ETV Bharat / bharat

কৃষক আইনৰ বিৰোধিতাৰে পঞ্জাৱত অব্যাহত আছে কৃষক মজদুৰ সংঘৰ প্ৰতিবাদ

author img

By

Published : Oct 23, 2020, 12:40 PM IST

পঞ্জাৱত কৃষকৰ প্ৰতিবাদ অব্যাহত ৷ কৃষক আইনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৃষকৰ ৷

Punjab: Kisan Mazdoor Sangharsh Committee continues protest against farm laws
কৃষক আইনৰ বিৰোধিতাৰে পঞ্জাৱত অব্যাহত আছে কৃষক মজদুৰ সংঘৰ প্ৰতিবাদ

নিউজ ডেস্ক, 23 অক্টোবৰ : শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে সংসদত গৃহীত কৰা তিনিখন কৃষি আইন সন্দৰ্ভত দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষকৰ লগতে বিভিন্ন দল-সংগঠনে ৷ বিশেষকৈ পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকে এই আইনৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

শুকুৰবাৰে পুনৰ পঞ্জাৱৰ 'কৃষক মজদুৰ সংঘ সমিতি'য়ে অমৃতসৰত কেন্দ্ৰৰ এই তিনি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিভিন্ন ধৰণৰ চৰকাৰ বিৰোধী শ্ল'গানৰে প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷ তেওঁলোকে কৃষক আইন তিনিখনে কৃষকৰ অধিকাৰ নিঃশেষ কৰিব বুলি মন্তব্য প্ৰদান কৰে ৷

আনহাতে, কেন্দ্ৰই দাবী কৰা অনুসৰি,এই আইন তিনিখনে ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক সকলক 'মাণ্ডী'ৰ বাহিৰত সামগ্ৰী বিক্ৰী কৰিবলৈ অনুমতি প্ৰদান কৰি কৃষি,ব্যৱসায়িক প্ৰতিষ্ঠানৰ সৈতে চুক্তি স্বাক্ষৰ কৰিব আৰু মুখ্য সামগ্ৰীৰ ওপৰত ষ্টক ধাৰণৰ সীমা আঁতৰ কৰি কৃষকক সহায় কৰিব ৷

লগতে পঢ়ক : ক্ৰমাৎ বৃদ্ধি পাইছে হোৱাইট হাউছ দখলৰ যুঁজ

ইতিমধ্যে, এই আইন কেইখনৰ বিৰোধিতাৰে দেশৰ বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে ৷ বিশেষকৈ উত্তৰ প্ৰদেশ,পঞ্জাৱ,হাৰিয়ানা,ওড়িশাত প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষকৰ লগতে কৃষি সংগঠন সমূহে ৷

উল্লেখ্য যে,শেহতীয়াকৈ সংসদত গৃহীত হোৱা আইন তিনিখন হ'ল, সামগ্ৰী বাণিজ্য আৰু বাণিজ্য (প্ৰমোচন আৰু সুবিধা) আইন 2020, কৃষক (সৱলীকৰণ আৰু সুৰক্ষা) মূল্য বীমা আৰু কৃষি সেৱা আইন, 2020, আৰু অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধনী) আইন 2020

লগতে পঢ়ক : ৰাহুল গান্ধীৰ অনুপস্থিতিত সন্মুখৰ পৰা নেতৃত্বত তেজস্বী যাদৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.