ETV Bharat / bharat

জৱাহৰলাল নেহেৰু ষ্টেডিয়ামৰ পুনৰ বিকাশৰ বাবে প্ৰস্তাৱ খেল মন্ত্ৰালয়ৰ

author img

By

Published : Jun 11, 2020, 10:12 PM IST

খেল মন্ত্ৰালয়ে বুধবাৰে নতুন দিল্লীৰ প্ৰতিষ্ঠিত জৱাহৰলাল নেহৰু ষ্টেডিয়ামৰ পুনৰ বিকাশৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰায় ৭,৮৫৩ কোটি টকা খৰচ কৰি ষ্টেডিয়ামখনৰ বিকাশ কৰা হ'ব ।

jawaharlal-nehru-stadium-to-undergo-rs-8000-crore-makeover
jawaharlal-nehru-stadium-to-undergo-rs-8000-crore-makeover

নিউজ ডেস্ক, ১১ জুন : কেন্দ্ৰীয় খেল মন্ত্ৰালয়ে বুধবাৰে নতুন দিল্লীৰ প্ৰতিষ্ঠিত জৱাহৰলাল নেহৰু ষ্টেডিয়ামৰ পুনৰ বিকাশৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে। চৰকাৰৰ দ্বাৰা বুধবাৰে গ্ৰহণ কৰা প্ৰস্তাৱ (RFP) ৰ বাবে কয় যে, এই আচঁনি ব্যক্তিগতখণ্ডৰ সহযোগিতাত কৰা হ'ব আৰু ইয়াত প্ৰায় ৭,৮৫৩ কোটি টকা খৰচ হ'ব।

jawaharlal-nehru-stadium-to-undergo-rs-8000-crore-makeover
জৱাহৰলাল নেহেৰু ষ্টেডিয়ামৰ পুনৰ বিকাশৰ বাবে প্ৰস্তাৱ খেল মন্ত্ৰালয়ৰ

উল্লেখ্য যে,উক্ত ষ্টেডিয়ামত ৬০ হাজাৰ লোকৰ বহিব পৰা ব্যৱস্থা থকাৰ লগতে ষ্টেডিয়ামৰ প্ৰাংগণত এখন ইনডোৰ প্ৰেক্ষাগৃহ, তিনিখন ফুটবল খেলপথাৰ,দুখন মাৰাথন ট্ৰেক,দুখন বেডমিণ্টন খেলা স্থান,এখন ধনুকাড় খেলৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰু অন্যান্য খেলৰ বাবে নিৰ্ধাৰিত স্থান আছে।

jawaharlal-nehru-stadium-to-undergo-rs-8000-crore-makeover
জৱাহৰলাল নেহেৰু ষ্টেডিয়ামৰ পুনৰ বিকাশৰ বাবে প্ৰস্তাৱ খেল মন্ত্ৰালয়ৰ

লগতে পঢ়ক : বাঘজানৰ সৰ্বস্বান্ত সকলৰ বিননি শুনিবনে অইলৰ শীৰ্ষ বিষয়াসকলে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.