ETV Bharat / bharat

কলিয়াবৰত উদ্ধাৰ প্ৰকাণ্ড অজগৰ

author img

By

Published : Jan 24, 2021, 5:50 PM IST

নগাঁও জিলাৰ কলিয়াবৰৰ নিজ-চিলাবন্ধা গাঁৱত উদ্ধাৰ এডাল প্ৰকাণ্ড অজগৰ । প্ৰায় ৮ ফুট দৈৰ্ঘ্য আৰু ২০ কিল’গ্ৰাম ওজনৰ অজগৰডাল ।

কলিয়াবৰত উদ্ধাৰ প্ৰকাণ্ড অজগৰ
কলিয়াবৰত উদ্ধাৰ প্ৰকাণ্ড অজগৰ

নগাঁও, ২৪ জানুৱাৰী: নগাঁও জিলাৰ কলিয়াবৰৰ নিজ-চিলাবন্ধা গাঁৱত উদ্ধাৰ হৈছে এডাল প্ৰকাণ্ড অজগৰ । অঞ্চলটোৰ জংঘলৰ মাজত স্থানীয় লোক এজনে প্ৰত্যক্ষ কৰাত সকলোকে অৱগত কৰে আৰু স্থানীয় ৰাইজৰ সহযোগত অজগৰডাল উদ্ধাৰ কৰি বন বিভাগৰ লোকক খবৰ দিয়ে ।

কলিয়াবৰত উদ্ধাৰ প্ৰকাণ্ড অজগৰ
কলিয়াবৰত উদ্ধাৰ প্ৰকাণ্ড অজগৰ

খবৰট অৱগত হৈ ঘটনাস্থলীত উপস্থিত হোৱা বন বিভাগৰ লোকে পৰৱৰ্তী সময়ত শিলঘাটৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে অজগৰডাল ।

উল্লেখ্য যে, প্ৰায় ৮ ফুট দৈৰ্ঘ্য আৰু ২০ কিল’গ্ৰাম ওজনৰ অজগৰডাল বিদ্যুৎ হাজৰিকা নামৰ যুৱকজনে প্ৰথমে প্ৰত্যক্ষ কৰিছিল ।

লগতে পঢ়ক: চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.