ETV Bharat / bharat

মথুৰাত চাঞ্চল্য়কৰ আত্মহত্য়া বিদেশী মহিলাৰ

author img

By

Published : Jan 24, 2021, 3:51 PM IST

নিশা বৃন্দাবন আৰক্ষী থানাৰ ওচৰৰ আৱাসিক ভৱনৰ পঞ্চম মহলাৰ পৰা জপিয়াই এগৰাকী ৪০ বছৰীয়া বিদেশী মহিলাই । ঘটনাত মৃত্য়ু হোৱা তানিয়া হেমেলুচকিয়া নামৰ মহিলাগৰাকীৰ ঘৰ ৰাছিয়াত । মানসিকভাবে অস্থিৰ মহিলাগৰাকীৰ এয়া আত্মহত্য়া বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ।

মথুৰাত চাঞ্চল্য়কৰ আত্মহত্য়া বিদেশী মহিলাৰ
মথুৰাত চাঞ্চল্য়কৰ আত্মহত্য়া বিদেশী মহিলাৰ

নিউজ ডেস্ক , ২৪ জানুৱাৰী : উত্তৰ প্ৰদেশৰ মথুৰাত চাঞ্চল্য়কৰ ঘটনা । শনিবাৰে নিশা বৃন্দাবন আৰক্ষী থানাৰ ওচৰৰ আৱাসিক ভৱনৰ পঞ্চম মহলাৰ পৰা জপিয়াই এগৰাকী ৪০ বছৰীয়া বিদেশী মহিলাই । নিশা প্ৰায় ৭ মান বজাত সংঘটিত এই ঘটনাৰ পিছতে স্থানীয় লোকে মহিলাগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে; কিন্তু মহিলা গৰাকী মৃত্য়ু হোৱা বুলি ঘোষণা কৰে চিকিৎসকে । মহিলাগৰাকী ৰাছিয়াৰ বাসিন্দা তানিয়া হেমেলুচকিয়া বুলি চিনাক্ত কৰা হৈছে ।

ইয়াৰ পিছতে আৰক্ষীয়ে মহিলাগৰাকীৰ ৰহস্য়জনক মৃত্য়ুৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । মহিলাগৰাকীৰ বন্ধুৱে আৰক্ষীক জনোৱা মতে হেমেলুচকিয়া সন্ধিয়া ফ্লেটৰ পৰা ওলাই গৈছিল । লগতে মহিলাগৰাকী মানসিকভাবে অস্থিৰ আছিল বুলিও আৰক্ষীক জনাইছে বন্ধুগৰাকীয়ে ।

ইফালে আৰক্ষী অধীক্ষক এম পি সিঙে জনোৱা মতে প্ৰাথমিক তদন্তত মানসিকভাবে অস্থিৰ মহিলাগৰাকীৰ এয়া আত্মহত্য়া বুলি সন্দেহ কৰা হৈছে । ঘটনাৰ তদন্ত অব্য়াহত ৰখাৰ লগতে আৰক্ষীয়ে এক আত্মহত্য়াৰ গোচৰো ৰুজু কৰিছে ।

লগতে পঢ়ক :'ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস'ত প্ৰধানমন্ত্ৰী মোডীৰ বিশেষ শুভেচ্ছাবাণী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.