ETV Bharat / bharat

নৈতিক অধঃপতনঃ মুম্বাইত যৌন নিৰ্যাতনৰ পৰা বাচি নগল কুকুৰেও

author img

By

Published : Oct 24, 2020, 10:18 PM IST

Updated : Oct 24, 2020, 10:35 PM IST

Dog sexually assaulted in Mumbai, FIR registered
মুম্বাইত কুকুৰত যৌন নিৰ্যাতন, গোচৰ ৰুজু

মুম্বাইৰ পাৱাই অঞ্চলত কুকুৰক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে মুম্বাই আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ ৷ ২২ অক্টোবৰত দুগৰাকী মহিলাই পাৱাইৰ গেলেৰীয় ম‘লৰ ওচৰত ন-বছৰীয়া কুকুৰটোৰ ৰক্তক্ষৰণ হোৱা লক্ষ্য কৰি অৱগত কৰিছিল আৰক্ষীক ।

নিউজ ডেস্ক, 24 অক্টোবৰ: মুম্বাইৰ পাৱাই অঞ্চলত কুকুৰক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে মুম্বাই আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ ৷ ২২ অক্টোবৰত দুগৰাকী মহিলাই পাৱাইৰ গেলেৰীয় ম‘লৰ ওচৰত ন-বছৰীয়া কুকুৰটোৰ ৰক্তক্ষৰণ হোৱা লক্ষ্য কৰি অৱগত কৰিছিল আৰক্ষীক।

উল্লেখ্য যে, অঞ্চলটোত দুয়োগৰাকী মহিলাই কেইদিনমানৰ পৰা কুকুৰকেইটাৰ যত্ন লৈ আছিল। অৱশ্যে, যেতিয়াই তেওঁলোকে লক্ষ্য কৰিলে যে কুকুৰটোৰ গুপ্তাংগৰ পৰা ৰক্তক্ষৰণ হৈ আছে, তেওঁলোকে লগে লগে কুকুৰটোক লৈ যায় এখন পশু চিকিৎসালয়লৈ । পশু চিকিৎসকে কুকুৰটোৰ গুপ্তাংগত সুমুৱাই ৰখা এডাল কাঠৰ মাৰি প্ৰতক্ষ্য কৰে আৰু কুকুৰটোক যৌন নিৰ্যাতন চলোৱা বুলি অনুমান কৰিছিল ৷

ইফালে, মুম্বাই এনিমেল ৰাইটছ (বিএআৰ)ৰ অভিযোগৰ ওপৰত ভিত্তি কৰি পাৱাই আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইন (আইপিচি)ৰ ধাৰা ৩৭৭ অধীনত এই ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে ৷

লগতে পঢ়ক: মৃত্যুৰ ১৮ ঘণ্টা পৰ্যন্ত কৰ'ণা আক্ৰান্ত ৰোগীৰ দেহত সক্ৰিয় হৈ থাকে ভাইৰাছ

Last Updated :Oct 24, 2020, 10:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.