ETV Bharat / bharat

দিল্লীত দুই সন্তানৰ সৈতে মাতৃৰ আত্মহত্যা

author img

By

Published : Jul 2, 2020, 8:14 PM IST

পূব দিল্লীৰ মণ্ডাবলী অঞ্চলত এগৰাকী মহিলাই তেওঁৰ দুগৰাকী সন্তানৰ সৈতে ৰে'লৰ আগত জাপ দি আত্মহত্যা কৰে । আৰক্ষীয়ে প্ৰকাশ কৰিলে এই তথ্য । ঘটনাস্থলীতে মহিলা গৰাকী আৰু কন্যাই মৃত্যুক সাবটি লয় যদিও সৌভাৰ্গক্ৰমে এমহীয়া পুত্ৰ সন্তানটি মৃত্যু হোৱা নাই বুলি জানিব দিয়ে ।

delhi-woman-commits-suicide-with-2-children-on-rail-tracks
delhi-woman-commits-suicide-with-2-children-on-rail-tracks

নিউজ ডেস্ক, ২ জুলাই : পূব দিল্লীৰ মণ্ডাবলী অঞ্চলত এগৰাকী মহিলাই তেওঁৰ দুগৰাকী সন্তানৰ সৈতে ৰে'লৰ আগত জাপ দি আত্মহত্যা কৰে । আৰক্ষীয়ে প্ৰকাশ কৰিলে এই তথ্য । উক্ত ঘটনাস্থলীতে মহিলা গৰাকী আৰু কন্যাই মৃত্যুক সাবটি ল'ব লগা হৈছিল কিন্তু সৌভাৰ্গক্ৰমে এমহীয়া পুত্ৰ সন্তানটি মৃত্যু হোৱা নাই বুলি জানিবলৈ দিয়ে ।

ৰে'লৱে বিষয়া হৰেন্দ্ৰ সিংয়ে জনোৱা অনুসৰি, বৃহস্পতিবাৰে ৪ বজাত ঘটনা সন্দৰ্ভত গম পাবলৈ সক্ষম হয় । বৰ্তমানে উক্ত ঘটনাৰ তদন্ত চলি আছে । মহিলা গৰাকীৰ নাম কিৰণ বুলি জানিব পৰা গৈছে । স্থায়ীভাবে মহিলা গৰাকী বিহাৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে, কিৰণে দুগৰাকী সন্তানৰ লগত স্বামীৰ সৈতে দিল্লীত বসবাস কৰিছিল ।

তথ্য অনুসৰি, মহিলা গৰাকীৰ বিবাহ সম্পৰ্কীয় কথাত স্বামীৰ লগত কাজিয়াৰ সূত্ৰপাত হৈছিল । ঘটনাৰ তদন্তৰ বাবে আৰক্ষীয়ে স্বামী গৰাকীৰ পৰা বিবৃতি গ্ৰহণ কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.