ETV Bharat / bharat

২ জুন পৰ্যন্ত পিএমজিকেপিৰ অধীনত ৫৩,২৪৩ কোটি লাভ হিতাধিকাৰীৰ

author img

By

Published : Jun 3, 2020, 3:29 PM IST

প্ৰধানমন্ত্ৰী গৰীব কল্যাণ আঁচনি
২ জুন পৰ্যন্ত পিএমজিকেপিৰ অধীনত ৫৩,২৪৩ কোটি লাভ হিতাধিকাৰীৰ

২ জুন পৰ্যন্ত প্ৰায় ৪২ কোটি হিতাকধিকাৰীয়ে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ আঁচনিৰ অধীনত ৫৩,২৪৩ কোটি টকা লাভ কৰিবলৈ সক্ষম হয় বুলি বুধবাৰে এক বিবৃতিযোগে সদৰী কৰে বিত্ত মন্ত্ৰণালয়ে ।

নিউজ ডেস্ক,৩ জুনঃ ভাৰতত বিত্ত মন্ত্ৰণালয়ে বুধবাৰে এক বিবৃতিযোগে প্ৰকাশ কৰে যে, ২ জুন পৰ্যন্ত প্ৰায় ৪২ কোটি হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ আঁচনিৰ অধীনত ৫৩,২৪৩ কোটি টকা লাভ কৰিবলৈ সক্ষম হয় ।

প্ৰধানমন্ত্ৰী গৰীব কল্যাণ আঁচনি
২ জুন পৰ্যন্ত পিএমজিকেপিৰ অধীনত ৫৩,২৪৩ কোটি লাভ হিতাধিকাৰীৰ

বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা মহামাৰী COVID-19 ৰ লক ডাউনৰ প্ৰভাৱত সমাজৰ দৰিদ্ৰ সীমাৰেখা তলৰ ব্য়ক্তিসকলৰ বাবে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ আঁচনিৰ অধীনত ২৬ মাৰ্চত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ১.৭ লাখ কোটি টকা মুকলি কৰি দিয়ে ।

এই আঁচনিৰ জৰিয়তে কেন্দ্ৰ চৰকাৰে মহিলা,দৰিদ্ৰ,বয়োজ্যেষ্ঠ নাগৰিক আৰু কৃষকসকলক বিনামূলীয়া খাদ্য আৰু নগদ ধন লাভ কৰিব বুলি উল্লেখ কৰে ৷ বৰ্তমান পৰ্যন্ত কেন্দ্ৰীয় চৰকাকৰে পি এম উজ্জ্বলা আঁচনিৰ জৰিয়তে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত ৮,৪৮৮ কোটি স্থানান্তৰ কৰে । ইয়াৰ উপৰিও ৮,৫৮ কোটি টকাৰ বিনামূলীয়া উজ্জ্বলা ৰন্ধন গেছ ছিলিণ্ডাৰ বিতৰণ বাবে আগবঢ়াই । দেশত বৰ্তমান পৰ্যন্ত ইতিমধ্যে ৯.২৫ কোটি ৰন্ধন গেছৰ ছিলিণ্ডাৰ উজ্জ্বলা আঁচনিৰ জৰিয়তে হিতাধিকাৰীসকলে লাভ কৰে । আনহাতে,চৰকাৰে উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীক ৩০ জুনলৈ মুঠ তিনি মাহৰ বাবে বিনামূলীয়া ৰন্ধন গেছৰ ছিলিণ্ডাৰ যোগান ধৰিব বুলিও সদৰী কৰে বিত্ত মন্ত্ৰণালয়ে ।

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী কিষাণ নিধি আঁচনিৰ জৰিয়তে ৮,১৯ কোটি কৃষকে ২০০০ টকাকৈ মুঠ ১৬,৩৯৪ কোটি টকা লাভ কৰিছে বুলি সদৰী কৰে বিত্ত মন্ত্ৰণালয়ে ।

লগতে পঢ়কঃ কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধিক লৈ কোনেও ভয় খাব নালাগে: কেন্দ্ৰীয় মন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.