ETV Bharat / bharat

ওড়িশাৰ কটকত উদ্ধাৰ দুষ্প্ৰাপ্য বনৰৌ

author img

By

Published : Jan 3, 2021, 6:08 PM IST

Pangolin rescued from smugglers, released in forest area in Odisha's Cuttack
ওড়িশাৰ কটকত উদ্ধাৰ দুষ্প্ৰাপ্য বনৰৌ

চোৰাং সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰা এটা দুষ্প্ৰাপ্য বনৰৌ শনিবাৰে ওড়িশাৰ কটাক বন বিভাগে পুনৰ হাবিত এৰি দিয়ে ৷ কেইদিনমানৰ পূৰ্বে আঠগড় বন বিভাগে উদ্ধাৰ কৰিছিল বনৰৌটো ৷

নেশ্যনেল ডেস্ক, 3 জানুৱাৰী: কেইদিনমানৰ পূৰ্বে ওড়িশাৰ কটকত আঠগড় বন বিভাগে চোৰাং সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰা এটা দুষ্প্ৰাপ্য বনৰৌ শনিবাৰে পুনৰ হাবিত এৰি দিয়ে ৷ আঠগড় বন বিভাগৰ ডি এফ অ' সস্মিতা লেনকায়ে জনোৱা মতে, কেইদিনমানৰ পূৰ্বে এটা চোৰাং চিকাৰীৰ দলে সৰবৰাহৰ বাবে লৈ অনা এটি বনৰৌ অতি শোচনীয় অৱস্থাত উদ্ধাৰ কৰে ৷ উদ্ধাৰৰ পাচতে স্বাস্থ্য পৰীক্ষা কৰি পৰ্যৱেক্ষণৰ বাবে বন বিভাগৰ নজৰত ৰখাৰ ব্যৱস্থা কৰে ৷ উন্নত চিকিৎসা প্ৰদান কৰি বনৰৌটোক শনিবাৰে পুনৰ হাবিত এৰি দিয়ে ৷

উল্লেখ্য যে, বনৰৌৰ চোৰাং সৰবৰাহকাৰীৰ এটা দলক এবছৰ আগতেও কটাকত আটক কৰা হৈছিল, য'ত 13 জন সৰবৰাহকাৰী আছিল ৷ যোৱাটো বছৰৰ ভিতৰত ওড়িশাৰ কটকত বনৰৌ সৰবৰাহৰ বহু কেইটা ঘটনা সংঘটিত হৈছে ৷ সম্প্ৰতি বন বিভাগে চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে চোকা নজৰ ৰাখিছে ৷

লগতে পঢ়ক: চিকিৎসালয়ত ভৰ্তি কেন্দ্ৰীয় মন্ত্ৰী সদানন্দ গৌড়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.