ETV Bharat / bharat

NEET (UG) 2020: ৩১ মে' পৰ্যন্ত শিক্ষাৰ্থীসকলে অনলাইনযোগে গ্ৰহণ কৰিব পাৰিব অন্তিম সুযোগ

author img

By

Published : May 15, 2020, 10:09 PM IST

NEET
NEET (UG) 2020: ৩১ মে' পৰ্যন্ত শিক্ষাৰ্থীসকলে অনলাইনযোগে গ্ৰহণ কৰিব পাবিৰ অন্তিম সুযোগ

কৰ'ণা ভাইৰাছ প্ৰতিৰোধ কৰাৰ বাবে চলা লক ডাউনৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় পৰীক্ষামূলক সংস্থাই NEET(UG)ৰ শিক্ষাৰ্থীসকলক বিষয় সংশোধন আৰু পৰীক্ষা কেন্দ্ৰ বাচনি কৰাৰ বাবে অন্তিমটো সুযোগ প্ৰদান কৰে । শিক্ষাৰ্থীসকলে ৩১ মে' ভিতৰত অনলাইনযোগে আৱেদন কৰি এই সুযোগ গ্ৰহণ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে সংস্থাটিয়ে ।

নিউজ ডেস্ক, ১৫ মে': ৰাষ্ট্ৰীয় পৰীক্ষামূলক সংস্থা (The National Testing Agency)য়ে ২০২০ চনৰ National Eligibility cum Entrance Test (UG) শিক্ষাৰ্থী সকলৰ যোগ্যতা আৰু প্ৰবেশ পৰীক্ষাৰ বাবে শিক্ষাৰ্থী সকলৰ বিষয় সংশোধন তথা কেন্দ্ৰ বাচনি কৰাৰ বাবে পুনৰ এক নতুন সুযোগ প্ৰদান কৰে।

NEET
NEET (UG) 2020: ৩১ মে' পৰ্যন্ত শিক্ষাৰ্থীসকলে অনলাইনযোগে গ্ৰহণ কৰিব পাবিৰ অন্তিম সুযোগ

মহামাৰী কৰ'ণা ভাইৰাছ প্ৰতিৰোধ কৰাৰ বাবে দেশজুৰি দিয়া লকডাউনৰ বাবে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে, প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰা শীৰ্ষস্থানীয় সংস্থাটোৱে NEETৰ বাবে সাজু হোৱা শিক্ষাৰ্থী সকলৰ বাবে সুবিধা প্ৰদান কৰে । শিক্ষাৰ্থীসকলে ৩১ মে'ৰ ভিতৰত অনলাইন আৱেদনৰ যোগেৰে নিজৰ চহৰৰ ভিতৰত কেন্দ্ৰ বাচনি কৰিব পাৰিব বুলি সদৰী কৰে সংস্থাটিয়ে ।

লগতে ৰাষ্ট্ৰীয় পৰীক্ষামূলক সংস্থাটোৱে পৰীক্ষা কেন্দ্ৰৰ উপলব্ধতা আৰু ক্ষমতাৰ ওপৰতহে কেন্দ্ৰ বাচনি নিৰ্ভৰ কৰিব বুলিও স্পষ্টকৈ উল্লেখ কৰে । লগতে সংস্থাটিয়ে শিক্ষাৰ্থীসকলক প্ৰশ্ন সমাধানৰ বাবে দিয়া হেল্পলাইন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.