ফ্ৰেব্ৰুৱাৰীত গৃহ মন্ত্ৰালয়ে এক স্বাস্থ্য সম্পৰ্কীয় নিৰ্দেশনা জাৰি কৰিছিল কিন্তু ৪ মাৰ্চলৈকে আন্তঃৰাষ্ট্ৰীয় যাত্ৰী সকলৰ কোনো ধৰণৰ পৰীক্ষা কৰা হোৱা নাছিল ।

নিউজ ডেস্ক, ১ অক্টোবৰ : মহামান্য উচ্চতম ন্যায়ালয়ে অৱসৰপ্ৰাপ্ত আমোলাসকলৰ দ্বাৰা জনহিতাৰ্থে দাখিল কৰা আবেদন (পিআইএল) খাৰিজ কৰিছে ।য'ত চৰকাৰৰ দ্বাৰা দেশত ক'ভিড মহামাৰীৰ অব্যৱস্থাপনাৰ অভিযোগ উত্থাপন কৰা হৈছিল ।

বিচাৰপতি এল এন ৰাওৰ নেতৃত্বাধীন বিচাৰপীঠক অধিবক্তা প্ৰশান্ত ভূষণে জনায় যে, ৪ ফ্ৰেব্ৰুৱাৰীত গৃহ মন্ত্ৰালয়ে এক স্বাস্থ্য সম্পৰ্কীয় নিৰ্দেশনা জাৰি কৰিছিল কিন্তু ৪ মাৰ্চলৈকে আন্তঃৰাষ্ট্ৰীয় যাত্ৰী সকলৰ কোনো ধৰণৰ পৰীক্ষা কৰা হোৱা নাছিল ।

অধিবক্তা গৰাকীয়ে আকৌ জনাইছে যে, সমগ্ৰ দেশজুৰি লক ডাউন দিয়াৰ পূৰ্বে ২৪ ফ্ৰেব্ৰুৱাৰীত 'নমস্তে ট্ৰাম্প' অনুষ্ঠানটিৰ আয়োজন কৰা হৈছিল য'ত প্ৰায় ১ লাখ লোকে অংশগ্ৰহণ কৰিছিল । পৰৱৰ্তী সময়ত মহামাৰী কৰ'ণাৰ প্ৰতি লক্ষ্যৰাখি বিশেষজ্ঞ সকলৰ পৰামৰ্শ অনুসৰি লক ডাউন দিয়া হ'ল কিন্তু দেশজুৰি দিয়া লক ডাউনত বহুলোক কৰ্মসংস্থাপন হেৰুওৱা বুলিও উল্লেখ কৰিছে ।

তেওঁলোকে আৰু জনাই যে, এই সমগ্ৰ বিষয়টো সাৰ্বজনীক । গতিকে ইয়াৰ সঠিক সিদ্ধান্ত ৰাইজৰ ওপৰত এৰি দিয়া হৈছে ।

লগতে পঢ়ক: নিৰ্যাতিতা কিশোৰীৰ পিতৃৰ অভিযোগক নস্যাৎ কৰিলে ৰাজস্থান আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.