ETV Bharat / bharat

আৰক্ষীৰ ফ্লেগ মাৰ্চ দিল্লীৰ খাজুৰি খাছত

author img

By

Published : Feb 25, 2020, 8:14 PM IST

Police conduct flag march in Khajuri Khas area of Delhi
আৰক্ষীৰ ফ্লেগ মাৰ্চ দিল্লীৰ খাজুৰি খাছত

উত্তৰ-পূৱ দিল্লীৰ জাফাৰাবাদত সংঘটিত হিংসাত্মক ঘটনাত মঙলবাৰে মৃত্যুৰ সংখ্যা 10 গৰাকীলৈ বৃদ্ধি হয় ৷ আনহাতে আহতৰ সংখ্যা 150 ৰো অধিকলৈ বৃদ্ধি হয় ৷ সমগ্ৰ অঞ্চলত 144 ধাৰা বলৱৎ কৰি সান্ধ্য আইন জাৰি কৰা হৈছে ৷ মঙলবাৰে দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ আয়ুক্ত সতীশ গোলশ্বাই সমগ্ৰ অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈ নিয়ন্ত্ৰণৰ চেষ্টা কৰে ৷

নেশ্যনেল ডেস্ক, 25 ফেব্ৰুৱাৰীঃ সোমবাৰে উত্তৰ-পূৱ দিল্লীৰ জাফাৰাবাদত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আৰু নাগৰিকত্ব সংশোধনী আইন সমৰ্থনকাৰী দুটা গোটৰ মাজত ভয়ংকৰ সংঘৰ্ষৰ সৃষ্টি হয় ৷ এই সংঘৰ্ষত এগৰাকী আৰক্ষীকে ধৰি মৃত্যুৰ সংখ্যা মঙলবাৰে 10 গৰাকীলৈ বৃদ্ধি হয় ৷ আনহাতে আহতৰ সংখ্যা 150 ৰো অধিকলৈ বৃদ্ধি হয় ৷ আৰক্ষীয়ে ফ্লেগ মাৰ্চ কৰে খাজুৰি খাছ অঞ্চলত ৷

ইতিমধ্যে সমগ্ৰ অঞ্চলত 144 ধাৰা বলৱৎ কৰি সান্ধ্য আইন জাৰি কৰা হৈছে ৷ মঙলবাৰে দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ আয়ুক্ত সতীশ গোলশ্বাই সমগ্ৰ অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈ নিয়ন্ত্ৰণৰ চেষ্টা কৰে ৷ সংবাদ মাধ্যমৰ আগত আৰক্ষী আয়ুক্তগৰাকীয়ে দোষীক চিনাক্ত কৰি দোষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰি জনসাধাৰণক আৰক্ষীৰ সৈতে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰু অধিক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে ৷

উল্লেখ্য যে মঙলবাৰে পুৱাৰ ভাগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে দিল্লীৰ ৰাজ্যপাল লেফটেনেন্ট জেনেৰেল অনিল বাজাজ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু দিল্লী আৰক্ষী আয়ুক্ত অমূল্য পাটনায়ক তথা অন্যান্য ৰাজনৈতিক নেতাই এক বৈঠকত মিলিত হৈ এই হিংসাত্মক সংঘৰ্ষৰ বিষয়ে আলোচনা কৰে ৷

আৰক্ষীৰ ফ্লেগ মাৰ্চ দিল্লীৰ খাজুৰি খাছত

আনহাতে আৰক্ষীৰ সৈতেও প্ৰতিবাদকাৰীসকলে সংঘৰ্ষত লিপ্ত হয় ৷ আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ ওপৰত লাঠীচালনা কৰিবলৈ বাধ্য হোৱাৰ পিছত দুই পক্ষৰ মাজত তীব্ৰ সংঘাতৰ সৃষ্টি হয় ৷ বৰ্তমান আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণত অনাৰ বাবে নিজৰ চেষ্টা অব্যাহত ৰাখিছে ৷

এই হিংসাত্মক ঘটনা সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে কৰা সাক্ষাতৰ পিছত এক সংবাদমেল সম্বোধন কৰে ৷ বিগত কেইবাদিন ধৰি দিল্লীৰ পৰিস্থিতি যথেষ্ট উদ্বেগজনক ৷ ই যথেষ্ট চিন্তনীয় বিষয় ৷ জনসাধৰণক শান্তি অটুট ৰাখিবলৈ তেওঁ আহ্বান জনোৱাৰ লগতে কয় যে হিংসাৰে কোনো সমাধনৰ পথ মুকলি নহয় ৷ আৰক্ষীৰ লগতে মৃত্যু হোৱা সকলোলৈকে তেওঁ সমবেদনা জ্ঞাপন কৰি আহতসকলৰ উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিৰ্দেশ জাৰী কৰে ৷

উল্লেখ্য যে এই সংবাদমেলত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ লগতে মন্ত্ৰী মনীষ চিচোড়িয়া, সত্যেন্দ্ৰ জৈন, গোপাল ৰায়, ইমৰাণ হুছেইন, ৰাজেন্দ্ৰ পাল গৌতম তথা মুখ্য গৃহ সচিব সত্যগোপাল উত্তৰ-পূৱ দিল্লাৰ ডিএমচি শশী কৌশলৰ লগতে অন্যান্য বিষয়ববীয়া উপস্থিত থাকে ৷

আৰু পঢ়কঃদিল্লীৰ হিংসাত্মক কাৰ্যক লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.