ETV Bharat / bharat

COVID-19: ২০ হাজাৰ কোটি টকীয়া চেণ্ট্ৰল ভিষ্টা প্ৰজেক্ট বাতিলৰ আহ্বান কংগ্ৰেছ সাংসদৰ

author img

By

Published : Apr 7, 2020, 10:20 AM IST

Cancel Rs 20000-crore Central Vista project to save funds for fight against COVID-19: Cong MP
Cancel Rs 20000-crore Central Vista project to save funds for fight against COVID-19: Cong MP

কেন্দ্ৰই MPLADS পুঁজি স্থগিত কৰি ৮ হাজাৰ কোটি টকা ৰাহি কৰাৰ সিদ্ধান্ত লৈছে যদিও চেণ্ট্ৰল ভিষ্টা প্ৰকল্পৰে ২০ হাজাৰ কোটি ৰাহি নহ'ব নেকি প্ৰশ্ন উত্থাপন কংগ্ৰেছী সাংসদৰ ।

নিউজ ডেস্ক, ৭ এপ্ৰিলঃ সোমবাৰে COVID-19 ৰ বিৰুদ্ধে যুঁজিবলৈ ২০ হাজাৰ কোটি টকীয়া চেণ্ট্ৰল ভিষ্টা পুন নিৰ্মাণৰ প্ৰকল্প বাতিলৰ দাবী উত্থাপন কৰে কংগ্ৰেছৰ ৰাজ্যসভাৰ সদস্য প্ৰতাপ সিং বাজৱাই ।

বাজৱাই কেন্দ্ৰই গ্ৰহণ কৰা সাংসদৰ এবছৰৰ বাবে ৩০ শতাংশ দৰমহা কৰ্তন আৰু MPLADS পুঁজি স্থগিত কৰাৰ সীদ্ধান্তক স্বাগতম জনায় । কিন্তু MPLADS পুঁজি স্থগিত কৰি ৮ হাজাৰ কোটি টকা ৰাহি কৰাৰ চিন্তা কৰিছে যদিও চেণ্ট্ৰল ভিষ্টা প্ৰকল্পৰে ২০ হাজাৰ কোটি ৰাহি নহ'ব নেকি প্ৰশ্ন উত্থাপন কৰে । বাজৱাই লগতে কয়, MPLADS পুঁজি স্থগিত কৰাৰ বাবে ৰাজ্য সমূহে যাতে নিজৰ প্ৰাপ্তৰ পৰা বঞ্চিত হ'ব নালাগে সেইয়া লক্ষ্য কৰিব লাগে ।

আনহাতে পঞ্জাৱৰ সাংসদৰ আহ্বান ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ ৫০ শতাংশ কৈ দৰমহা কৰ্তনেৰে COVID-19 ৰ বিৰুদ্ধে অধিক উৎস গোটাব পৰা যাব ।

এই ভাইৰাছত ভাৰতত বৰ্তমানলৈকে ১৩৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৪৭৭৮ জন লোক আক্ৰান্ত হৈছে । বিগত ২৪ ঘন্টাত সৰ্বাধিক ৭০৪ টা ঘটনা পোহৰলৈ আহিছিল ।

এই চেণ্ট্ৰল ভিষ্টা প্ৰকল্পত সন্নিৱিষ্ট হৈ আছে- এটা ত্ৰিকোণীয় সংসদ ভৱন, সাধাৰণ কেন্দ্ৰীয় সচিবালয়, বিভিন্ন মন্ত্ৰণালয়ৰ আৱাসগৃহ, ৰাষ্ট্ৰপতি ভৱনৰ পৰা ইণ্ডিয়া গেট পৰ্যন্ত ৩ কিল'মিটাৰ ৰাজপথৰ পুনৰ নিৰ্মাণৰ কাম ।

লগতে চাওক- Howzat ! পাঁচগৰাকী বলাৰৰ পাঁচগৰাকী পছন্দৰ বেটছমেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.