ETV Bharat / bharat

কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধিক লৈ কোনেও ভয় খাব নালাগে: কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ চৌবে

author img

By

Published : Jun 3, 2020, 12:38 PM IST

ভাৰতবৰ্ষত বুধবাৰে কোভিড-১৯ত আক্ৰান্তৰ সংখ্যাই লাখৰ ঘৰ অতিক্ৰম কৰাৰ পিছতে কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেৰ মন্তব্য । আক্ৰান্তৰ সংখ্যা বৃদ্ধিক লৈ কোনেও ভয় খাব নালাগে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত নতুন পৰিকল্পনা হাতত লৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।

কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধিক লৈ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেৰ আশ্বাস
কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধিক লৈ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেৰ আশ্বাস

নেশ্যনেল ডেস্ক, ৩ জুন: সমগ্ৰ ভাৰতবৰ্ষতে মহামাৰী কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই ইতিমধ্যে লাখৰ ঘৰ অতিক্ৰম কৰিছে । ইয়াকে লৈ সাৱধানতা অৱলম্বনৰ উপদেশ দিয়াৰ লেখীয়াকৈ কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী অশ্বিনী কুমাৰ চৌবে ভাৰতবাসীলৈ সম্বোধন কৰি কয় যে, আক্ৰান্তৰ সংখ্যা বৃদ্ধিক লৈ কোনেও ভয় খোৱাৰ দৰকাৰ নাই । লগতে তেওঁ জানিবলৈ দিয়ে যে, এই ক্ষেত্ৰত কেন্দ্ৰ-ৰাজ্য চৰকাৰে নতুন পৰিকল্পনা হাতত লৈছে ।

তেওঁ কয় যে, যদিও আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে, ইয়াৰ লগে লগে আৰোগ্য ৰোগীৰ সংখ্যাও বাঢ়ি আছে আৰু চৰকাৰে টেষ্টৰ পৰিমাণো বৃদ্ধি কৰিছে । লগতে চৰকাৰে কমেও ৩.৫ লাখ আক্ৰান্ত ৰোগীৰ বাবে আই.চি.ইউ. বিচনাৰ ব্যৱস্থা কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সদৰী কৰে এই কথা ।

উল্লেখ্য যে, ভাৰতত বুধবাৰে নতুনকৈ ৮৯০৯ জন আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে যোৱা ২৪ ঘণ্টাত মুঠ ২১৭ জন আক্ৰান্ত লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.