ETV Bharat / bharat

সামাজিক সবলীকৰণৰ বাবে দায়বদ্ধ আৰ্টিফিছিয়েল ইন্টেলিজেঞ্চঃ ৰৱি শংকৰ প্ৰসাদ

author img

By

Published : Oct 10, 2020, 8:38 AM IST

Updated : Oct 10, 2020, 12:10 PM IST

Responsible Artificial Intelligence for Social Empowerment
সামাজিক সবলীকৰণৰ বাবে দায়বদ্ধ আৰ্টিফিছিয়েল ইন্টেলিজেঞ্চঃ ৰৱি শংকৰ প্ৰসাদ

“আৰ্টিফিছিয়েল ইন্টেলিজেঞ্চ” ব্যৱস্থাত তথ্য হ’ল প্ৰধান “বিল্ডিং ব্লক”৷ ৭০০ মিলিয়ন ইন্টাৰনেট ছাবস্ক্ৰাইবাৰ, ১.২১ বিলিয়ন ম’বাইল ফোন ব্যৱহাৰকাৰী আৰু ১.২৬ বিলিয়নখন আধাৰ কাৰ্ডৰ গৰাকী থকা ভাৰতবৰ্ষত প্ৰতিদিনে এক বুজন সংখ্যক তথ্যৰ উৎপন্ন হয় ৷ ভাৰতবৰ্ষত সমগ্ৰ বিশ্বৰে কেইটামান প্ৰমূখ ইন্টাৰনেট কোম্পেনীৰ বৃহত্তম উপভোক্তাকাৰী আছে ৷ ইতিমধ্যে বিশ্বত নিজৰ দক্ষতা প্ৰমাণ কৰা ভাৰতৰ আই টি ক্ষেত্ৰখনে সুদক্ষ আৰু সক্ষম মানৱ সম্পদৰ সহজলভ্যতা সুনিশ্চিত কৰিছে ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষ এক আৰ্টিফিছিয়েল ইন্টেলিজেঞ্চ বিপ্লৱৰ দিশে আগুৱাইছে ৷ এইখিনিতে উল্লেখযোগ্য যে প্ৰধান মন্ত্ৰী গৰাকীয়ে সদায়েই নাগৰিকসকলৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ উদগনি দি আহিছে ৷


সামগ্ৰিক বিকাশ, সুশান আৰু সাধাৰণ নাগৰিকক সবল কৰি তুলাত ‘ডিজিটেল ইণ্ডিয়া’ৰ সফলতাই ডিজিটেল প্ৰযুক্তিবিদ্যাৰ সুবিধা লোৱাৰ ক্ষেত্ৰত নতুন বিশ্ব মানদণ্ডৰ সূচনা কৰিছে ৷ কেইবছৰমানৰ আগলৈকে যি ডিজিটেল প্ৰযুক্তি একমাত্ৰ সমৃদ্ধিশালী শ্ৰেণীটোৰ বিলাসিতাৰ আহিলা হিচাপে পৰিচিতি আছিল বৰ্তমান সেই ডিজিটেল প্ৰযুক্তিয়েই সৰ্বসাধাৰণৰ সহজলভ্য আহিলা হৈ পৰিছে ৷ দ্ৰুত গতিত সলনি হৈ থকা প্ৰযুক্তিবিদ্যাত সাম্ভাৱ্য প্ৰত্যাহ্বান সমূহেৰে মোকাবিলা কৰিব পৰাকৈ ধাৰাবাহিক বিবৰ্তিত ব্যৱস্থা তথা খৰতকীয়া আৰু পৰ্যাপ্ত নিয়ামক প্ৰতিক্ৰিয়া আৰু বিল্ডিং কেপাছিটিৰ প্ৰয়োজন ৷ “আৰ্টিফিছিয়েল ইন্টেলিজেঞ্চ”ৰ আগমন অকল এক ক্ৰমবৰ্দ্ধমান পৰিৱৰ্তনেই নহয় বৰঞ্চ ই প্ৰযুক্তিবিদ্যাৰ পটভূমিত এক প্ৰধান দৃষ্টান্তমূলক পৰিৱৰ্তনো; যাক মানৱ সভ্যতাৰ সৰ্বাংগীণ উন্নয়নৰ ক্ষেত্ৰখনত অন্যতম আহিলা হিচাপে গ্ৰহণ কৰা উচিত ৷

“আৰ্টিফিছিয়েল ইন্টেলিজেঞ্চ” ব্যৱস্থাত তথ্য হ’ল প্ৰধান “বিল্ডিং ব্লক”৷ ৭০০ মিলিয়ন ইন্টাৰনেট ছাবস্ক্ৰাইবাৰ, ১.২১ বিলিয়ন ম’বাইল ফোন ব্যৱহাৰকাৰী আৰু ১.২৬ বিলিয়নখন আধাৰ কাৰ্ডৰ গৰাকী থকা ভাৰতবৰ্ষত প্ৰতিদিনে এক বুজন সংখ্যক তথ্যৰ উৎপন্ন হয় ৷ ভাৰতবৰ্ষত সমগ্ৰ বিশ্বৰে কেইটামান প্ৰমূখ ইন্টাৰনেট কোম্পেনীৰ বৃহত্তম উপভোক্তাকাৰী আছে ৷ ইতিমধ্যে বিশ্বত নিজৰ দক্ষতা প্ৰমাণ কৰা ভাৰতৰ আই টি ক্ষেত্ৰখনে সুদক্ষ আৰু সক্ষম মানৱ সম্পদৰ সহজলভ্যতা সুনিশ্চিত কৰিছে ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষ এক আৰ্টিফিছিয়েল ইন্টেলিজেঞ্চ বিপ্লৱৰ দিশে আগুৱাইছে ৷ এইখিনিতে উল্লেখযোগ্য যে প্ৰধান মন্ত্ৰী গৰাকীয়ে সদায়েই নাগৰিকসকলৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ উদগনি দি আহিছে ৷

২০১৮ চনত ভাৰত চৰকাৰে “নেশ্বনেল এ আই ষ্ট্ৰেটেজী” প্ৰকাশ কৰিছিল ৷ তেতিয়াৰে পৰাই ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্রালয়ে এক শক্তিশালী এ আই ইক’ছিষ্টেম বিকাশৰ বাবে ভালেসংখ্যক উদ্যোগ গ্ৰহণ কৰিছে ৷ চৰকাৰী বিভাগবোৰত “এক্সপাৰ্ট ডাটা এনালাইটিকছ” সেৱাৰ সুবিধা আগবঢ়াবলৈ “ছেন্টাৰ অৱ এক্সিলেন্ট ইন ডাটা এনালাইটিক্স” (চি ই ডি এ) স্থাপন কৰা হৈছিল ৷ আইটি উদ্যোগৰ সহযোগত বেংগালুৰু, গান্ধীনগৰ, গুৰুগ্ৰাম আৰু ৱিজাগত ছেন্টাৰছ অৱ এক্সিলেঞ্চ স্থাপন কৰা হৈছে ৷ য’ত বৰ্তমানলৈকে ১১৩ টা ষ্টাৰ্টআপক প্ৰস্ফুতিত কৰি তুলা হৈছে, ৫৬ টাকৈ বৌদ্ধিক সম্পত্তিৰ উৎপন্ন কৰা হৈছে আৰু ৫৬ টা ক্ষেত্ৰভিত্তিক সমাধানৰ বিকাশ সাধন সম্পন্ন কৰা হৈছে ৷ চাৰি লক্ষাধিক পেছাদাৰীক লাভৱান্বিত কৰি তোলাৰ লক্ষ্যৰে উদীয়মান প্ৰযুক্তিবিদ্যাত তথা ন কৰ্মক্ষেত্ৰত পেছাদাৰীসকলক দক্ষতা তথা পুনৰ দক্ষতা প্ৰদান কৰাৰ উদ্দেশ্যে “ফিউছাৰ স্কিলছ প্ৰাইম”ৰ অনলাইন ক্ষমতা বৃদ্ধিৰ প্লেটফৰ্মৰ আৰম্ভণি কৰা হৈছে ৷ এ আইত সহযোগিতা আৰু জ্ঞানৰ আদান প্ৰদানৰ বাবে ৱান ষ্টপ ডিজিটেল প্লেটফৰ্ম হিচাপে নেশ্বনেল আৰ্টিফিছিয়েল ইন্টেলিজেঞ্চ পৰ্টেল উন্মোচন কৰা হৈছে ৷ কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ পৰা অনুমোদন পোৱাৰ পাচতেই অতি শীঘ্ৰেই ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তিবিদ্যা মন্ত্ৰালয়ৰ দাৰা আৰ্টিফিছিয়েল ইন্টেলিজেঞ্চৰ বিষয়ে ৰাষ্ট্ৰীয় কাৰ্যসূচী গ্রহণ কৰা হ’ব ৷

আধাৰ, ইউ পি আই, জি এছ টি এন আৰু জি ই এমৰ পৰা পোৱা অভিজ্ঞতাৰ ফলস্বৰূপে চৰকাৰে স্বাস্থ্য, কৃষি, সংসাধন, ভাষা অনুবাদ ইত্যাদিৰ ক্ষেত্ৰত ৰাজহুৱা ডিজিটেল প্লেটফৰ্ম স্থাপন কৰাত উৎসাহ যোগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ২০২০ চনৰ স্বাধীনতা দিৱসৰ দিনা প্ৰধান মন্ত্ৰীৰ দাৰা ঘোষিত হোৱা ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য মিশ্বনৰ জৰিয়তে স্বাস্থ্য ক্ষেত্ৰত ৰাজহুৱা ডিজিটেল প্লেটফৰ্মৰ কৰ্মসূচীৰ আৰম্ভণি কৰা হৈছে ৷ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তিবিদ্যা মন্ত্ৰালয়ে শিক্ষা প্ৰতিষ্ঠানবোৰ, গৱেষণা প্ৰতিষ্ঠানবোৰ, শিল্প তথা ষ্টাৰ্টআপৰ সহযোগত এক আৰ্টিফিছিয়েল ইন্টেলিজেঞ্চ আধাৰিত প্ৰাকৃতিক ভাষা অনুবাদ মিশ্বনৰ বিকাশ কৰিছে আৰু ই ভাৰতীয় ভাষাসমূহত কন্ঠ সক্ষম (ভইছ এনেব্‌ল) ইন্টাৰনেটৰ সুবিধাটিৰ পথ সুগম কৰি তুলিব ৷ ঠিক একেদৰেই ভাৰত চৰকাৰৰ অনান্য মন্ত্ৰালয়সমূহেও শিক্ষা প্ৰতিস্থান, শিল্প প্ৰতিস্থান আৰু ষ্টাৰ্টআপসমূহৰ সহযোগত ক্ষেত্ৰভিত্তিক ৰাজহুৱা ডিজিটেল প্লেটফৰ্মসমূহ চূড়ান্ত কৰাৰ বিভিন্ন স্তৰত আছে ৷ এই প্লেটফৰ্মবোৰে নিজৰ নিজৰ ক্ষেত্ৰত এ আই আধাৰিত সেৱাসমূহ আগবঢ়াব আৰু একেসময়তে উপভুক্তাৰ তথ্য সুৰক্ষা আৰু গোপনীয়তাও পালন কৰাত দায়বদ্ধ হ’ব ৷ লগতে এই প্লেটফৰ্মসমূহে ভাৰতীয় ষ্টাৰ্টআপসমূহৰ বাবে প্ৰচূৰ পৰিমাণে সুযোগৰ সৃষ্টি কৰিব ৷

প্ৰযুক্তিবিদ্যাৰ বিকাশে একেসময়তে পৰিৱৰ্তন অনাৰ লগতে উদ্বেগৰ কাৰণো হৈ পৰিছে ৷ যিসময়ত বৃহত্তৰ পৰিমাণে কম্পিউটাৰাইজেশ্বন কৰা হৈছিল; ঠিক একেসময়তে ইয়াৰ বাবে বৃহৎ পৰিমাণে সৃষ্টি হোৱা কৰ্মহীনতা চিন্তনীয় বিষয় হৈ পৰিছিল ৷ কিন্তু ঘটনাক্ৰমে আকৌ কম্পিউটাৰ আৰু তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখন আটাইতকৈ সৰহসংখ্যক কৰ্মসংস্থাপন সৃষ্টি কৰা ক্ষেত্ৰসমূহৰ ভিতৰত অন্যতম হৈ পৰিল ৷ ঠিক একেদৰেই আৰ্টিফিছিয়েল ইন্টেলিজেঞ্চৰ আগমনে বৰ্তমানৰ বহু সংখ্যকৰ চাকৰি কাঢ়ি নিব ৷ কিন্তু একেসময়তে বহু নতুন কৰ্মসংস্থাপনৰো সৃষ্টি কৰিব ৷ বিশ্ব সমূদায়ে এই ৰূপান্তৰ কাৰ্যকৰিভাৱে পৰিচালনা কৰিব লাগিব যাতে ই সমাজত বৈষম্যক আৰু বঢ়াই নুতোলে ৷ “ফিউছাৰ স্কিলছ প্ৰাইম”ৰ দৰে উদ্যোগবোৰৰ জৰিয়তে ভাৰতবৰ্ষই ইতিমধ্যেই নিজৰ কৰ্মশক্তিক ভৱিষ্যতৰ আইটি ক্ষেত্ৰখনৰ কৰ্ম ভূমিকাসমূহৰ লগত খাপ খাব পৰাকৈ পুনৰ দক্ষতা প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে ৷ সামাজিক সৱলিকৰণৰ ক্ষেত্ৰত দায়বদ্ধ এ আইৰ বিষয়ে থকা ভাৰতীয় দৃষ্টিকোণে এ আইৰ জৰিয়তে সৰ্বসার্ধাণৰ সামগ্ৰিক উন্নয়নৰ সুবিধা আদায় কৰিব বিচাৰে ৷ কিন্তু ইয়াৰ লগতে এ আইৰ ব্যৱস্থা আগমনৰ যোগেদি যাতে কৰ্মচাৰীসকল অযথা বহিস্কৃত নহয় তথা হাৰাশাস্তিৰ সন্মুখিন নহয় তাৰ প্ৰতিও ভাৰত চৰকাৰ সচেতন ৷

আৰ্টিফিছিয়েল ইন্টেলিজেঞ্চে বৃহত্তৰ সামাজিক সবলীকৰণক প্ৰতিনিধিত্ব কৰা উচিত ৷ বিশেষকৈ সমাজৰ পিছপৰা তথা দাৰিদ্ৰ শ্ৰেণীক সৱল কৰাত ই বিশেষ ভূমিকা পালন কৰা উচিত ৷ ইয়াক এনে এক ৰূপত বিকশিত কৰা উচিত যাতে ই আয়াসতে সৰ্বসাধৰণে সন্মুখিন হোৱা সমস্যাসমূহৰ সমাধান কৰিব পাৰে ৷ স্বাস্থ্য, কৃষি, শিক্ষা, সংসাধন আৰু ভাষাৰ দৰে ক্ষেত্ৰসমূহত আৰ্টিফিছিয়েল ইন্টেলিজেঞ্চক ব্যাপকভাৱে ব্যৱহাৰ কৰাৰ ভাৰতবৰ্ষৰ যি দৃষ্টিভংগী; সেইয়া সামাজিক সবলীকৰণ কৰাৰ ক্ষেত্ৰত এ আইৰ সুযোগ গ্ৰহণ কৰাৰ আমাৰ যি প্ৰতিশ্ৰুতি তাৰ দাৰা অনুপ্ৰাণিত ৷

আৰ্টিফিছিয়েল ইন্টেলিজেঞ্চ বিকাশৰ ক্ষেত্ৰত তথ্য উৎসসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ৷ যি নহওক, তথ্যৰ অপব্যৱহাৰ আৰু উপভুক্তাৰ গোপনীয়তা উলংঘনৰ লগত জৰিত চিন্তনীয় বিষয়টি এ আই ব্যৱস্থাৰ দাৰা গুৰুত্বাসহকাৰে সমাধান কৰা উচিত ৷ ভাৰত চৰকাৰে ইতিমধ্যেই সংসদত এখন শক্তিশালী ব্যক্তিগত তথ্য সুৰক্ষা বিল প্ৰৱৰ্তন কৰিছে ৷ এই বিলখনৰ জৰিয়তে ডিজিটেল যুগত উপভুক্তাৰ গোপনীয়তাৰ সুৰক্ষা তথা একেসময়তে এক শক্তিশালী তথ্য অৰ্থনীতিৰ বিকাশৰ সুবিধা প্ৰদান কৰিব বিচৰা হৈছে ৷ এইখিনিতে এই কথা উল্লেখ কৰা প্ৰাসঙ্গিক হ’ব যে ডিজিটেল বিশ্বত ভাৰতীয় নাগৰিকৰ গোপনীয়তা তথা তথ্যৰ অপব্যৱহাৰ কৰি একাধিপত্য সৃষ্টিৰ প্ৰচেষ্টা কৰিলে ভাৰত চৰকাৰৰ তৰফৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়াৰ সন্মুখিন হ’ব ৷ অলপতে কেইটামান নিৰ্দিষ্ট ম’বাইল এপৰ বিৰুদ্ধে লোৱা শাস্তিমূলক ব্যৱস্থাই স্পষ্ট ইংগিত বহন কৰে যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ চৰকাৰখন ভাৰতীয় নাগৰিকৰ গোপনীয়তা আৰু ভাৰতৰ তথ্য সাৰ্বভৌমত্বৰ সুৰক্ষাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ ৷

আৰ্টিফিছিয়েল ইন্টেলিজেঞ্চে বহু নৈতিক আৰু আইনীগত উদ্বেগৰো জন্ম দিয়ে আৰু এই বিষয়বোৰৰ গুৰুত্বসহকাৰে সমাধান কৰিব লাগিব ৷ এ আইৰ ব্যৱস্থাক সঞ্চালিত কৰা কিছুমান নিৰ্দেশনা যাক এলগ’ৰিদ্‌মৰ দাৰা সংজ্ঞায়িত কৰা হয়; সেইয়া নিৰপেক্ষ আৰু পক্ষপাত মুক্ত হ’ব লাগিব ৷ উদাহৰণ স্বৰূপে, মুখাৱয়ৱ চিনাক্ত কৰণ ব্যৱস্থাত কোনো ধৰণৰ জাতিগত বৈষম্যতা পক্ষপাটদুষ্টভাৱে প্ৰদৰ্শন কৰা উচিত নহ’ব নাইবা বাতৰি আৰু ছ’শ্বেল মিডিয়াত কোনো নিৰ্দিষ্ট ৰজনৈতিক দলৰ চিন্তাধাৰাৰ প্ৰতি আনুগত্যতা প্ৰকশ কৰা উচিত নহ’ব ৷ প্ৰাথমিক বিচাৰ ব্যৱস্থাৰ আধাৰত সৃষ্টি হোৱা বৰ্তমানৰ প্ৰচলিত আইনসমূহ আন্তঃৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যাৰ দাৰা প্ৰত্যাহ্বানৰ সন্মুখিন হৈছে ৷ বিশ্বৰ বিভিন্ন প্ৰান্তত থকা দুষ্ট চক্ৰই যিকোনো সমাজৰে শান্তি ভংগ কৰিব পাৰে ৷ ইয়াৰ উদাহৰণ আমি অলপতে ভাৰতত সংঘঠিত হৈ যোৱা কা (চি এ এ) প্ৰতিবাদ আৰু দিল্লী সংঘৰ্ষৰ সময়ত দেখিবলৈ পাইছোঁ ৷ এই উদ্বেগজনক বিষয়সমূহ বিশ্ব সম্প্ৰদায় একত্ৰীত হৈ সমাধান কৰিব লাগিব ৷

আৰ্টিফিছিয়েল ইন্টেলিজেঞ্ছ- দায়িত্বশীল এ আই বিকাশৰ এক বহুপাক্ষিক সমূহ স্থাপনৰ ক্ষেত্ৰত বিশ্ব অংশীদাৰিত্বৰ সদস্যসকলৰ ভিতৰত ভাৰত হ’ল এখন অন্যতম সদস্য ৰাষ্ট্ৰ ৷ তদুপৰি ভাৰতবৰ্ষই প্ৰাথমিক এ আই ইক’ছিষ্টেম বিকাশৰ বাবে দ্বীপাক্ষিকভাৱে বিভিন্ন ৰাষ্ট্ৰৰ লগত জৰিত হৈ আছে ৷ ভাৰতৰ বৃহত্তম এ আই শীৰ্ষ সন্মিলন ৰেইজ ২০২০এ (আৰ এ ই এছ এ ই) মানৱীয় প্ৰমূল্যৰ প্ৰতি দায়বদ্ধ তথা সামাজিক সৱলিকৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ এক আৰ্টিফিছিয়েল ইন্টেলিজেঞ্চ ইক’ছিষ্টেম বিকাশৰ বাবে বিশ্ব সম্প্ৰদায়ৰ সহযোগিতা বিচাৰে ৷

ৰেইজ ২০২০ ত আপোনাক লগ পোৱাৰ আশাৰে !

(লেখক: বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তিবিদ্যা, যোগাযোগ, আইন আৰু ন্যায়ৰ কেন্দ্ৰীয় মন্ত্ৰী)

লগতে পঢ়ক: 13সংখ্যক ফ্ৰান্স অপেনৰ ফাইনেললৈ নাডাল

Last Updated :Oct 10, 2020, 12:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.