ETV Bharat / bharat

উত্তৰ-পূৱৰ ষষ্ঠখন কৰ'ণা মুক্ত ৰাজ্যৰ দিশলৈ মেঘালয়

author img

By

Published : May 2, 2020, 1:24 PM IST

উত্তৰ-পূৱৰ ষষ্ঠখন কৰ'ণা মুক্ত ৰাজ্যৰ দিশলৈ মেঘালয়
উত্তৰ-পূৱৰ ষষ্ঠখন কৰ'ণা মুক্ত ৰাজ্যৰ দিশলৈ মেঘালয়

উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ ভিতৰত মেঘালয় ষষ্ঠখন কোভিড-১৯ মুক্ত ৰাজ্য হ'বলৈ আগবাঢ়িছে । ছিক্কিম আৰু নাগালণ্ডৰ পৰা কোভিড-১৯ মুক্ত হৈ থকাৰ লগতে বিগত মাহত অৰুণাচল প্ৰদেশ, মনিপুৰ আৰু ত্ৰিপুৰাক কোভিড-১৯ মুক্ত ঘোষণা কৰা হৈছিল ।

নিউজ ডেস্ক, ২ মে' : উত্তৰ পূৱৰ আঠখনকৈ ৰাজ্যৰ ভিতৰত ষষ্ঠখন কোভিড-১৯ মুক্ত ৰাজ্যৰ দিশলৈ আগবাঢ়িছে মেঘালয় । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড কে. চাংমাই সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে এই কথা । ৰাজ্যখনত সক্ৰিয় হৈ থকা ১১গৰাকী কোভিড-১৯ ৰোগীৰ আটাইকেইগৰাকীৰে ফলাফল নিগেটিভ পোৱা গৈছে বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মেঘালয়ত সৰ্বমুঠ ১২ গৰাকী ব্যক্তি কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছিল আৰু এগৰাকী জ্যেষ্ঠ চিকিৎসকে মৃত্যুমুখত পৰিছিল । আনহাতে বাকীকেইগৰাকী লোকৰ সঘনাই পৰীক্ষা সম্পন্ন কৰা হৈছিল আৰু শুকুৰবাৰে সম্পন্ন হোৱা পৰীক্ষণৰ অন্তত তেওঁলোকৰ ফলাফল নিগেটিভ পোৱা যায় ।

অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা তথ্য অনুসৰি, শুকুৰবাৰে অসমৰ তিনিগৰাকী ৰোগীয়ে কোভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰাৰ পিচতে তেওঁলোকক নিজ গৃহলৈ যাব দিয়া হয় । বৰ্তমানে অসমত ৯টা সক্ৰিয় ঘটনা থকাৰ বিপৰীতে সৰ্বমুঠ ৪২ গৰাকী ব্যক্তি এই ভাইৰাছত আক্ৰান্ত হৈছিল । অসমৰ আটাইকেইগৰাকী ৰোগীৰ ভিতৰত ৩৭ গৰাকী ব্যক্তিয়ে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নিজামুদ্দিনত আয়োজিত তবলিগি জামাতত অংশগ্ৰহণ কৰাসকলৰ সংস্পৰ্শলৈ আহিছিল । আনহাতে অসমত এগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে অসমৰ প্ৰথমগৰাকী কোবিড-১৯ আক্ৰান্ত ৫৭ বছৰীয়া প্ৰাক্তন বিএছএফ বিষয়াগৰাকীৰ শিলচৰ মেডিকেল কলেজত এতিয়াও চিকিৎসা চলি আছে । ব্যক্তিগৰাকী কেন্সাৰ ৰোগতো আক্ৰান্ত বুলি শৰ্মাই জানিবলৈ দিয়ে ।

আনহাতে, নাগালেণ্ড আৰু ছিক্কিমৰ পৰা এতিয়ালৈকে কোনো কোভিড-১৯ ঘটনা পোহৰলৈ অহা নাই আৰু অৰুণাচল প্ৰদেশ, মনিপুৰ আৰু ত্ৰিপুৰাক বিগত মাহত কোভিড-১৯ মুক্ত ঘোষণা কৰা হৈছে ।

লগতে পঢ়কঃ কৰ'ণা মুক্ত হ'ল গোলাঘাট জিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.