ETV Bharat / bharat

স্ৱামীৰ অত্যাচাৰৰ বলি ভাৰতীয় মহিলা হকীৰ প্ৰাক্তন অধিনায়ক

author img

By

Published : Feb 21, 2020, 12:02 PM IST

Updated : Feb 21, 2020, 12:28 PM IST

খেলুৱৈগৰাকীৰ ভাষ্য অনুসৰি, সুৰজ লতাৰ অনৈতিক কামে তেওঁক অৰ্জুন পুৰস্কাৰ প্ৰাপ্তিটো সহায় কৰা বুলি স্বামী সান্তা সিঙে আৰোপ কৰে ৷ স্বামীৰ ব্যৱহাৰ, মানসিকতা এসময়ত সলনি হ'ব বুলি আশাৰে বিগত বহু বছৰে খেলুৱৈগৰাকীয়ে বাট চালে যদিও দিনে দিনে স্বামীৰ অত্যাচৰৰ সীমা চেৰাই যোৱাত অৱশেষত আৰক্ষীৰ কাষ চাপিছে সুৰজ লতা ৷

সুৰজ লতা দেৱী
সুৰজ লতা দেৱী

নিউজ ডেস্ক, 21 ফেব্ৰুৱাৰীঃ ভাৰতীয় মহিলা হকী দলৰ প্ৰাক্তন অধিনায়ক সুৰজ লতা দেৱীয়ে স্বামী সান্তা সিঙৰ ওপৰত এখন গোচৰ ৰুজু কৰিছে ৷ যৌতুকৰ বাবে স্বামীয়ে খেলুৱৈগৰাকীৰ ওপৰত শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱা বুলি এখন সংবাদ মেলৰ জৰিয়তে জানিবলৈ দিয়ে ৷ ইয়াৰোপৰি, বিয়াৰ দিনা খেলুৱৈগৰাকীয়ে লাভ কৰা পদকসমূহক লৈয়ো স্বামীয়ে তিৰস্কাৰ কৰা বুলি সংবাদ মেলত জানিবলৈ দিয়ে ৷

সুৰজ লতাই নীতিবহিৰ্ভূত কাৰ্যৰ জৰিয়তেহে অৰ্জুন বঁটা লাভ কৰা বুলি স্বামীয়ে প্ৰচাৰ চলোৱা বুলিও অভিযোগ উত্থাপন কৰে খেলুৱৈগৰাকীয়ে ৷ স্বামীৰ ব্যৱহাৰ, মানসিকতা এসময়ত সলনি হ'ব বুলি বিগত বহু বছৰে খেলুৱৈগৰাকীয়ে বাট চালে যদিও দিনে দিনে স্বামীৰ অত্যাচৰৰ সীমা চেৰাই যোৱাত অৱশেষত আৰক্ষীৰ কাষ চাপিছে সুৰজ লতা ৷

ভাৰতীয় মহিলা হকীৰ প্ৰাক্তন অধিনায়কক
ভাৰতীয় মহিলা হকীৰ প্ৰাক্তন অধিনায়কক

বিগত বৰ্ষৰ নৱেম্বৰ মাহত পঞ্জাৱৰ কপুৰথালাত অনুষ্ঠিত এখন টুৰ্ণামেন্টত ভাগ ল'বলৈ যাওতেই সান্তা সিঙে সুৰজ লতাক মাৰ-পিট কৰে ৷ সুৰজ লতাই জানুৱাৰী মাহত স্বামীৰ বিৰুদ্ধে মণিপুৰ পুলিচত গোচৰ দিয়াত মণিপুৰ আৰক্ষীয়ে গোচৰটো পাঞ্জাবলৈ প্ৰেৰণ কৰে যিহেতু সুৰজৰ লগত সংঘটিত হোৱা ঘৰুৱা হিংসাৰ ঘটনাটো পাঞ্জাৱত হৈছিল ৷ বৰ্তমান খেলুৱৈগৰাকীৰ স্বামীৰ ওপৰত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত কেবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে ৷

লগতে পঢ়কঃ বিলাসীপাৰাত বিপিএফ নেত্ৰী মুনমুন ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰ

উল্লেখ্য যে, ভাৰতীয় মহিলা হকী দলে সুৰজ লতাৰ অধিনায়কত্বত 2004 চনত তিনিখন আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেন্ট, 2002 চনত কমনৱেলথ গেমছৰ লগতে কেইবাখনো খেলত জয়ী হৈছিল ৷

Last Updated : Feb 21, 2020, 12:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.