ETV Bharat / bharat

কৰ'ণা ভাইৰাছৰ বাবে হোলী উৎসৱত অংশগ্ৰহণ নকৰে দেশৰ প্ৰধান মন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে

author img

By

Published : Mar 4, 2020, 5:32 PM IST

Narendra Modi and Amit shah will not particate 'Holi milan' programme for Coronavirus
কৰ'ণা ভাইৰাছৰ বাবে হোলী উৎসৱত অংশগ্ৰহণ নকৰে দেশৰ প্ৰধান মন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে

বিশ্বব্যাপী কৰ'ণা ভাইৰাছে সন্ত্ৰাস সৃষ্টি কৰাৰ বাবেই আগন্তুক হোলী উৎসৱৰ অনুষ্ঠানত অংশগ্ৰহণ নকৰে দেশৰ প্ৰাধান মন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে ৷ টুইটাৰ যোগে এইকথা প্ৰকাশ কৰিলে নেতাদ্বয়ে ৷

নিউজ ডেস্ক ৰিপৰ্ট,4 মাৰ্চ: চীনৰ পাছত ভাৰততো আতংকৰ সৃষ্টি কৰিছে কৰ'ণা ভাইৰাছে ৷ চীনত এই পৰ্যন্ত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে প্ৰায় তিনি সহস্ৰাধিক লোক ৷ ভাৰতৰ বিশেষকৈ দিল্লী, কৰ্ণাটক,তেলেংগানা আদি বিভিন্ন ৰাজ্যত কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সন্দেহত আছুতীয়া কক্ষত চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছে বহু ব্যক্তিক ৷ দেশৰ বহুকেইটা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ইতিমধ্যে হাই এলাৰ্ট জাৰী কৰিছে প্ৰশাসনে ৷ দেশত এই ধৰণে কৰ'ণা ভাইৰাছে সন্ত্ৰাস সৃষ্টি কৰাৰ সময়তে বুধবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাই টুইটাৰ যোগে প্ৰকাশ কৰিছে এটা বিশেষ খবৰ ৷ বিভিন্ন দেশৰ পাছত ভাৰততো কৰ'ণা ভাইৰাছ বৰ্তমান চিণাক্ত হোৱাৰ বাবেই আগন্তুক হোলী খেলৰ পৰা বিৰত থাকিব বুলি প্ৰকাশ কৰিছে তিনিও গৰাকী নেতাই ৷

গহমন্ত্ৰী অমিত শ্বাহে টুইটাৰ যোগে হোলী উদযাপন কৰিব লগীয়া সকলোকে উদ্দেশি উল্লেখ কৰে যে," সমগ্ৰ বিশ্বই এতিয়া কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজি আছে, প্ৰত্যকখন দেশৰ চিকিৎসা বিজ্ঞানী সকলে এই মাৰাত্মক ভাইৰাছৰ প্ৰতিষেধক প্ৰস্তুতৰ বাবে অপ্ৰাণ চেষ্টা চলাই আছে ৷ এই কথা মনত ৰাখি এই বৰ্ষত মই হোলী মহোৎসৱৰ পৰা ব্যক্তিগত ভাৱে বিৰত থকাৰ লগতে কোনো ধৰণৰ হোলী মহোৎসৱ উদযাপন নকৰাৰ সিদ্ধান্ত লৈছো" ৷ ইয়াৰ উপৰিও তেওঁ সকলোকে নিজৰ স্বাস্থ্যৰ প্ৰতি যতন ল'বলৈ আহ্বান জনাই সকলোকে জণসমাগমৰ পৰা আঁতৰি থাকিবলৈ উপদেশ প্ৰদান কৰে গৃহমন্ত্ৰী গৰাকীয়ে ৷

Narendra Modi and Amit shah will not particate 'Holi milan' programme for Coronavirus
কৰ'ণা ভাইৰাছৰ বাবে হোলী উৎসৱত অংশগ্ৰহণ নকৰে দেশৰ গৃহমন্ত্ৰীয়ে

আনহাতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও টুইটাৰ যোগে আগন্তুক হোলীৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি টুইটাৰত লিখে যে, " যিহেতু বিশেষজ্ঞ সকলে কৰ'ণা ভাইৰাচৰ পৰা ৰক্ষা পাবলৈ জন সমাগমৰ কম কৰিবলৈ তথা জনসমাগমৰ পৰা আঁতৰি থাকিবলৈ উপদেশ দিছে, গতিকে এই কথাক সৰোগত কৰি মই আগন্তুক হোলী মহোৎসৱৰ কোনোধৰণৰ অনুষ্ঠানত উপস্থিত নথকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো " ৷

Narendra Modi and Amit shah will not particate 'Holi milan' programme for Coronavirus
কৰ'ণা ভাইৰাছৰ বাবে হোলী উৎসৱত অংশগ্ৰহণ নকৰে দেশৰ প্ৰধান মন্ত্ৰীয়ে

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰা টুইটৰ প্ৰায় 1 ঘন্টাৰ পাছতেই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কৰ'ণা ভাইৰাছ আৰু হোলী উৎসৱ সন্দৰ্ভত টুইটাৰ যোগে প্ৰকাশ কৰিছে যে, " বিশ্বৰ প্ৰায় সকলো দেশেই মাৰাত্মক কৰণা ভাইৰাছ ৰোধৰ বাবে প্ৰচেষ্টা হাতত লৈছে, গতিকে সকলো সাৱধানে থাকক,নিৰাপদে থাকক ৷

Narendra Modi and Amit shah will not particate 'Holi milan' programme for Coronavirus
কৰ'ণা ভাইৰাছৰ বাবে হোলী উৎসৱত অংশগ্ৰহণ নকৰে জে পি নাড্ডাই

উল্লেখ্য যে, দেশৰ প্ৰায় 21 টা বিমান বন্দৰত যাত্ৰীৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰিছে বিমান বন্দৰ কৰ্তৃপক্ষই ৷ শেহতীয়াকৈ গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰতো সতৰ্কতামূলক ব্যৱস্থা অৱলম্বন কৰা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ যাত্ৰীসকলক বিভিন্ন ধৰণে স্কেনাৰৰ দ্বাৰা কৰ'ণা ভাইৰাছৰ নিৰীক্ষণ চলাইচে বিমানবন্দৰ কৰ্তৃপক্ষই ৷ অৱশ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ'ণা ভাইৰাচক লৈ চিন্তিত হোৱাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে ৷

লগতে পঢ়কঃ বৰঝাৰ বিমানবন্দৰত কৰ'ণা ভাইৰাছ পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.