ETV Bharat / bharat

ভাৰত-আমেৰিকাৰ সম্পৰ্ক কেৱল সহযোগিতাৰ নহয় : নৰেন্দ্ৰ মোডী

author img

By

Published : Feb 24, 2020, 10:31 PM IST

Indo-US ties no longer just another partnership: PM Modi
কেৱল বাণিজ্য নহয়, ট্ৰাম্পৰ ভাৰত ভ্ৰমণ কূটনৈতিক সম্পৰ্কৰ লগত জড়িত

আমেৰিকাৰ "Statues of Liberty" আৰু ভাৰতৰ "Statue of Unity" ৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৌশলগতভাৱে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সাদৃশ্যতাক প্ৰকাশ কৰিছে ৷

নেশ্যনেল ডেস্ক, 24 ফেব্ৰুৱাৰী: আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ড'নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণ ভাৰত-আমেৰিকাৰ ঐতিহাসিক সম্পৰ্কৰ এক নতুন অধ্যায়ৰ সূচনা ৷ এয়া ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ সহযোগিতা নহয়, ই নিকটতম বন্ধুত্বৰ সম্বন্ধ ৷ এই মন্তব্য প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷

দুদিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণত অহা ৰাষ্ট্ৰপতি ট্ৰাম্পক আহমেদাবাদৰ ম'টেৰা ষ্টেডিয়ামত আয়োজন কৰা 'নমস্তে ট্ৰাম্প' অনুষ্ঠানত আদৰণি জনায় প্ৰধানমন্ত্ৰী মোডীয়ে কয়, এই ভ্ৰমণে নতুন ইতিহাস সৃষ্টি কৰাৰ লগতে নতুন প্ৰত্যাহ্বান, সম্ভাৱনা আৰু পৰিৱৰ্তনৰ ভেটি নিৰ্মাণ কৰিছে ৷

আমেৰিকাৰ "Statues of Liberty" আৰু ভাৰতৰ "Statue of Unity" ৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৌশলগতভাৱে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সাদৃশ্যতাক প্ৰকাশ কৰে ৷

প্ৰায় এক লাখ দশৰ্কৰ উপস্থিতিত প্ৰধান মন্ত্ৰী মোডীয়ে কয়, ট্ৰাম্পৰ তেওঁৰ পৰিয়ালৰ সৈতে ভাৰত ভ্ৰমণে সূচাইছে যে, বৰ্তমান ভাৰত-আমেৰিকাৰ সম্বন্ধ কেৱল এতিয়া সহযোগিতাৰ হৈ থকা নাই, এই সম্পৰ্কই এতিয়া আৰু অধিক উচ্চতাৰ দিশে গতি কৰিছে ৷ মোডীয়ে লগতে কয়, ট্ৰাম্পৰ ভাৰত ভ্ৰমণ ভাৰত- আমেৰিকাৰ সম্পৰ্কৰ এক নতুন অধ্যায় আৰু এই অধ্যায় আমেৰিকা আৰু ভাৰতীয় লোকৰ বাবে প্ৰগতি আৰু সমৃদ্ধিৰ নতুন দস্তাবেজ ৰূপে পৰিগণিত হ'ব ৷

মোডীয়ে কয় যে, আমি বিনিময় কৰিবলৈ মূল্য আৰু আদৰ্শ, উদ্যম আৰু নব্য ধাৰণা, সুযোগ আৰু প্ৰত্যাহ্বান আদি বহুতো আছে ৷ লগতে কয় যে, আজি 130 কোটি ভাৰতীয় একত্ৰিত হৈ এখন নতুন ভাৰতৰ নিৰ্মাণ কৰিছে ৷ দেশৰ যুৱশক্তি সম্ভাৱনাৰে ভৰি আছে৷ ডাঙৰ লক্ষ্যক প্ৰাপ্তি আজি ভাৰতৰ পৰিচয় হৈ পৰিছে ৷

ভাষন প্ৰসংগত প্ৰধানমন্ত্ৰী মোডীয়ে উল্লেখ কৰে যে, ভাৰতে একলগে আটাইতকৈ বেছি কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ পঠিওৱাৰ বিশ্ব ৰেকৰ্ড কৰিছে ৷ আৰু আজি ভাৰতৰ যিখন দেশৰ লগত আটাইতকৈ ব্যাপক গৱেষণা আৰু বিকাশৰ সহযোগিতা আছে, সেই দেশখনেই হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ ৷

লগতে পঢ়ক:কেৱল বাণিজ্য নহয়, ট্ৰাম্পৰ ভাৰত ভ্ৰমণ কূটনৈতিক সম্পৰ্কৰ লগত জড়িত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.