ETV Bharat / bharat

চৰকাৰী কৰ্মচাৰীৰ দৰমহা কৰ্তন নহয় : বিত্তমন্ত্ৰী

author img

By

Published : May 11, 2020, 4:34 PM IST

চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা কৰ্তন নহয়
চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা কৰ্তন নহয়

"কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰাৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই । এইসন্দৰ্ভত কিছুমান সংবাদমাধ্যমত প্ৰকাশ পোৱা তথ্য মিছা আৰু ইয়াৰ কোনো ভিত্তি নাই ।" টুইটযোগে জনায় বিত্তমন্ত্ৰীয়ে ।

নিউজ ডেস্ক, ১১ মে' : কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলৰ দৰমহা ৩০ শতাংশ কৰ্তন কৰা হ'ব বুলি প্ৰকাশ পোৱা প্ৰতিবেদন অস্বীকাৰ কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে । বিগত কিছুদিন পূৰ্বে কেতবোৰ সংবাদ প্ৰতিষ্ঠানে কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীৰে দৰমহাৰ পৰা ৩০ শতাংশ ধন কৰ্তন কৰা হ'ব বুলি বাতৰি পৰিৱেশন কৰিছিল । এই সন্দৰ্ভত বিত্তমন্ত্ৰালয়ে স্পষ্টীকৰণ জাৰী কৰিছে ।

  • There is no proposal under consideration of Govt for any cut whatsoever in the existing salary of any category of central government employees.
    The reports in some section of media are false and have no basis whatsoever.@nsitharamanoffc @PIB_India @DDNewslive @airnewsalerts

    — Ministry of Finance 🇮🇳 #StayHome #StaySafe (@FinMinIndia) May 11, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

"কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰাৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই । এইসন্দৰ্ভত কিছুমান সংবাদমাধ্যমত প্ৰকাশ পোৱা তথ্য মিছা আৰু ইয়াৰ কোনো ভিত্তি নাই ।" টুইটযোগে জনায় বিত্তমন্ত্ৰীয়ে ।

এদিন পূৰ্বেই কেন্দ্ৰীয় চৰকাৰে ঠিকাভিত্তিক আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক বাদ দি বাকী সকলো কৰ্মচাৰীৰে দৰমহাৰ পৰা ৩০ শতাংশ ধন কৰ্তন কৰাৰ সিদ্ধান্ত লৈছে বুলি বাতৰি প্ৰকাশ পাইছিল । কোবিড-১৯ আু লকডাউনৰ ফলত দেশৰ অৰ্থনীতি দূৰ্বল হৈ পৰাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি বাতৰি পৰিৱেশন কৰিছিল বহুকেইটা সংবাদ প্ৰতিষ্ঠানে । অৱশেষত সমগ্ৰ বিষয়টো সন্দৰ্ভত এইদৰে স্পষ্টীকৰণ প্ৰদান কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ।

লগতে পঢ়কঃ বৰ্তমান সুস্থ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.