ETV Bharat / bharat

ৰাফেলেৰে তুলনা নহয় পাকিস্তানৰ F-16ৰ : গ্ৰুপ কেপ্তেইন মহন্ত পাংগিং

author img

By

Published : Jul 27, 2020, 6:20 PM IST

ৰাফেলেৰে তুলনা নহয় পাকিস্তানৰ F-16ৰ : গ্ৰুপ কেপ্তেইন মহন্ত পাংগিং
ৰাফেলেৰে তুলনা নহয় পাকিস্তানৰ F-16ৰ

ভাৰতীয় বায়ুসেনাই অহা 29 জুলাইত লাভ কৰিব পাঁচখনকৈ ৰাফেল যুদ্ধবিমান ৷ এই সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে এক বিশেষ সাক্ষাৎকাৰত বায়ুসেনাৰ প্ৰাক্তন গ্ৰুপ কেপ্টেইন মহন্ত পাংগিঙে কেতবোৰ বিশেষ তথ্য উল্লেখ কৰে ৷

তেজপুৰ, 27 জুলাই : প্ৰাক্তন ভাৰতীয় বায়ু সেনাবাহিনীৰ বৈমানিকৰ আদৰণি ৰাফেল যুদ্ধ বিমানলৈ । হয় ভাৰতীয় বায়ু সেনা বাহিনীৰ প্ৰাক্তন গ্ৰুপ কেপ্তেইন তথা বৈমানিক মহন্ত পাংগিঙে অহা 29 জুলাইত ভাৰতৰ মাটিত লেণ্ডিং কৰি বায়ু সেনাৰ অন্তৰ্ভুক্ত হ'ব লগা ৰাফেল যুদ্ধ বিমানলৈ জনালে হেপি লেণ্ডিং । আম্বালা বায়ু সেনা বাহিনীৰ ঘাটিত 29 জুলাইত 5খন ৰাফেল বিমানে অৱতৰন কৰিব ।

ৰাফেলেৰে তুলনা নহয় পাকিস্তানৰ F-16ৰ

ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ লগত হোৱা এক সুকীয়া সাক্ষাৎকাৰত প্ৰাক্তন গ্ৰুপ কেপ্তেইন গৰাকীয়ে ৰাফেল বিমান ভাৰতৰ বায়ু সেনাত অন্তৰ্ভুক্ত হোৱাক লৈ গৌৰৱোজ্জ্বল ইতিহাস বুলি কয় । ফ্ৰান্সৰ ডেছাল্ট এভিয়েশ্বন কোম্পানীৰ দ্বাৰা নিৰ্মিত এইখন দ্বিতীয় যুঁজাৰু বিমান, ইয়াৰ আগতে এই কোম্পানীৰ মিৰাজ 2000 আছিল ভাৰতীয় বায়ুসেনাৰ হাতত । কিন্তু ৰাফেল অন্তৰ্ভুক্ত হোৱাৰ বাবে পূৰ্বতকৈ অধিক শক্তিশালী ৰূপত দেখা যাব ভাৰতীয় বায়ু সেনাক । এগৰাকী প্ৰথম শাৰীৰ SU-30MKIৰ বায়ু সেনাৰ দক্ষ বৈমানিক প্ৰাক্তন গ্ৰুপ কেপ্টেইনগৰাকীয়ে কয় যে, পাকিস্তানৰ যুঁজাৰু বিমান F-16ৰ পৰৱৰ্তী উন্নত বিমানতকৈ ৰাফেল অধিক শক্তিশালী । যদি 2019 ৰ 24 ফেব্ৰুৱাৰীত বালাকোটত হোৱা এয়াৰ ষ্টাইকৰ সময়ত ৰাফেল বিমান ভাৰতীয় বায়ু সেনাত থাকিলেহেতেন তেনেহ'লে ইয়াৰ ৰিজাল্ট অধিক উন্নত হ'লহেতেন ।

ৰাফেলেৰে তুলনা নহয় পাকিস্তানৰ F-16ৰ : গ্ৰুপ কেপ্তেইন মহন্ত পাংগিং
তেজপুৰ বায়ুসেনা ঘাটি

ৰাফেল আৰু চুখই 30 দুয়োখন একেই গতিবিধিৰ সমান কাৰ্য সাধনৰ বাবে প্ৰস্তুত । SU-30MKI বেগ প্ৰতি ঘণ্টাত 2,120 কিলোমিটাৰ আৰু ৰাফেলৰ প্ৰতিঘন্টাত 1,389 কিলোমিটাৰ ৷ কিন্তু SU-30MKI ৰ ৰেঞ্জ 3,000 কিলোমিটাৰ আৰু ৰাফেলৰ 3,700 কিলোমিটাৰ । এখন ৰাফেল বিমানৰ 4 খন মিগ-21 ৰ সমান দক্ষতা আছে । পৰৱৰ্তী সময়ত উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ ইষ্টাৰ্ণ এয়াৰ কামাণ্ডৰ অধীনত হাছিমাৰা আৰু তেজপুৰ বায়ুসেনা বাহিনীৰ ঘাটিত এই বিমানৰ অন্তৰ্ভূক্ত হোৱাৰ সম্ভাৱনা আছে । কাৰণ 1962 চীনৰ আক্ৰমণৰ পৰা আমি কিছু শিক্ষা লাভ কৰিছোঁ ।

ৰাফেলেৰে তুলনা নহয় পাকিস্তানৰ F-16ৰ : গ্ৰুপ কেপ্তেইন মহন্ত পাংগিং
তেজপুৰ বায়ুসেনা ঘাটিৰ প্ৰৱেশদ্বাৰ

উল্লেখযোগ্য যে, বায়ুসেনাৰ বিমানসমূহত বৈমানিক আৰু কৰ্মী মেম্বাৰৰ সুৰক্ষাৰ বাবে বিমানত "ELT-EMERGENCY LOCATOR TRANSMITAR" সংযোজন কৰাটো অতি প্ৰয়োজনীয় আৰু এইটো আন্তৰ্জাতিক AVIATIONৰ পৰিধিৰ অন্তৰ্গত । এই ELT নোহোৱা বাবে বহুতো বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছত উদ্ধাৰৰ বাবে অসুবিধাৰ সন্মুখীন হ'ব লগা হয ৷ ইয়াৰ জলন্ত উদাহৰণ অৰুণাচল প্ৰদেশৰ বিভিন্ন দুৰ্ঘটনা আৰু অৰুণাচল প্ৰাক্তন মুখ্যমন্ত্ৰী স্বৰ্গীয় দৰ্জি খান্দুৰ বিমানৰ দুৰ্ঘটনা বুলি তেওঁ কয় । যদি আমি 500 কোটি টকাৰ উন্নত যুদ্ধ বিমান ক্ৰয় কৰিব আৰু মাত্ৰ কেইলাখ মান টকাৰ ELT কিয়নো লগাব নোৱাৰো বুলিও তেওঁ মত প্ৰকাশ কৰে । সাক্ষাৎকাৰত প্ৰাক্তন বায়ু সেনাৰ গ্ৰুপ কেপ্তেইনগৰাকীয়ে কয় যদি ভাৰত চৰকাৰে বা প্ৰতিৰক্ষা বিভাগে বিচাৰে পুনৰ ৰাফেল যুদ্ধ বিমান চলাবলৈ সাজু আৰু চীনৰ এখন বিমান এবাৰতে ভূপতিত কৰিবলৈ তেওঁৰ মনোবাঞ্চা আছে ৷

লগতে পঢ়কঃ ভাৰতলৈ বুলি উৰা মাৰিলে পাঁচখনকৈ ৰাফেল, এক প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.