ETV Bharat / sports

Howzat ! পাঁচগৰাকী বলাৰৰ পাঁচগৰাকী পছন্দৰ বেটছমেন

author img

By

Published : Apr 7, 2020, 10:02 AM IST

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আপুনি বহু ক্ৰিকেটাৰ দেখিছে । দেখিছে বহু বলাৰ, বেটছমেন । কিন্তু ইয়াৰ ভিতৰতে কিছুমান বিশেষ বলাৰৰ পছন্দ হৈছো কোনো কোনো বিশেষ বেটছমেন । আনহাতে বেটছমেন জনৰ বাবে ত্ৰাসৰ কাৰণ হৈছে সেইগৰাকী বলাৰ । জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন ।

Stats: Five high-profile bowlers and their bunnies
Stats: Five high-profile bowlers and their bunnies

নিউজ ডেস্ক, ৭ এপ্ৰিলঃ ক্ৰিকেটৰ খেলপথাৰত আপুনি দেখিছে বহু খেলুৱৈ । ২২ গজৰ ক্ৰিকেটৰ মৈদানত আপোনাৰ আছে বহু পছন্দৰ খেলুৱৈ । কিন্তু আপুনি জাননে এনে কিছুমান বলাৰ আছে যিয়ে কোনো এজন বেটছমেনৰ বিৰুদ্ধে খেলিবলৈ অধিক পচন্দ কৰে । এজন বেটছমেনক অত্যাধিক বাৰ এজন বলাৰে আউট কৰিবলৈ সক্ষম হোৱা ঘটনাক ক্ৰিকেটৰ ভাষাত কোৱা হয় বানি (Bunny) । এনে ৫ গৰাকী "Bunny" খেলুৱৈ বিষয়ে জানো আহক-

১. গ্লেন মেগ্ৰাথ বনাম মাইক আৰ্থাটন

বিশ্ব ক্ৰিকেটৰ আটাইতকৈ বিধ্বংসী বলাৰৰ ভিতৰত অন্যতম আছিল প্ৰাক্তন অষ্ট্ৰেলিয়াৰ বলাৰ গ্লেন মেগ্ৰাথ । বহু খেলুৱৈৰ বাবে ত্ৰাসৰ সৃষ্টি কাৰি মেগ্ৰাথ হৈছে ইংলেণ্ডৰ মাইক আৰ্থটনৰ বাবেও ত্ৰাসৰ কাৰণ । আৰ্থটন মেগ্ৰাথৰ বিৰুদ্ধে টেষ্ট, এদিনীয়া সহ মুঠ ১৭ খন মেচত মুখামুখি হৈছে । ইয়াৰ ভিতৰত ১৯ বাৰ মেগ্ৰাথৰ বলত পেভিলিয়নমুখী হৈছে খেলুৱৈগৰাকী । আৰ্থটনৰ বিৰুদ্ধে মেগ্ৰাথৰ উইকেট লোৱা অনুপাত হৈছে প্ৰত্যেক মেচত ১ টাত কৈ অধিক উইকেটত । ক্ৰিকেটৰ ইতিহাসত কোনো খেলুৱৈৰ বিৰুদ্ধে এইটো হৈছে আটাইতকৈ শ্ৰেষ্ঠ অনুপাত । মেগ্ৰাথৰ বিৰুদ্ধে আৰ্থটনৰ গড় ৰান হৈছে ৯.৮৯ ।

গ্লেন মেগ্ৰাথ বনাম মাইক আৰ্থাটন
গ্লেন মেগ্ৰাথ বনাম মাইক আৰ্থাটন

২. ডেল ষ্টেইন বনাম মহম্মদ হাফিজ

দক্ষিণ আফ্ৰিকা তথা বিশ্ব ক্ৰিকেটৰ দ্ৰুততম বলাৰ ডেল ষ্টেইন আৰু পাকিস্তানৰ মহম্মদ হাফিজৰ মাজত বেট বলৰ যুদ্ধ আৰম্ভ হৈছিল ২০০৭ চনৰ কেপ টাউন টেষ্টত । হাফিজে ২৮ বাৰৰ বাবে মুখামুখি হৈছে ষ্টেইনৰ । ইয়াৰে ১৫ বাৰ ষ্টেইনৰ চিকাৰ হৈছে হাফিজ । সাত বাৰ উইকেটৰ কীপাৰ আৰু শ্লীপৰ হাতত আউট হোৱাৰ বিপৰতীতে বাকী বোৰ ইনিংছত দহকৰ ঘৰৰ তলত আউট হৈছে পাকিস্তানৰ ক্ৰিকেটাৰগৰাকী । ২০১৩ চনত হাফিজক ১০ বাৰ আউট কৰি এটা বৰ্ষত আইটাইতকৈ বেছি আউট কৰা বলাৰৰ কৃতিত্ব লাভ কৰিছিল ষ্টেইনে ।

ডেল ষ্টেইন বনাম মহম্মদ হাফিজ
ডেল ষ্টেইন বনাম মহম্মদ হাফিজ

৩. হৰভজন সিং বনাম ৰিকী পণ্টিং

ভাৰতৰ অফ স্পিনাৰ হৰভজন সিঙৰ অষ্ট্ৰেলিয়াৰ অধিনায়ক ৰিকী পণ্টিঙৰ বিৰুদ্ধে আছে দুৰ্দান্ত প্ৰদৰ্শন । ২০০১ ৰ টেষ্ট শৃংখলাত দেখা পোৱা গৈছিল দুয়ো খেলুৱৈৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা । বিশ্বৰ আগশাৰীৰ বেটছমেনগৰাকীৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছিল হৰভজন । তিনিখন মেচৰ টেষ্ট শৃংখলাত ৫ বাৰৰ বাবে বেটিঙৰ সুযোগ লাভ কৰিছিল পণ্টিঙে । প্ৰত্যেক বাৰেই হৰভজনৰ ফিৰ্কিৰ জালত পৰিছিল অধিনায়কগৰাকী । তিনিখন মেচৰ শৃংখলাত পণ্টিঙে ০,৬,০,০, ১১ ৰান কৰি আউট হ'বলগীয়া হৈছিল । হৰভজনে ১৪ খন মেচত ১০ বাৰৰ বাবে পণ্টিঙৰ উইকেট লাভ কৰিবলৈ সক্ষম হৈছে । কোনো অষ্ট্ৰেলিয়ান খেলুৱৈৰ বিৰুদ্ধে আটাইতকৈ বেছি উইকেট লোৱা এইয়া এক অভিলেখ ।

হৰভজন সিং বনাম ৰিকী পণ্টিং
হৰভজন সিং বনাম ৰিকী পণ্টিং

৪. জাহিৰ খান বনাম গ্ৰেম স্মিথ

দক্ষিণ আফ্ৰিকাৰ মহাতম বেটছমেনৰ ভিতৰত অন্যতম নাম হৈছে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক গ্ৰেম স্মিথ । বিশ্ব ক্ৰিকেটত বহু বলাৰৰ মূৰৰ কামোৰণি হৈছে স্মিথ । কিন্তু ভাৰতৰ জাহিৰ খানৰ বিৰুদ্ধে এই পৰিসংখ্যা কিছু ব্যতিক্ৰম তথা ওলোটা । স্মিথৰ বাবে হে মূৰৰ কামোৰণি আছিল জাহিৰ খান । টেষ্ট, এদিনীয়া, টি-২০ সহ মুঠ ১৪ বাৰৰ (৬ বাৰ এদিনীয়া, ৭ বাৰ টেষ্ট, ১ বাৰ টি-২০ ) বাবে জাহিৰৰ বলত ধৰাশায়ী হৈছে স্মিথ । ইয়াৰে ৮ বাৰ জাহিৰে ফিল্ডাৰৰ অবিহনেই বল্ড অথবা এলবিডাব্লিউৰে স্মিথৰ উইকেট দখল কৰিবলৈ সক্ষম হৈছে ।

জাহিৰ খান বনাম গ্ৰেম স্মিথ
জাহিৰ খান বনাম গ্ৰেম স্মিথ

৫. টিম ছাউদি বনাম বিৰাট কোহলি

বৰ্তমানেও ক্ৰিকেট খেলি থকা খেলুৱৈৰ বেট-বলৰ মাজত হোৱা তীব্ৰ প্ৰতিদ্বন্দিতাত নাম সন্নিৱিষ্ট আছে টিম ছাউদি আৰু বিৰাট কোহলিৰ । বিশ্বত এদিনীয়া ক্ৰিকেটৰ ৰান মেচিন নামে খ্যাত বিৰাটৰ আছে নিউজিলেণ্ডৰ বলাৰগৰাকীৰ বিৰুদ্ধে কিছু দুৰ্বলতা । ১৯ অনুৰ্ধ্ব ক্ৰিকেটৰ পৰাই এই যুঁজ চলি আহিছে । কোহলিক বৰ্তমানলৈকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১০ বাৰৰ বাবে আউট কৰিবলৈ সক্ষম হৈছে ছাউদিয়ে । এই সংখ্যা আগন্তুক সময়তো বৃদ্ধি হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে । টেষ্টত ৩ বাৰ, এদিনীয়াত ৬ বাৰ আৰু টি-২০ ত ১ বাৰ ছাউদিৰ বলত পেভিলিয়নমুখী হৈছে বিৰাট । আটাইতকৈ বেছি আউট কৰা ছাউদিৰ তালিকাত বিৰাট হৈছে দ্বিতীয় খেলুৱৈ । শ্ৰীলংকাৰ ডিমুথ কৰুণাৰাত্নেক সৰ্বাধিক বাৰ আউট কৰিবলৈ সক্ষম হৈছে ছাউদিয়ে ।

টিম ছাউদি বনাম বিৰাট কোহলি
টিম ছাউদি বনাম বিৰাট কোহলি

লগতে চাওক- 5000 পৰিয়াললৈ খাদ্য সামগ্ৰী প্ৰদানৰ ঘোষণা হৰভজন সিঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.