ETV Bharat / bharat

নগৰ অঞ্চলৰ বাবে কঠিন সময় !

author img

By

Published : Nov 6, 2019, 11:17 PM IST

জলসংৰক্ষণৰ বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ নকৰিলে 2022 চনৰ ভিতৰত ভাৰত পানীৰ বাবে যুঁজ দিয়া দেশৰ তালিকাভুক্ত হ'ব ৷ কেন্দ্ৰীয় জলশক্তিমন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতৰ মন্তব্য জলসংকটৰ এই সমস্যৰ বাবে চৰকাৰ আৰু নাগৰিক উভয়েই দায়ী ৷

জলসংকট আৰু ভাৰত


নিউজ ডেস্ক, 6 নৱেম্বৰঃ তীব্ৰ জলসংকটৰ সময় সমাগত ৷ বিভিন্ন কাৰণত খোৱা পানীৰ উৎসত নাটনিয়ে দেখা দিছে ৷ এইক্ষেত্ৰত আমি সজাগ নহ'লে আৰু আৱশ্যকীয় ব্যৱস্থা গ্ৰহণ নকৰিলে হয়তো আমি তৃষ্ণা নিবাৰণ কৰিবলৈ কঠিন সময়ৰ সন্মুখীন হ'ম ৷ যোৱাটো গ্ৰীষ্মকালত তামিলনাডু আৰু মহাৰাষ্ট্ৰত দেখা দিয়া জলসংকটৰ বিষয়টো সৰ্বজনবিদিত ৷ চৰকাৰে যদি জলসংৰক্ষণৰ বিষয়টো গুৰুত্বসহকাৰে নলয়, তেনেহ'লে 2022 চনৰ ভিতৰত ভাৰত পানীৰ বাবে যুঁজ দিয়া দেশ সমূহৰ তালিকাভুক্ত হ'ব ৷ কেন্দ্ৰীয় জলশক্তিমন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে কৈছে যে, জলসংকটৰ এই সমস্যৰ বাবে চৰকাৰ আৰু নাগৰিক উভয়েই দায়ী ৷ তেওঁ উল্লেখ কৰে যে, ভাৰতীয় নাগৰিকে নিজৰ কৰ্তব্যৰ পৰিৱৰ্তে কেৱল অধিকাৰৰ কথাহে কয় ৷ শেখাৱতৰ দাবী- হয়তো চেন্নাই আৰু বাংগালুৰু দক্ষিণ আফ্ৰিকাৰ কেপটাউন চহৰৰ দৰেই জলসংকটৰ মুখামুখি হ'ব ৷

গোলকীয় উষ্ণতা আৰু বতৰ পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহৰ ভিতৰত আফ্ৰিকাৰ ৰাজধানী কেপটাউন অন্যতম ৷ 2017-18 বৰ্ষত দেখা দিয়া জলসংকটৰ ফলত 40 লাখ পৰিয়ালৰ গৃহলৈ কেইবাদিনো ধৰি পানী যোগান নথকাটো বিশ্ববাসীৰ বাবে এক শিকনি হোৱা উচিত ৷ এই নাটনিৰ ফলত নগৰ অঞ্চলৰ আৱাসী সকলৰ প্ৰতি পৰিয়ালত দৈনিক 50 লিটাৰ পানীহে লাভ কৰিছিল যিটো প্ৰতিজন আমেৰিকাৰ নাগৰিকে কেৱল গা-ধোৱাৰ নামতে ব্যৱহাৰ কৰে ৷ পানীৰ নাটনিৰ সময়ত পানী সংৰক্ষণৰ বাবে কাপোৰ নুধোৱা পৰিয়ালক পুৰস্কৃত কৰাৰ ঘোষণাও কৰিবলগীয়া হৈছিল ৷ চৰকাৰে ৰেষ্টুৰেণ্ট, দোকান-পোহাৰ আৰু ৰাজহুৱা শৌচাগাৰ সমূহত পানী বন্ধ কৰাৰ বাবে আহ্বান জনাইছিল ৷ নগৰ পৌৰসভা সমূহে শূণ্য দিৱসৰ নামত মাহজুৰি পানী যোগান বন্ধ ৰাখিছিল ৷ কেৱল সেয়াই নহয় পানীৰ অপব্যয় ৰোধৰ বাবে " জল আৰক্ষীয়ে " আৱাসী এলেকা সমূহত তালাচী চলাই অত্যাধিক জৰিমণা বিহিছিল ৷

সাগৰৰ উপকূলীয় অঞ্চলত যেতিয়া সমুদ্ৰপৃষ্ঠৰ উষ্ণতা সাধাৰণতকৈ উৰ্ধগামী হয় তেতিয়া বতৰৰ পৰিস্থিতিটোক এল নিন' বুলি কোৱা হয় ৷ এই এল নিন'ৰ প্ৰভাৱতেই উষ্ণতা বৃদ্ধি পায় আৰু মেঘৰ সঞ্চালন সংঘটিত হয় ৷ ফলত দক্ষিণ আফ্ৰিকাৰ দৰে দেশত চাহিদা অনুসৰি জলাশয়ৰ অভাৱত জলসংকটে দেখা দিয়ে ৷ কেপটাউনতো জল ব্যৱস্থাপনা এনেদৰেই সংকটৰ মুখামুখি হৈছিল ৷ স্থানীয় চৰকাৰে বৰ্ধিত জনসংখ্যাৰ কাৰণে পানীৰ চাহিদা পূৰণত ব্যৰ্থতাৰ সন্মুখীন হয় ৷ বতৰ পৰিৱৰ্তনৰ ফলত দেখা দিয়া এই পৰিস্থিতি এক অন্যতম উদাহৰণ হিচাপে পৰিগণিত হৈছে ৷

দক্ষিণ আফ্ৰিকাৰ দক্ষিণ-পশ্চিম উপকূলীয় বন্দৰ চহৰ হৈছে কেপটাউন ৷ বিশ্বৰ ই এখন অন্যতম বৃহৎ চহৰ ৷ এই চহৰতেই এটা সময়ত আফ্ৰিকাৰ জননেতা নেলচন মেণ্ডেলাক কাৰাবন্দী কৰি ৰখা হৈছিল ৷ প্ৰতি বছৰে কেপটাউনলৈ 20 লাখ পৰ্যটকৰ আগমন ঘটে ৷ চহৰখনৰ অন্যতম আয়ৰ উৎস হিচাপে পৰিগণিত কেপটাউনলৈ পৰ্যটনে বাৰ্ষিক 330 কোটি আমেৰিকান ডলাৰ আমদানি কৰে ৷ পঞ্চতাৰকা হোটেল, সৌন্দৰ্যৰে পৰিপূৰ্ণ সাগৰীয় উপকূল, বন্দৰগাহ, ৰোপ'ৱে, আদিকে ধৰি বিভিন্ন ব্যৱস্থাই পৰ্যটন ক্ষেত্ৰখনক আকৰ্ষিত কৰি ৰাখিছে ৷ কিন্তু ক্ৰমবৰ্ধিত জলসংকটে এই সকলো বিলাসী ব্যৱস্থাক সম্প্ৰতি ভেঙুচালি কৰি আছে ৷ শেহতীয়া এই জলসংকটৰ বাবে ব্যয়বহুল চহৰখনলৈ অৰ্থনৈতিক মন্দাৱস্থা নামি আহিছে ৷ বছৰযোৰা বিকাশমুখী আঁচনি সমূহ জলসংকটৰ সন্মুখত ধূলিসাৎ হৈ গ'ল ৷

কোনোৱে হয়তো ভাৱিব পাৰে কেপটাউনৰ সংকট এক পৃথক ঘটনাক্ৰম ৷ কিন্তু সমগ্ৰ বিশ্বৰ বাবে ই সংকেত বহন কৰিছে ৷ ব্ৰাজিলৰ চাও-পাওলো আৰু ভাৰতবৰ্ষৰ বাংগালুৰুও এক পথৰে পথিক হ'বলৈ গৈ আছে ৷ বেইজিং, কাইৰো , মস্কোৰ স্থিতিও অনুৰূপ ৷ আমি চেন্নাইৰ জলসংকটৰ বিষয়েহে জ্ঞাত হৈছো ৷ আজিও এই চহৰখনৰ জনসাধাৰণে সংৰক্ষিত পানীৰ ওপৰত নিৰ্ভৰশীল হ'বলগীয়া হৈ আছে ৷ স্বাধীনতাৰ সময়ছোৱাত ভাৰতত জনমূৰি পানীৰ পৰিমাণ আছিল 5 হাজাৰ কিউবিক মিটাৰ ৷ যিটো 2018 বৰ্ষলৈ নিম্নগামী হৈ এক হাজাৰ পাঁচশ চল্লিশ কিউবিক মিটাৰ হয়গৈ ৷ বিকাশৰ নামত আমি বনাঞ্চলৰ গছ-গছনি ধ্বংস কৰি মাটি দখল কৰিছো ৷ বতৰৰ ব্যাপক পৰিৱৰ্তন ইতিমধ্যে পৰিলক্ষিত হৈছে ৷ সময়ত যদিও বৰ্ষা ঋতু আহিছে জলসংৰক্ষণৰ আঁচনি নাই ৷ ফলশ্ৰুতিত ভূ-জলৰ স্তৰ যথেষ্ট পৰিমাণে নিম্নগামী হ'ল ৷ এনে পৰিস্থিতিত তেলেংগানা চৰকাৰে কাকতিয়া আৰু ভগীৰথ নামৰে আৰম্ভ কৰা জলসংৰক্ষণ মিছনে অঞ্চলটোলৈ আশাৰ সঞ্চাৰ ঘটাইছে ৷


পৃথিৱীৰ প্ৰায় 70 শতাংশ এলেকা পানীৰে পৰিপূৰ্ণ যদিও কেৱল 3 শতাংশহে সেৱন যোগ্য ৷ বিশ্বৰ জনসংখ্যা সম্প্ৰতি আঠশ কোটিলৈকে বৃদ্ধি পাইছে ৷ সেই অনুপাতে সাম্প্ৰতিক বিশ্বত 1 কোটি লোকে তীব্ৰভাৱে পানীৰ নাটনিৰ সন্মুখীন হৈছে ৷ আনহাতে এই জলসংকটৰ ফলত 270 কোটি জনসাধাৰণে পৰ্যাপ্ত পানী অবিহনে জীৱন নিৰ্বাহ কৰিবলীয়া হৈছে ৷ বিশ্বত তীব্ৰ জলসংকটে দেখা দিয়া 500 খন চহৰৰ ভিতৰত ভাৰতবৰ্ষৰো কেইবাখন চহৰৰ নাম সন্নিবিষ্ট হৈছে ৷ প্ৰতিবছৰে বৰষুণৰ পৰিমাণো একেবাৰে হ্ৰাস পাই আহিছে ৷ একেদৰে ক্ষতিগ্ৰস্ত হৈছে কৃষি উৎপাদন ৷ নৈ সমূহ নলালৈ পৰিৱৰ্তন হ'ব ধৰিছে ৷ যদি নৈ সমূহতো বেদখল চলে তেনেহ'লে ইয়াৰ অববাহিকা আৰু সংলগ্ন জলাশয় সমূহো মৃত্যু মুখত পৰিব ৷ বতৰ পৰিৱৰ্তনৰ এই ভয়াৱহ পৰিস্থিতিৰ সময়ছোৱাত জলসংৰক্ষণ আৰু ইয়াৰ ব্যৱস্থাপনা অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে ৷ ইয়াৰ বাবে চৰকাৰ আৰু জনসাধাৰণ উভয়েই দায়িত্ব ল'ব লাগিব ৷

লগতে পঢ়কঃ ভাৰতে পৰীক্ষণ কৰিব 3,500 কিঃমিঃ দূৰত্বলৈ নিক্ষেপ কৰিব পৰা ক্ষেপনাস্ত্ৰ

Intro:Body:

Hard-time for metropolitan cities


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.