ETV Bharat / bharat

তেলেংগানাৰ প্ৰাক্তন গৃহমন্ত্ৰী নায়নি নৰসিংহ ৰেড্ডীৰ দেহাৱসান

author img

By

Published : Oct 22, 2020, 5:01 PM IST

তেলেংগানাৰ প্ৰাক্তন গৃহমন্ত্ৰী নায়নি নৰসিংহ ৰেড্ডীৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওৱে ৷ বুধবাৰে নিশা চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয় প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷

নায়নি নৰসিংহ ৰেড্ডীৰ দেহাৱসান
নায়নি নৰসিংহ ৰেড্ডীৰ দেহাৱসান

নেশ্যনেল ডেস্ক, 22 অক্টোবৰ: তেলেংগানাৰ প্ৰক্তন গৃহমন্ত্ৰী তথা তেলেংগানা ৰাষ্ট্ৰ সমিতি দলৰ জ্যেষ্ঠ নেতা নায়নি নৰসিংহ ৰেড্ডীৰ দেহাৱসান ৷ বুধবাৰে নিশা চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয় প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷

86 বৰ্ষীয় নেতাগৰাকীৰ দেহত ছেপ্তেম্বৰৰ 28 তাৰিখে ধৰা পৰিছিল Covid-19 ৰ অৱস্থিতি ৷ অৱশ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাচত তেওঁ সুস্থও হৈ উঠিছিল ৷ কিন্তু প্ৰায় 3 দিন পূৰ্বে পুনৰ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু তেওঁক জুবলী হিলস্থিত এপ'লো হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ তেওঁক চিকিৎসালয়ত ভেণ্টিলেটৰত ৰখা হৈছিল ৷

প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ ৰাজনৈতিক নেতাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওৱে ৷ ইয়াৰোপৰি তেওঁ তেলেংগানা পৃথক ৰাজ্যৰ আন্দোলনৰ সময়খিনিৰ লগতে নায়নি নৰসিংহ ৰেড্ডীৰ সৈতে তেওঁৰ ঘনিষ্ঠতাক স্মৰণ কৰে ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰয়াত প্ৰাক্তন মন্ত্ৰী গৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ৷ তেওঁ মুখ্য সচিবক প্ৰয়াত নেতাগৰাকীৰ অন্তিম শেষকৃত্য সম্পূৰ্ণ চৰকাৰী সন্মানেৰে সম্পন্ন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷

লগতে পঢ়ক: তৃণমূল কংগ্ৰেছত যোগদান গোৰ্খা নেতা বিমল গুৰুংগেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.