ETV Bharat / bharat

ভাৰত বন্ধ : জলন্ধৰত অমৃতসৰ-দিল্লী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৃষকৰ

author img

By

Published : Sep 25, 2020, 10:45 AM IST

প্ৰায় 25 টা কৃষক সংগঠনৰ কৃষি বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ ৷ জলন্ধৰত অমৃতসৰ-দিল্লী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে কৃষকে ৷

ভাৰত বন্ধ
জলন্ধৰত অমৃতসৰ-দিল্লী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৃষকৰ

নেশ্যনেল ডেস্ক, 25 ছেপ্তেম্বৰ : 18 টাকৈ ৰাজনৈতিক দলৰ প্ৰতিবাদৰ পাচতো সংসদত কৃষি বিধেয়ক গৃহীত হোৱা বাবে প্ৰায় 25 টা কৃষক সংগঠনে শুকুৰবাৰে ভাৰত বন্ধ ঘোষণা কৰিছে ৷ পাঞ্জাৱ আৰু হাৰিয়ানাত 31 টাকৈ কৃষক সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

জলন্ধৰত অমৃতসৰ-দিল্লী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৃষকৰ

সৰ্ব ভাৰতীয় কৃষক সংঘৰ্ষ সমন্বয় সমিতিৰ আহ্বায়ক ভি. এম. সিঙে কয়, "দুখীয়া লোকৰ খাদ্যৰ সুৰক্ষা বহুৰাষ্ট্ৰীয় আৰু কৰ্পৰেট গোষ্ঠীক চমজাই দিলে ৰাষ্ট্ৰজোৰা প্ৰতিবাদ সাব্যস্ত হ'ব ৷" ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দক এই বিধেয়কত স্বীকৃতি প্ৰদান নকৰিবলৈ আহ্বান জনাই এনেদৰে মন্তব্য কৰে সিঙে ৷ বুধবাৰে ৰাষ্ট্ৰপতি কোবিন্দক সাক্ষাৎ কৰা 18 টা ৰাজনৈতিক দলেও একেধৰণৰ দাবী উত্থাপন কৰে ৷

জলন্ধৰত অমৃতসৰ-দিল্লী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৃষকৰ

কৃষকৰ সন্মিলিত সংস্থাসমূহে সকলো কৃষককে এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিবলৈ আহ্বান জনায় ৷ ভাৰতীয় কৃষক সমিতিয়ে কয়, "25 ছেপ্তেম্বৰত কৃষকসকলে বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব ৷"

পাঞ্জাৱৰ কৃষক সন্মিলনসমূহে দাবী কৰে যে, তেওঁলোকৰ চাপতে আকালী দলৰ নেত্ৰী হৰছিমৰত কৌৰ বাদলে কেবিনেটৰ মন্ত্ৰীত্বৰ পদৰ পৰা পদত্যাগ কৰে ৷ কিন্তু এই বিধেয়ক বাতিল হ'লেহে প্ৰকৃত জয় সাব্যস্ত হ'ব ৷

জলন্ধৰত অমৃতসৰ-দিল্লী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৃষকৰ

উল্লেখ্য যে, কৃষকসকলে 18 টাকৈ ৰাজনৈতিক দলৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে৷ তেওঁলোকৰ ভিতৰত উল্লেখযোগ্য হৈছে কংগ্ৰেছ, পশ্চিমবংগত টিএমচি, কেৰালাৰ পৰা বাওঁপন্থী, দিল্লীৰ পৰা আপ, তেলেংগানাৰ পৰা টিআৰএছ, বিজেডি আদি ৷

উল্লেখ্য যে, সদ্য সমাপ্ত সংসদৰ বৰ্ষাকালীন অধিবেশনত সংসদৰ উচ্চ সদনে কৃষি বিধেয়কৰ অনুমোদন প্ৰদান কৰিছে ৷

লগতে পঢ়ক : 2021 ত কৃষ্ণ-অৰ্জুনৰ ভূমিকা পালন কৰিব সৰ্বানন্দ-হিমন্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.