ETV Bharat / bharat

দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

author img

By

Published : Feb 18, 2020, 1:34 PM IST

Namaste Trump
ভাৰত ভ্ৰমণলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

দুদিনীয়া কাৰ্যসূচী অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পত্নী মেলানিয়াৰ সৈতে 24 ফেব্ৰুৱাৰীত ভাৰত ভ্ৰমণ কৰিব ৷ তদুপলক্ষে ৰাষ্ট্ৰপতিগৰাকীক স্বাগতম জনাবলৈ সাজু হৈ উঠিছে গুজৰাটৰ আহমেদাবাদ ৷

আহমেদাবাদ,18 ফেব্ৰুৱাৰীঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অচিৰেই ভাৰত ভ্ৰমণ কৰিব ৷ পূৰ্ব নিৰ্ধাৰিত দুদিনীয়া কাৰ্যসূচী অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে পত্নী মেলানিয়াৰ সৈতে 24 ফেব্ৰুৱাৰীত ভাৰত ভ্ৰমণ কৰিব ৷ তদুপলক্ষে ৰাষ্ট্ৰপতিগৰাকীক স্বাগতম জনাবলৈ সাজু হৈ উঠিছে গুজৰাটৰ আহমেদাবাদ ৷

ৰাষ্ট্ৰপতিগৰাকীৰ আগমণৰ প্ৰতি লক্ষ্য ৰাখি আহমেদাবাদ পৌৰসভাই আয়োজন কৰিছে 22 কিল’মিটাৰ দৈৰ্ঘৰ এক ৰোড শ্ব’ ৷ আহমেদাবাদৰ ইতিহাসত এয়া সৰ্বকালৰ দীঘলীয়া ৰোড শ্ব’ হিচাপে পৰিচিত হৈছে ৷ এই ৰোড শ্ব’টো সফল কৰি তুলিবলৈ পৌৰসভাই নিয়োগ কৰিছে প্ৰায় 300 গৰাকী স্বেচ্ছাসেৱক ৷ জাতি ধৰ্ম নিৰ্বিশেষে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া স্বেচ্ছাসেৱকসকলে নিজ নিজ পৰম্পৰাগত পোচাক পৰিধান কৰিব ৷

Namaste Trump
ভাৰত ভ্ৰমণলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

চহৰখনৰ ইন্দিৰা দলঙৰ পৰা আৰম্ভ হ’বলগীয়া ৰোড শ্ব’টো মটেৰাস্থিত নৱনিৰ্মিত বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়ামত অন্ত পৰিব ৷ এই ৰোড শ্ব’টোত চহৰখনৰ বাহিৰৰ পৰা জনসমাগম ঘটাৰ আশংকা প্ৰকাশ কৰিছে উদ্যোক্তাসকলে ৷ প্ৰায় 50,000 লোকে এই ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব ৷ 22 কিল’মিটাৰ দৈৰ্ঘৰ এই পথছোৱাক 28টা বিশেষ ভাগত বিভক্ত কৰা হৈছে ৷ য’ত ভাৰতৰ 28 খন ৰাজ্যৰ প্ৰতিনিধিসকলে বিভিন্ন কাৰুকাৰ্য তথা শৈলী পৰিৱেশন কৰিব ৷

ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিব ষ্টেডিয়ামঃ

ৰোড শ্ব’টোত অংশগ্ৰহণ কৰিবলগীয়া দুয়োখন দেশৰ মুৰব্বীসকলে নিজ নিজ দেশৰ পতাকাৰ প্ৰদৰ্শন কৰিব ৷ লগতে আহমেদাবাদ বিমানবন্দৰত ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক জাতীয় পতাকাৰে অভিবাদন জনাব ৷ ট্ৰাম্পে গান্ধী আশ্ৰম আৰু মটেৰা ষ্টেডিয়াম পৰিদৰ্শন কৰিব ৷ ৰোড শ্ব’টোৰ মুখ্য বিষয়বস্তু হৈছে ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাগত নৃত্য,যি নৃত্য ৰোড শ্ব’ত প্ৰদৰ্শন কৰা হ’ব ৷ মোডী-ট্ৰাম্পৰ এই ৰোড শ্ব’ৰ বাবে সেউজ কৰিড'ৰ নিৰ্মাণৰ অৰ্থে নিৰ্ধাৰণ কৰা হৈছে প্ৰায় 4 কোটি টকা ৷

ৰোড শ্ব’টো অনুষ্ঠিত হ’বলগীয়া ঠাইখিনিত প্ৰায় 1 লাখ বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণৰ ব্যৱস্থা কৰিছে উদ্যোক্তাসকলে ৷ ইতিমধ্যে ট্ৰাম্পৰ আগমণক উদ্দেশ্যি আহমেদাবাদ পৌৰসভা কৰ্তৃপক্ষই চহৰখন চাফ-চিকুণৰ লগতে নলাসমূহৰ মেৰামতিতো গুৰুত্ব প্ৰদান কৰিছে ৷

মটেৰা ষ্টেডিয়াম পৰিদৰ্শন গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰঃ

গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি সম্পৰ্কে বুজ ল’বলৈ মটেৰা ষ্টেডিয়ামত উপস্থিত হয় ৷ ৰূপানীয়ে পুংখানুপুংখভাৱে প্ৰতিটো কামৰ পৰ্যবেক্ষণ কৰে ৷ প্ৰতিটো অনুষ্ঠান নিৰাপত্তাৰ খাতিৰত পৰীক্ষা কৰা হৈছে ৷ পাৰ্কিং,বহাৰ ব্যৱস্থা,খাদ্য,পানী,প্ৰৱেশ পথকে ধৰি সকলো যাৱতীয় ব্যৱস্থা নিৰ্দেশানুক্ৰমে প্ৰস্তুত হৈছে নে নাই তাকে পৰীক্ষা কৰিবলৈ ষ্টেডিয়ামত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী ৷

লগতে চাওকঃদ্বি-পাক্ষিক সম্পৰ্ক উন্নীতৰ স্বাৰ্থত ভাৰতীয় নৌসেৱা মুৰব্বীৰ ম্যানমাৰ যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.