ETV Bharat / bharat

বাহন নিৰ্মাণৰ বাবে দ্বিতীয়টো সৌৰশক্তি প্ৰকল্প স্থাপন মাৰুতি ছুজুকীৰ

author img

By

Published : May 29, 2019, 6:03 PM IST

গুৰুগ্ৰামস্থিত মাৰুতি ছুজুকী নিৰ্মাণখণ্ড

ভাৰতত বাহন নিৰ্মাণৰ বাবে মাৰুতী ছুজুকীয়ে বিকল্প শক্তিৰ উৎস হিচাপে সৌৰশক্তিৰ ওপৰত নিৰ্ভৰশীল হৈ আহিছে ৷ শেহতীয়াকৈ কোম্পানীটোৱে গুৰুগ্ৰামত কাৰ নিৰ্মাণ কাৰখানাত শক্তিৰ বিকল্প উৎস হিচাপে দ্বিতীয়টো সৌৰশক্তি প্ৰকল্প স্থাপন কৰিছে ৷

নিউজ ডেস্ক, 29 মেঃ দেশৰ জনপ্ৰিয় কাৰ নিৰ্মাণকাৰী সংস্থা মাৰুতী ছুজুকীয়ে ইয়াৰ নিৰ্মাণ কাৰখানাসমূহত শক্তিৰ বিকল্প,নিৰ্ভৰযোগ্য আৰু প্ৰদূষণমুক্ত উৎস ব্যৱহাৰ কৰি আহিছে ৷ সংস্থাটোৱে মানেছাৰত এক মেগাৱাট ক্ষমতাসম্পন্ন প্ৰথমটো সৌৰশক্তি প্ৰকল্প স্থাপন কৰিছিল 2014 চনত ৷ শেহতীয়াকৈ গুৰুগ্ৰামত সংস্থাটোৱে পাঁচ মেগাৱাট শক্তিসম্পন্ন ইয়াৰ দ্বিতীয়টো সৌৰশক্তি প্ৰকল্প স্থাপন কৰিছে ৷

EtvBharatAssam
গুৰুগ্ৰামস্থিত মাৰুতি ছুজুকী নিৰ্মাণখণ্ড

অধিক পঢ়কঃ আহি আছে "হুণ্ডাই ভ্যেনু"

সংস্থাটোৰ ব্যৱস্থাপনা নিৰ্দেশক তথা মুখ্য কাৰ্যবাহী বিষয়া কেনিচী আয়ুকাৱাই এই কথা প্ৰকাশ কৰিছে ৷ তেওঁৰ মতে, বৰ্তমান সমগ্ৰ বিশ্বতে শক্তিৰ বিকল্প উৎসৰ সন্ধান কৰি থকা হৈছে আৰু কাৰ্বন-নিৰ্গমণৰ ক্ষেত্ৰত সৌৰশক্তিৰ সমান বিশ্বাসযোগ্য আৰু সুৰক্ষিত শক্তিৰ উৎস কোনো হ'ব নোৱাৰে ৷

গুৰুগ্ৰামত স্থাপন কৰা দ্বিতীয়টো সৌৰশক্তি প্ৰকল্পই সংস্থাটোৰ শক্তিৰ নিৰ্ভৰশীলতা অহা 25 বছৰলৈ পূৰণ কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰিছে মুখ্য কাৰ্যবাহী বিষয়া আয়ুকাৱাই ৷ 2019-20 বিত্তীয় বৰ্ষত এই সৌৰশক্তি প্ৰকল্পটোৱে আনুষ্ঠানিক অনুজ্ঞাপত্ৰ লাভ কৰিব ৷ উল্লেখ্য যে,মাৰুতী ছুজুকীয়ে 2014 চনত স্থাপন কৰা প্ৰথমটো সৌৰশক্তি প্ৰকল্পৰ পৰা বিগত বৰ্ষত ইয়াৰ উৎপাদন ক্ষমতা 1 মেগাৱাটৰ পৰিৱৰ্তে 1.3 মেগাৱাট শক্তি আহৰণ কৰিবলৈ সক্ষম হৈছিল ৷

Intro:Body:



কাৰ নিৰ্মাণৰ বাবে দ্বিতীয়টো সৌৰ শক্তি প্ৰকল্প স্থাপন মাৰুতি ছুজুকীৰ 



ভাৰতত কাৰ নিৰ্মাণৰ বাবে মাৰুতী ছুজুকীয়ে বিকল্প শক্তিৰ উৎস হিচাপে সৌৰ শক্তিৰ ওপৰত নিৰ্ভৰশীল হৈ আহিছে ৷ শেহতীয়াকৈ কোম্পানীটোৱে গুৰুগ্ৰামত কাৰ নিৰ্মাণ কাৰখানাত শক্তিৰ বিকল্প উৎস হিচাপে দ্বিতীয়টো সৌৰ শক্তি প্ৰকল্প স্থাপন কৰিছে ৷ 



নিউজ ডেস্ক, 29 মেঃ দেশৰ জনপ্ৰিয় কাৰ নিৰ্মাণকাৰী সংস্থা মাৰুতী ছুজুকীয়ে ইয়াৰ নিৰ্মাণ কাৰখানাসমূহত শক্তিৰ বিকল্প, নিৰ্ভৰযোগ্য আৰু প্ৰদুষণমুক্ত উৎস ব্যৱহাৰ কৰি আহিছে ৷ সংস্থাটোৱে মানেছাৰত এক মেগাৱাট ক্ষমতাসম্পন্ন প্ৰথমটো সৌৰ-শক্তি প্ৰকল্প স্থাপন কৰিছিল 2014 চনত ৷ শেহতীয়াকৈ গুৰুগ্ৰামত সংস্থাটোৱে পাঁচ মেগাৱাট শক্তিসম্পন্ন ইয়াৰ দ্বিতীয়টো সৌৰ-শক্তি প্ৰকল্প স্থাপন কৰিছে ৷ 



সংস্থাটোৰ ব্যৱস্থাপনা নিৰ্দেশক তথা মুখ্য কাৰ্য্যবাহী বিষয়া কেনিচী আয়ুকাৱাই এই কথা প্ৰকাশ কৰিছে ৷ তেঁওৰ মতে, বৰ্তমান সমগ্ৰ বিশ্বতে শক্তিৰ বিকল্প উৎসৰ সন্ধান কৰি থকা হৈছে আৰু কাৰ্বন-নিৰ্গমণৰ ক্ষেত্ৰত সৌৰ-শক্তিৰ সমান বিশ্বাসযোগ্য আৰু সুৰক্ষিত শক্তিৰ উৎস কোনো হ'ব নোৱাৰে ৷ 



গুৰুগ্ৰামত স্থাপন কৰা দ্বিতীয়টো সৌৰ-শক্তি প্ৰকল্পই সংস্থাটোৰ শক্তিৰ নিৰ্ভৰশীলতা অহা 25 বছৰলৈ পুৰণ কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰিছে মুখ্য কাৰ্য্যবাহী বিষয়া আয়ুকাৱাই ৷ 2019-20 বিত্তীয় বৰ্ষথ এই সৌৰ-শক্তি প্ৰকল্পটোৱে আনুষ্ঠানিক অনুজ্ঞাপত্ৰ লাভ কৰিব ৷ উল্লেখ্য যে, মাৰুতী ছুজুকীয়ে 2014 চনত স্থাপন কৰা প্ৰথমটো সৌৰ-শক্তি প্ৰকল্পৰ পৰা বিগত বৰ্ষত ইয়াৰ উৎপাদন ক্ষমতা 1 মেগাৱাটৰ পৰিৱৰ্তে 1.3 মেগাৱাট শক্তি আহৰণ কৰিবলৈ সক্ষম হৈছিল ৷ 




Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.