ETV Bharat / bharat

"হেণ্ডছেক"ৰ পৰিবৰ্তে "নমস্কাৰ" দিব ইজৰাইলবাসীয়ে

author img

By

Published : Mar 5, 2020, 3:03 PM IST

Netanyahu urges Israelis to adopt 'Namaste' to greet
সম্ভাষণৰ বাবে "নমস্কাৰ" দিবলৈ দেশবাসীক সংবাদমেলযোগে আহ্বান জনালে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে

কৰ’ণা ভাইৰাছ প্ৰতিহত কৰিবলৈ ইজৰাইলত অভিনৱ পদক্ষেপ ৷ কৰমৰ্দনৰ পৰা ভাইৰাচ সংক্ৰমিত হোৱাৰ অধিক আশংকাৰ বাবে ভাৰতীয় পৰম্পৰাৰে সম্ভাষণৰ বাবে "নমস্কাৰ" দিবলৈ দেশবাসীক সংবাদমেলযোগে আহ্বান জনালে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানয়াহুৱে ৷

নিউজ ডেস্ক , 5 মাৰ্চঃ কৰ’ণা ভাইৰাছক প্ৰতিহত কৰিবলৈ ইজৰাইলত এক নতুন পদ্ধতি গ্ৰহণ কৰিছে দেশখনৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানয়াহুৱে ৷ কৰমৰ্দনৰ জৰিয়তে কৰ’ণা ভাইৰাছ সংক্ৰমিত হোৱাৰ সৰ্বাধিক সম্ভাৱনা থকাৰ কথা প্ৰকাশ পোৱা পাছতেই সম্ভাষণ জনাবৰ বাবে কৰমৰ্দনৰ সলনি ভৰতীয় পৰম্পৰাৰে নমস্কাৰ দিবলৈ অনুৰোধ জনায় দেশখনৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

সম্ভাষণৰ বাবে "নমস্কাৰ" দিবলৈ দেশবাসীক সংবাদমেলযোগে আহ্বান জনালে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে

ইজৰাইলস্থিত ভাৰতীয় দূতবাসে টুইটাৰযোগে প্ৰকাশ কৰিলে এই কথা ৷ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰিবৰ বাবে এখন সংবাদমেলৰ জৰিয়তে নিজ দেশৰ জনসাধাৰণক ভাৰতীয় পৰম্পৰাৰে নমস্কাৰ দিবলৈ অনুৰোধ জনোৱাৰ কথা সদৰি কৰে ইজৰাইলস্থিত দূতবাসে ৷

দেশখনৰ স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য মতে, দেশখনত ইতিমধ্যে 15 জন ব্যক্তিৰ দেহত কৰ’ণা ভাইৰাছৰ অৱস্থিতি নিশ্চিত কৰা হৈছে ৷ সমগ্ৰ বিশ্বতে 90000তকৈ অধিক লোক আক্ৰান্ত হোৱা এই মাৰাত্মক বীজাণুটোৱে বৰ্তমানলৈকে প্ৰাণ লৈছে 3000 তকৈ অধিক লোকৰ ৷

লগতে পঢ়কঃকংগনা ৰাণাৱতঃ পদ্মশ্ৰী বঁটাপ্ৰাপ্ত বলীউড কুইনৰ কথাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.