ETV Bharat / bharat

সততাৰে কৰ পৰিশোধ কৰা সকলৰ সন্মানাৰ্থে মঞ্চ মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

author img

By

Published : Aug 12, 2020, 4:37 PM IST

উল্লেখ্য যে. কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব'ৰ্ডে বিগত বৰ্ষসমূহত প্ৰত্যক্ষ কৰত কেবাটাও মুখ্য বিষয়ত সংস্কাৰ কৰিছে ৷ যোৱা বৰ্ষত কপৰ্ৰেট টেক্সৰ দৰক 30 শতাংশৰ পৰা হ্ৰাস কৰি 22 শতাংশ কৰি দিয়া হৈছিল আৰু নতুন বিনিয়োগকাৰী সকলৰ বাবে এই দৰ আৰু অধিক হ্ৰাস কৰি 15 শতাংশ কৰা হয় ৷

PM to launch platform to honour honest taxpayers tomorrow
সততাৰে কৰ পৰিশোধ কৰা সকলৰ সন্মানাৰ্থে মঞ্চ মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

নিউজ ডেস্ক, 12 আগষ্ট : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে সততাৰে কৰ পৰিশোধ কৰা লোক সকলৰ কাৰণে 'পাৰদৰ্শী কৰদাতা-সততাৰ সন্মান' নামৰ এক মঞ্চৰ শুভাৰম্ভ কৰিব ৷ ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে অনুষ্ঠিত হ‘বলগীয়া উক্ত অনুষ্ঠানত কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট কাৰ্য মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু বিত্ত আৰু কৰ্পৰেট কাৰ্য ৰাজ্য মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ উপস্থিত থাকিব ৷

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ফালৰ পৰা জাৰি কৰা এক বক্তব্যত কোৱা হৈছে যে, আয়কৰ বিভাগৰ বিষয়া সকলৰ উপৰিও বিভিন্ন বানিজ্য মণ্ডলী, ব্যৱসায়ীক সংস্থা আৰু চাৰ্টাৰ একাউন্ট সংঘ সমূহৰ লগতে বিশিষ্ট কৰদাতা সকলো এই আয়োজনত উপস্থিত থাকিব ৷

উল্লেখ্য যে. কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব'ৰ্ডে বিগত বৰ্ষসমূহত প্ৰত্যক্ষ কৰত কেবাটাও মুখ্য বিষয়ত সংস্কাৰ কৰিছে ৷ যোৱা বৰ্ষত কপৰ্ৰেট টেক্সৰ দৰক 30 শতাংশৰ পৰা হ্ৰাস কৰি 22 শতাংশ কৰি দিয়া হৈছিল আৰু নতুন বিনিয়োগকাৰী সকলৰ বাবে এই দৰ আৰু অধিক হ্ৰাস কৰি 15 শতাংশ কৰা হয় ৷ আনহাতে ' লাভাংশ বিতৰণ কৰ' কো আঁতৰাই দিয়া হৈছে ৷

লগতে পঢ়ক : ট্ৰাম্পৰ সিদ্ধান্তৰ বিৰুদ্ধে আইনী যুঁজত আমেৰিকাৰ আগশাৰীৰ কোম্পানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.