ETV Bharat / bharat

অমৰনাথ যাত্ৰা সন্দৰ্ভত অনুষ্ঠিত বিশেষ বৈঠক

author img

By

Published : Jul 21, 2020, 6:50 PM IST

জম্মু-কাশ্মীৰৰ আৰক্ষীৰ শীৰ্ষ বিষয়ববীয়া আৰু শ্ৰী অমৰনাথ শ্ৰাইন বোৰ্ডৰ অধ্যক্ষ বিপুল পাঠকৰ উপস্থিত মঙলবাৰে অনুষ্ঠিত হ'ব এখন বিশেষ বৈঠক । য'ত চলিত বৰ্ষৰ অমৰনাথ যাত্ৰা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি আশা কৰা হৈছে ।

 অমৰনাথ যাত্ৰা
অমৰনাথ যাত্ৰা

নিউজ ডেস্ক, ২১ জুলাইঃ জম্মু-কাশ্মীৰৰ প্ৰশাসনে মঙলবাৰে অনুষ্ঠিত হ'ব এখন বিশেষ বৈঠক । এই বৈঠকতে চলিত বৰ্ষৰ অমৰনাথ যাত্ৰা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে প্ৰশাসনে ।

আনহাতে, এই বৈঠকত আৰক্ষীৰ শীৰ্ষ বিষয়ববীয়াসকলৰ উপৰিও উপস্থিত থাকিব শ্ৰী অমৰনাথ শ্ৰাইন বোৰ্ডৰ অধ্যক্ষ বিপুল পাঠক । শ্ৰী অমৰনাথ শ্ৰাইন বোৰ্ডে অমৰ নাথ যাত্ৰা আৰম্ভ কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও প্ৰশাসনৰ সৈতে এই সম্পৰ্কত মত বিভেদ হোৱাৰ বাবেই বৰ্তমানেও অমৰনাথ যাত্ৰাৰ কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই । তাৰোপৰি জম্মু-কাশ্মীৰৰ প্ৰধান সচিব ৰোহিত কানছালে অমৰনাথ যাত্ৰাৰ নিৰ্ণয় কেৱল বোৰ্ডৰ বৈঠকতে লোৱা হ'ব বুলি মত ব্যক্ত কৰে ।

আনহাতে, গোপন সূত্ৰৰ খবৰ অনুসৰি শ্ৰী অমৰনাথ শ্ৰাইন বোৰ্ডে জুলাইৰ অন্তিম সপ্তাহত অমৰনাথ যাত্ৰা আৰম্ভ কৰাৰ বিপৰীতে তিনি আগষ্ট তথা ৰাখি বন্ধনৰ দিনাই এই যাত্ৰা সমাপ্ত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে । এই যাত্ৰাৰ বাবে ৫৫ বছৰীয়া তীৰ্থযাত্ৰীকহে অনুমতি প্ৰদান কৰাৰ উপৰিও যাত্ৰাত অংশ লোৱাৰ পূৰ্বে COVID-19 ৰ নিগেটিভ প্ৰমাণ পত্ৰ লৈ যোৱাটো বাধ্যতামূলক বুলি উল্লেখ কৰে ।

উল্লেখ্য যে, ৪২ দিনীয়া এই যাত্ৰা ২৩ জুনৰ পৰা অনন্তনাগেৰ পাহলগাম আৰু গেণ্ডাৰৱালৰ বাল্টাল পৰা দুখন ট্ৰাকৰ জৰিয়তে আৰম্ভ হোৱা কথা আছিল যদিও মহামাৰী COVID-19ৰ সংক্ৰমণৰ বাবেই স্থগিত কৰা হয় ।

লগতে পঢ়ক : ১১০ দিনৰ অতিক্ৰমঃ পলাতক তবলিগী জামাতৰ নেতা মৌলানা ছাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.