ETV Bharat / bharat

কৰ্ণাটকত বিধায়কৰ বাসগৃহত অগ্নিসংযোগ দুৰ্বৃত্তৰ

author img

By

Published : Aug 12, 2020, 10:43 AM IST

Communal clash over Facebook post
ফেচবুক প’ষ্টক লৈ সাম্প্ৰদায়িক সংঘৰ্ষ

কৰ্ণাটকৰ পুলকেশনগৰত বিধায়ক আকন্দ শ্ৰীনিৱাসৰ আত্মীয় ভাতৃৰ এক ফেচবুক প’ষ্টে সৃষ্টি কৰিছে সংঘৰ্ষৰ ৷ মঙলবাৰে এক বিশেষ সাম্প্ৰদায়িক গোটে শিলাবৰ্ষণ কৰাৰ লগতে বিধায়ক গৰাকীৰ বাসগৃহত অগ্নিসংযোগ কৰে ৷

নিউজ ডেস্ক, 12 আগষ্ট: বিধায়ক আকন্দ শ্ৰীনিৱাসৰ আত্মীয় ভাতৃৰ এক ফেচবুক প’ষ্টে কৰ্ণাটকৰ পুলকেশনগৰত এক সাম্প্ৰদায়িক মতানৈক্যৰ সৃষ্টি কৰে ৷ ইয়াৰ ফলস্বৰূপে এক বিশেষ সাম্প্ৰদায়িক গোটে মঙলবাৰে শিলাবৰ্ষণ কৰে আৰু বিধায়ক গৰাকীৰ বাসগৃহত জুই লগাই দিয়ে ৷

ফেচবুক প’ষ্টক লৈ সাম্প্ৰদায়িক সংঘৰ্ষ

নিজৰ ফেচবুক প’ষ্টৰ স্পষ্টীকৰণ হিচাপে বিধায়ক গৰাকীৰ ভায়েকে কয় যে,তেওঁৰ ফেচবুক একাউণ্টটো হেক কৰা হৈছে আৰু তেওঁ এই প’ষ্টটো শ্বেয়াৰ কৰা নাছিল ৷ ইয়াৰে সুযোগ লৈ বিৰোধী লোকসকলে বাসগৃহত অগ্নিসংযোগ কৰাৰ লগতে বাইকসমূহো জ্বলাই দিয়ে ৷ আনকি বিৰোধী দলে ডিজি হাল্লী আৰক্ষী থানাও জ্বলাই দিয়ে ৷

পৰিস্থিতি নিয়ন্ত্ৰণৰ হেতু আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ লগতে শূন্যলৈ গুলীচালনা কৰে ৷ কিন্তু এতিয়াও সংঘাত বৃদ্ধি পাই আছে,কিয়নো আৰক্ষীয়ে মানুহৰ ভিৰৰ স্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই ৷

প্ৰতিবেদনত উল্লেখিত অনুসৰি,আৰক্ষীয়ে কৰা গুলীবৰ্ষণৰ ফলত ইয়াৰ নিকটৱৰ্তী এলেকাৰ এজন লোকৰ মৃত্যু হয় ৷ বিধায়ক জামিৰ আহমেদ আৰু ইমামে সকলোকে শান্তি বজাই ৰাখিবলৈ অনুৰোধ জনায় যদিও ব্যৰ্থ হয় ৷

উক্ত পৰিস্থিতি সন্দৰ্ভত গৃহ মন্ত্ৰী বচৱৰাজ বোম্মাইয়ে সদৰি কৰে যে,যিকোনো সংঘাত বা সমস্যা আৰক্ষীৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পৰা যায় ৷ এই অসামাজিক ঘটনাৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷

আনহাতে, বিধায়ক শ্ৰীনিৱাসে এক ভিডিঅ’ ৰেকৰ্ডযোগে কৈছিল যে, Prophet Muhammadৰ বিৰুদ্ধে থকা পদক লৈ নিশ্চিতভাৱে শাস্তি প্ৰদান কৰা উচিত আৰু ইয়াৰ উচিত তদন্ত হ’ব লাগে ৷ তেওঁ সকলোকে শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান জনায় ৷

আৰক্ষীয়ে গুলীবৰ্ষণ কৰাৰ পাচত কিছুদিনলৈ ৰাজধানী চহৰত সংকটপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে সান্ধ্য আইন জাৰি কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: মহাৰাষ্ট্ৰৰ থানেত COVID-19 হাস্পতালত অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.