ETV Bharat / bharat

14 খন ৰাজ্যলৈ কেন্দ্ৰৰ 6,195 কোটিৰ অনুদান

author img

By

Published : Jun 11, 2020, 10:32 AM IST

15 সংখ্যক বিত্তীয় আয়োগ
14 খন ৰাজ্যলৈ কেন্দ্ৰৰ 6,195 কোটিৰ অনুদান

নিৰ্মলা সীতাৰমণৰ কাৰ্যালয়ৰ পৰা প্ৰদান কৰা এক টুইট অনুসৰি, "চৰকাৰে 10 জুন, 2020 চনত 14 খন ৰাজ্যৰ বাবে 6,195.08 কোটি টকা 15 সংখ্যক বিত্তীয় আয়োগৰ Post Devolution Revenue Deficit Grant অধীনত প্ৰদান কৰিছে ৷ কৰ'ণা সংকটৰ সময়ত এই সাহাৰ্যই অতিৰিক্ত সহায় আগবঢ়াব ৷"

নেশ্যনেল ডেস্ক, 11 জুন : Covid-19 ৰ শেহতীয়া পৰিস্থিতি বাৰুকৈয়ে ভয়াবহ হৈ অহাৰ ফলত ৰাজ্য চৰকাৰসমূহৰ সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে ৰাজ্যসমূহৰ ৰাজহ ঘাটি অনুদানৰ তৃতীয় কিস্তি হিচাপে 6,195 কোটিৰ অনুদান প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ 15 সংখ্যক বিত্তীয় আয়োগৰ ‘Post Devolution Revenue Deficit Grant’ ৰ অধীনত প্ৰদান কৰা হৈছে এই অনুদান ৷

15 সংখ্যক বিত্তীয় আয়োগ
14 খন ৰাজ্যলৈ কেন্দ্ৰৰ 6,195 কোটিৰ অনুদান

14 খন ৰাজ্যৰ বাবে এই অনুদান প্ৰদান কৰা হৈছে ৷ এই ৰাজ্যসমূহ হৈছে অন্ধ্ৰ প্ৰদেশ, কেৰালা, হিমাচল প্ৰদেশ, পশ্চিম বংগ, উত্তৰাখণ্ড, তামিলনাডু, পাঞ্জাৱ, ছিকিম, অসম, মনিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰা ৷

নিৰ্মলা সীতাৰমণৰ কাৰ্যালয়ৰ পৰা প্ৰদান কৰা এক টুইট অনুসৰি, "চৰকাৰে 10 জুন, 2020 চনত 14 খন ৰাজ্যৰ বাবে 6,195.08 কোটি টকা 15 সংখ্যক বিত্তীয় আয়োগৰ Post Devolution Revenue Deficit Grant অধীনত প্ৰদান কৰিছে ৷ কৰ'ণা সংকটৰ সময়ত এই সাহাৰ্যই অতিৰিক্ত সহায় আগবঢ়াব ৷"

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই এই অনুদান মুকলি কৰি দিয়া হয় আৰু ইয়াৰ জৰিয়তে ৰাজ্য চৰকাৰসমূহলৈ বিশেষ সাহাৰ্য প্ৰদান কৰা হৈছে ৷ লকডাউনৰ সময়ত অৰ্থনীতি বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হোৱাৰ ফলত ইয়াৰ পুনৰুদ্ধাৰৰ বাবে এই অনুদান প্ৰদান কৰা হৈছে ৷

14 খন ৰাষ্ট্ৰৰ ভিতৰত সৰ্বাধিক অনুদান লাভ কৰিছে কেৰালাই ৷ কেৰালাই 1,277 কোটি, হিমাচলে 953 কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে, অন্ধ্ৰ প্ৰদেশে 491 কোটি আৰু তামিলনাডুয়ে 335 কোটি টকা লাভ কৰিছে ৷

এই অৰ্থৰ জৰিয়তে ৰাজ্যসমূহৰ চৰকাৰী চাকৰিয়াল সকলক দৰমহা প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে ৷ GST ত ৰাজহ ক্ষয় হোৱাৰ ফলত বিত্ত মন্ত্ৰণালয়ে 36,400 কোটি টকা ঘোষণা কৰাৰ পাচতে এই অনুদান প্ৰদান কৰা হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.